ETV Bharat / bharat

GDP growth of India : পূৰ্বাভাসক ওফৰাই দেশৰ জিডিপি ৭.২ শতাংশ বৃদ্ধি - private final consumption

ভাৰতৰ অস্থায়ী জিডিপি বৃদ্ধিয়ে দেখুৱাইছে যে বাহ্যিক প্ৰত্যাহ্বান সত্ত্বেও ভাৰতৰ অৰ্থনীতি পুনৰুদ্ধাৰৰ পথত আছে (GDP growth of India) । এই প্ৰত্যাহ্বানবোৰৰ ভিতৰত আছে ইউৰোপত ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ প্ৰতিকূল অৰ্থনৈতিক প্ৰভাৱ ।

GDP growth of India
GDP growth of India
author img

By

Published : Jun 1, 2023, 5:42 PM IST

নিউজ ডেস্ক, ১ জুন : বিগত বিত্তীয় বৰ্ষত (এপ্ৰিল ২০২২-ৰ পৰা মাৰ্চ ২০২৩) ভাৰতৰ অস্থায়ী জিডিপি বৃদ্ধি (provisional GDP growth of India) বহু বিশেষজ্ঞৰ বাবে এক ইতিবাচক আশ্চৰ্যৰ বিষয় হৈ পৰিছে । কিয়নো তেওঁলোকে এই বৃদ্ধি প্ৰায় ৭ শতাংশ বা তাৰ তলত হ'ব বুলি ভৱিষ্যদ্বাণী কৰিছিল । ইয়াৰ অৰ্থ হৈছে যে ইউৰোপত ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ বিৰূপ অৰ্থনৈতিক প্ৰভাৱকে ধৰি বাহ্যিক প্ৰত্যাহ্বান সত্ত্বেও মহামাৰীৰ নেতিবাচক প্ৰভাৱ হ্ৰাস হোৱাৰ বাবে ভাৰতৰ অৰ্থনীতি পুনৰুদ্ধাৰৰ পথত আছে (2023 FY GDP growth of India) ।

ইয়াৰ পৰা এইটো অনুমান কৰিব পাৰি যে প্ৰত্যাশিত বৃদ্ধিতকৈ এই প্ৰদৰ্শন ভাল হৈছে মুখ্যত বিত্তীয় বৰ্ষৰ চতুৰ্থ ত্ৰৈমাসিকত (জানুৱাৰী-মাৰ্চ, ২০২৩) উচ্চ ৰপ্তানি আৰু কম আমদানিৰ বাবে । যাৰ ফলত চতুৰ্থ ত্ৰৈমাসিকত জিডিপি বৃদ্ধি বজাৰৰ আশাতকৈ ৬.১ শতাংশতকৈ অধিক হোৱাত সহায় কৰিছিল ।

ইণ্ডিয়া ৰেটিংছ এণ্ড ৰিছাৰ্চৰ (India Ratings and Research) মুখ্য অৰ্থনীতিবিদ সুনীল সিনহাৰ মতে, বিগত বিত্তীয় বৰ্ষত দুৰ্বল ব্যক্তিগত চূড়ান্ত ব্যৱহাৰ (private final consumption) এটা সমস্যা আছিল । সিনহাই ইটিভি ভাৰতক এক বিবৃতিত কয়, "২০২৩ বিত্তীয় বৰ্ষৰ চতুৰ্থ ত্ৰৈমাসিকত পিএফচিই বৃদ্ধিত (PFCE growth) একেটা কথা পুনৰ প্ৰতিফলিত হৈছে, যিটো মাত্ৰ ২.৮ শতাংশত হৈছিল । ২০২০ বিত্তীয় বৰ্ষৰ চতুৰ্থ ত্ৰৈমাসিকৰ পিছত এয়া আছিল দ্বিতীয় সৰ্বনিম্ন বৃদ্ধি ।"

সিনহাৰ মতে, মুদ্ৰাস্ফীতি হ্ৰাস হোৱাৰ লগতে ব্যক্তিগত চূড়ান্ত ব্যৱহাৰ বৃদ্ধিয়ে কিছু গতি লাভ কৰিব বুলি আশা কৰা হৈছে । "কিন্তু বৰ্তমানৰ ব্যৱহাৰৰ চাহিদা উচ্চ উপাৰ্জনৰ শ্ৰেণীত পৰা পৰিয়ালবোৰে ব্যৱহাৰ কৰা সামগ্ৰী আৰু সেৱাৰ হিচাপত যথেষ্ট বেয়া । সেয়েহে এক বিস্তৃত ভিত্তিক ব্যৱহাৰৰ পুনৰুদ্ধাৰ কৰাটো এতিয়াও কিছু দূৰৈত আছে ।" অৰ্থনীতিবিদজনে লগতে কয় ।

