ETV Bharat / bharat

মিজোৰাম বিজেপি প্ৰদেশৰ তত্বাবধায়ক শ্ৰী মনলুম্ কিকনৰ সৈতে ইটিভি ভাৰতৰ আছুতীয়া সাক্ষাৎকাৰ

author img

By

Published : Dec 11, 2020, 9:47 PM IST

মিজোৰামৰ বিজেপি প্ৰদেশৰ তত্বাবধায়কৰ দায়িত্ব প্ৰদান শ্ৰী মনলুম্ কিকনক ৷ দায়িত্ব গ্ৰহণ কৰিয়ে মিজোৰাম ভ্ৰমণ নেতা গৰাকীৰ ৷ ইটিভি ভাৰতৰ সৈতে হোৱা আছুতীয়া সাক্ষাৎকাৰত জনালো বহুতো গুৰুত্বপূৰ্ণ কথা ৷

Exclusive Interview With ETV Bharat incharge of BJP Mizoram Pradesh
মিজোৰাম বিজেপি প্ৰদেশৰ তত্বাবধায়ক শ্ৰী মনলুম্ কিকনৰ সৈতে ইটিভি ভাৰতৰ আছুতীয়া সাক্ষাৎকাৰ

মিজোৰাম, 11 ডিচেম্বৰ : বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ তথা নাগালেণ্ড চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিজ্ঞান বিভাগৰ পৰামৰ্শদাতাকাৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা শ্ৰী মনলুম্ কিকন শেহতীয়াকৈ মিজোৰামৰ বিজেপি প্ৰদেশৰ তত্বাবধায়কৰ দায়িত্ব অৰ্পন কৰা হৈছে ৷ দায়িত্ব গ্ৰহণ কৰিয়ে শ্ৰী কিকন মিজোৰাম ভ্ৰমণ কৰি ৰাজ্যখনৰ মামিত জিলাৰ বিজেপিৰ মুখ্য কাৰ্যালয়ত উপস্থিত হয় ৷ কাৰ্যালয়ত উপস্থিত হৈ নেতা গৰাকীয়ে সাম্প্ৰতিক ৰাজনীতি প্ৰংসগত বহুতো গুৰুত্বপূৰ্ণ মন্তব্য কৰাৰ লগতে ইটিভি ভাৰতৰ সৈতে এক আছুতীয়া সাক্ষাৎকাৰত মিলিত হয় ৷

1. যদিও আপুনি এগৰাকী যুৱ নেতা, কিন্তু কম সময়তে আপুনি ৰাষ্ট্ৰীয় ৰাজনীতিত অংশগ্ৰহণ কৰিব পাৰিছে ৷ আপোনাৰ দললৈ যুৱক সকলক আকৰ্ষিত কৰাটো দলৰ কিবা নীতি নেকি?

উত্তৰঃ বিজেপিয়ে সদাই যুৱক সকলক আগবঢ়াই নিব বিচাৰে ৷ যদিওবা কেন্দ্ৰ আৰু বিজেপিৰ চৰকাৰ থকা ৰাজ্যসমূহত বহুতো অভিজ্ঞ নেতা আছে তথাপিও বিজেপিয়ে সদাই যুৱ প্ৰজন্মক একেলগ কৰি আগবাঢ়ি যাব বিচাৰে ৷ সেই ক্ষেত্ৰত বিজেপিয়ে উত্তৰ-পূৰ্বাঞ্চলক এক বিশেষ গুৰুত্ব প্ৰদান কৰিছে ৷ উত্তৰ-পূৰ্বাঞ্চলৰ যুৱ প্ৰজন্মক আগবঢ়াই নিবলৈ দলটোৱে যৎপৰোনাস্তি চেষ্টা চলাইছে ৷

লগতে পঢ়ক : শ্বহীদ দিৱসৰ দিনটোতেই কা বিৰোধী শ্ল'গানেৰে উত্তাল মুখ্যমন্ত্ৰীৰ গৃহ চহৰ

2. মিজোৰামৰ দুজন সাংসদে সংসদত চৰকাৰী পক্ষৰ আসন অলংকৃত কৰিছে ৷ কিন্তু মিজোৰামৰ বিজেপি বিধায়ক ডঃ বি ডি চাকমা চৰকাৰী পক্ষৰ আসন অলংকৃত কৰা নায় ৷ এই ক্ষেত্ৰত আপুনি কি কব বিচাৰে ?