আনহাতে, চাহিদাৰ দিশত চাবলৈ গ'লে ২০২৩ বৰ্ষৰ চতুৰ্থ ত্ৰৈমাসিকত মুঠ স্থিৰ মূলধন গঠন (gross fixed capital formation, GFCF)আৰু ৰপ্তানিত যথেষ্ট ভাল বিকাশ দেখা গৈছে । চৰকাৰী চূড়ান্ত ব্যৱহাৰ ব্যয়ত (Government final consumption expenditure, GFCE) ২০২৩ বিত্তীয় বৰ্ষৰ চতুৰ্থ ত্ৰৈমাসিকত (4QFY23) ২.৩ শতাংশৰ অতি কম একক অংকৰ বৃদ্ধি নথিভুক্ত কৰা হৈছিল । কিন্তু সেয়া মুখ্যত ২০২২ বিত্তীয় বৰ্ষৰ চতুৰ্থ ত্ৰৈমাসিকৰ উচ্চ ভিত্তিৰ বাবে হৈছিল ।

ৰেটিং সংস্থাটোৰ মতে, 4QFY23-ত GFCF-ত ৮.৯ শতাংশ y-o-y আৰু ২০২৩ বিত্তীয় বৰ্ষত ১১.৪ শতাংশ y-o-y-ৰ উন্নত বৃদ্ধিয়ে কেপেক্সৰ ওপৰত চৰকাৰৰ নিৰন্তৰ মনোযোগ প্ৰতিফলিত কৰে । সিনহাই কয় যে ২০২৩ বিত্তীয় বৰ্ষত ১১.৪ শতাংশ বৃদ্ধি অতি আনন্দজনক । কিয়নো এই বৃদ্ধি ২০২২ বিত্তীয় বৰ্ষৰ উচ্চ আধাৰত আহিছিল । যাৰ দ্বাৰা GFCF ১৪.৬ শতাংশ y-o-y বৃদ্ধি পাইছিল ।

তেওঁ লগতে কয়, "কৰ্পোৰেট খণ্ডৰ মূলধন ব্যয়ৰ অনুপস্থিতিতো ই বৰ্তমানৰ জিডিপিৰ পুনৰুদ্ধাৰক প্ৰয়োজনীয় সমৰ্থন প্ৰদান কৰাটো নিঃসন্দেহে এক ভাল কথা । কিন্তু ইণ্ডিয়া ৰেটিংছে বিশ্বাস কৰে যে ব্যক্তিগত কৰ্পোৰেট খণ্ডৰ মূলধন ব্যয়ৰ ভাৰতীয় অৰ্থনীতিৰ পুনৰুজ্জীৱিতকৰণৰ বাবে এক বহনক্ষম বিকাশ আৰু পুনৰুদ্ধাৰ অতি আৱশ্যক ।"

বিগত বিত্তীয় বৰ্ষৰ আন এক উৎসাহজনক বৈশিষ্ট্য হৈছে ৰপ্তানি, যিয়ে বিশ্বজুৰি মন্দাৱস্থা সত্ত্বেও চতুৰ্থ ত্ৰৈমাসিকত প্ৰায় ১২ শতাংশ আৰু বছৰটোত ১৩.৬ শতাংশ বৃদ্ধি দেখুৱাইছে । ২০২১-২২ বিত্তীয় বৰ্ষত ৰপ্তানি বৃদ্ধি ২৪.৩ শতাংশ বুলি অনুমান কৰা হৈছিল । অৱশ্যে বিশ্বজুৰি বিকাশৰ মন্দাৱস্থাৰ বাবে ই আগবাঢ়ি যোৱাটো বাহাল ৰাখিব নোৱাৰিলে । শেহতীয়া মাহিলি ৰপ্তানিৰ তথ্যই ইয়াৰ ইংগিত দিছে ।

যোগানৰ দিশত চতুৰ্থ ত্ৰৈমাসিকত বছৰি ৫.৫ শতাংশ বৃদ্ধি হৈছে । আনহাতে, বাৰ্ষিক বৃদ্ধি ৪ শতাংশ পূৰ্বানুমান কৰা হৈছে, যিটো পূৰ্বৰ বিত্তীয় বৰ্ষত ৩.৩ শতাংশ আছিল ।

যদিও চতুৰ্থ ত্ৰৈমাসিকত ঔদ্যোগিক খণ্ডৰ বিকাশ ৬.৩ শতাংশ হৈছে, ২০২২-২৩ বিত্তীয় বৰ্ষত সামগ্ৰিকভাৱে ৪.৪ শতাংশ বৃদ্ধি হৈছে । কিন্তু উৎপাদন খণ্ডত চতুৰ্থ ত্ৰৈমাসিকত ৪.৫ শতাংশৰ সামান্য বৃদ্ধি নথিভুক্ত কৰা হয় । কিন্তু বছৰটোৰ সামগ্ৰিক বিকাশ মাত্ৰ ১.৩ শতাংশ আছিল । অন্যান্য খণ্ডবোৰৰ ভিতৰত উদ্যোগ নিৰ্মাণ আৰু বিদ্যুতে ভাল প্ৰদৰ্শন কৰিছিল ।

জিডিপিৰ তথ্য অনুসৰি, দেশৰ জিডিপিৰ সৰ্ববৃহৎ উপাদান সেৱা খণ্ডই ২০২৩ বিত্তীয় বৰ্ষত ৬.৯ শতাংশ y-o-y আৰু ২০২২-২৩ বিত্তীয় বৰ্ষত 9.5 শতাংশ y-o-y-ত বৃদ্ধি হৈছে ।

বিত্তীয়, ৰিয়েল ইষ্টেট আৰু পেছাদাৰী সেৱাবোৰে চতুৰ্থ ত্ৰৈমাসিকত আৰু সামগ্ৰিকভাৱে বিত্তীয় বৰ্ষটোৰ বাবেও ৭.১ শতাংশ বৃদ্ধি লাভ কৰিছে । সুনীলে কয় যে বিশ্বজুৰি মন্দাৱস্থা সত্ত্বেও, ২০২২-২৩ বিত্তীয় বৰ্ষত প্ৰত্যক্ষ কৰা বিকাশৰ গতি ভাৰতীয় অৰ্থনীতিৰ স্থিতিস্থাপকতাৰ পৰিচায়ক ।

অৱশ্যে, যেতিয়ালৈকে PFCE সম্পূৰ্ণৰূপে পুনৰুদ্ধাৰ নহয় আৰু বিস্তৃত ভিত্তিক নহয়, তেতিয়ালৈকে আগন্তুক পথ সহজ নহ'ব বুলিও অৰ্থনীতিবিদজনে কয় । ইয়াৰ মাজতো অৱশ্যে উচ্চ মুদ্ৰাস্ফীতিৰ বাবে বিগত বিত্তীয় বৰ্ষৰ কেইটামান মাহত প্ৰকৃত মজুৰি বৃদ্ধি প্ৰায় স্থবিৰ হৈ পৰিছিল বা কোনো ক্ষেত্ৰত ঋণাত্মক হৈ পৰিছিল । যিটো অৱশ্যে ৰিজাৰ্ভ বেঙ্কৰ দৃঢ় মুদ্ৰা নীতিৰ বাবে অলপতে প্ৰশমিত হোৱা আৰম্ভ কৰিছে ।

তেওঁৰ মতে, যিহেতু ব্যৱহাৰৰ চাহিদাৰ বেছিভাগ বৃদ্ধি ঘৰুৱা খণ্ডৰ মজুৰি বৃদ্ধিৰ দ্বাৰা চালিত হয়, তেওঁলোকৰ মজুৰি বৃদ্ধি পুনৰুদ্ধাৰ এক বহনক্ষম অৰ্থনৈতিক পুনৰুদ্ধাৰৰ বাবে অতি অত্যাৱশ্যকীয় । শেহতীয়া প্ৰতিবেদনত বিশ্বজনীন অৰ্থনৈতিক থিংক টেংক অক্সফ'ৰ্ড ইকনমিক্সেও ভাৰতকে ধৰি উদীয়মান এছিয়াৰ অৰ্থনীতিবোৰত হ্ৰাস হোৱা অৰ্থনৈতিক বিকাশৰ দিশটোও দেখুৱাইছে ।

লগতে পঢ়ক :Filing your IT return : আয়কৰ ৰিটাৰ্ণৰ ক্ষেত্ৰত কি কি সাৱধানতা ল'ব ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.