উত্তৰঃ এইটো আশ্চৰ্যকৰ বিষয় যে, ডাঃ বি ডি চাকমা মিজোৰাম বিধানসভাৰ বিৰোধী পক্ষৰ আসন অলংকৃত কৰিছে ৷ কিন্তু বিজেপিয়ে সদাই মহাজোঁট বন্ধন আৰু প্ৰতিশ্ৰুতিৰ ওপৰত আস্থা ৰাখে ৷ কিয়নো বিহাৰৰ নীতিশ কুমাৰ বৰ্তমান এন ডি এ চৰকাৰৰ এখন চিনাকী মুখ কিন্তু নীতিশ কুমাৰ বিজেপি দলৰ প্ৰক্ষেপিত প্ৰাৰ্থী নহয় ৷ ইফালে, বিহাৰ নিৰ্বাচনত যদিও বিজেপিয়ে জে ডি ইউ দলতকৈ গৰিষ্ঠ সংখ্যক আসন দখল লাভ কৰিবলৈ সক্ষম হৈছিল কিন্তু বিজেপিয়ে নিৰ্বাচনৰ প্ৰাকমূহুৰ্তত কৰা প্ৰতিশ্ৰুতি পূৰণত বেছি গুৰুত্ব প্ৰদান কৰিছে ৷ ইয়াৰ উপৰিও, নেতা গৰাকীয়ে কয় যে, মিজোৰামত এম এন এফ, এন ডি য়ে আৰু নেডাৰ মহাজোঁট বন্ধন আছে গতিকে লোকসভা আৰু ৰাজ্যসভাত চৰকাৰী পক্ষৰ অংশীদাৰ হ'ব পাৰিব ৷ সেই ক্ষেত্ৰত আমাৰ দলে প্ৰতিশ্ৰুতি পূৰণ কৰাৰ পিচত আমাৰ আশা আছিল যে, বিধায়ক বি ডি চাকমাই চৰকাৰী পক্ষৰ আসন অলংকৃত কৰাটো ৷ সেই ক্ষেত্ৰত মই অনুভৱ কৰো যে, বি ডি চাকমাৰ সিদ্ধান্ত সম্পূৰ্ণ এম এন এফ দলৰ সিদ্ধান্ত ৷

3. মিজোৰামৰ মামিত জিলাৰ মুখ্য কাৰ্যালয়লৈ অহাৰ আপোনাৰ উদ্দেশ্য কি ?

উত্তৰঃ মিজোৰামৰ মুখ্য কাৰ্যালয়লৈ অহাৰ কোনো বিশেষ কাৰণ নায় ৷ মামিত জিলাখন ৰাজ্যখনৰ এখন আগশাৰীৰ জিলা ৷ অক্টোবৰত নীতি আয়োগৰ মূল্যায়ংকনত মামিত জিলাখনে শীৰ্ষস্থান দখল কৰিছে ৷ জিলাখনত বিজেপিয়ে নিজৰ স্থিতি বৃদ্ধি কৰিবলৈ চেষ্টা চলাই আছে যদিও বিগত নিৰ্বাচনত বিজেপিয়ে তৃতীয় স্থান দখল কৰিবলৈ সক্ষম হৈছিল ৷ কিন্তু পূৰ্বৰ তুলনাত জিলাখনত আমাৰ ভোটৰ সংখ্যা বৃদ্ধি পাইছে ৷ দলীয় নেতা তথা কৰ্মীসকলে ভোট বৃদ্ধি কৰিবলৈ চেষ্টা কৰি আহিছে ৷ ইয়াৰ লগতে, আমি জিলাখনত বিজেপিৰ কাৰ্যালয় নিৰ্মাণ কৰিবলৈ নতুন ঠাইৰ সন্ধানত আছো ৷

লগতে পঢ়ক : কা বাতিলৰ দাবীত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদী সমদল

4. শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে গৃহীত কৰা কৃষি আইন সন্দৰ্ভত আপোনাৰ মন্তব্য কি ? এই আইন কেইখনে কেনেকৈ উত্তৰ-পূৰ্বাঞ্চল বিশেষকৈ মিজোৰামৰ কৃষকৰ বিকাশ কৰিব ?

উত্তৰঃ ইউ পি এ চৰকাৰে ভাৰতবৰ্ষৰ কৃষি ক্ষেত্ৰৰ সংস্কাৰৰ বাবে সংসদত বিভিন্ন ধৰণৰ কৃষি বিল উত্থাপন কৰিছিল কিন্তু প্ৰকৃতাৰ্থত তেওঁলোকে কৃষি বিল গৃহীত কৰাত ব্যৰ্থ হৈছিল ৷ কিন্তু শেহতীয়াভাৱে বিজেপিৰ নেতৃত্বাধীন এন ডি এ চৰকাৰখনে সংসদত কৃষি বিল গৃহীত কৰাৰ পিচতে উত্তৰ ভাৰতৰ একাংশ কৃষকে কৃষি আইন তিনিখনৰ বিৰোধিতা কৰা পৰিলক্ষিত হৈছে ৷ মোৰ এনেকুৱা ভাৱ হৈছে যে, যিসকল কৃষকে কৃষি আইনৰ বিৰোধিতা কৰিছে তেওঁলোকে হয়তো আইন তিনিখন ভালকৈ বুজি উঠা নায় ৷ লগতে, একাংশ বিৰোধী দলৰ দ্বাৰা প্ৰভাৱিত হৈয়ো তেওঁলোকে কৃষি আইনৰ বিৰোধিতা কৰিছে ৷ কিন্তু ইয়াৰ লগতে এইটোৱে সত্য যে, এই আইন তিনিখনক দেশৰ বহুতো কৃষকে সমৰ্থন কৰিছে ৷ এই আইনৰ তিনিখনৰ দ্বাৰা কৃষক আৰু বজাৰৰ মধ্যভোগীৰ অৱসান ঘটিব বুলিও উল্লেখ কৰে ৷ কিছু সংখ্যক লোকে এই আইন তিনিখনে কৃষকৰ এম এছ পিক আঁতৰোৱা হ'ব বুলি অপপ্ৰচাৰ চলাইছে কিন্তু প্ৰকৃতাৰ্থত এইটো সত্য নহয় ৷ চৰকাৰে বিধেয়ক গৃহীত হোৱাৰ পিচতে এম এছ পি বৃদ্ধি আৰু মাণ্ডি কৰ আঁতৰ কৰা নহ'ব বুলি মন্তব্য কৰে ৷

লগতে পঢ়ক : শিৱসাগৰত চিকিৎসকৰ অৱস্থান ধৰ্মঘট

একেদৰে, জৈৱিক কৃষিৰ ক্ষেত্ৰত এইটো স্পষ্ট যে, কৃষকৰ এম এছ পি কৃষকে লাভ কৰিব আৰু যদিহে তেওঁলোকে কিবা কাৰণত লাভ নকৰে তেতিয়াহলে চুক্তি কৰা প্ৰতিষ্ঠানবোৰৰ বিৰুদ্ধে নিজৰ প্ৰাপ্য বিচাৰি আদালতৰ দ্বাৰস্থ হ'ব পাৰিব ৷ আনহাতে, উত্তৰ-পূৰ্বাঞ্চলৰ জৈৱিক খেতিৰ বাবে কৃষি আইন তিনিখনে জৈৱিক বজাৰ বৃদ্ধি কৰিব আৰু কৃষক সকলে তেওঁলোকৰ পৰিশ্ৰমৰ উপযুক্ত মৰ্যদা পাব ৷ সঁচা অৰ্থত আমাৰ খেতিয়কৰ জীৱন ধাৰণৰ মান উন্নত হ'ব ৷

শেহতীয়াকৈ ৰাজস্থান, অন্ধ্ৰ প্ৰদেশ, অৰুণাচল প্ৰদেশ, তেলেংগনাৰ পঞ্চায়ত আৰু জিলা পৰিষদৰ নিৰ্বাচনত কৃষক সকলে বিজেপিক বিপুল ভোটত জয়যুক্ত কৰিছে ৷ ইয়াৰ পৰা এইটো স্পষ্ট হয় যে, গৃহীত হোৱা আইন তিনিখনে গ্ৰাম্যঞ্চলৰ কৃষকসকলক যথেষ্ট পৰিমানে সহায় কৰিব ৷

লগতে পঢ়ক : CAA বলবৎ হ'লে পুনৰ প্ৰতিবাদত বহিব জুবিন গাৰ্গ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.