ETV Bharat / bharat

কেপ্টেইন অমৰিন্দৰ সিঙে গঠন কৰিলে পঞ্জাৱ লোক কংগ্ৰেছ

author img

By

Published : Nov 2, 2021, 10:39 PM IST

কংগ্ৰেছ ত্যাগ কৰি নতুন দল গঠন কৰিলে পঞ্জাৱৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কেপ্টেইন অমৰিন্দৰ সিঙে ৷ মঙলবাৰে তেওঁৰ নতুন দলটোৰ নাম 'পঞ্জাৱ লোক কংগ্ৰেছ' বুলি ঘোষণা কৰে ৷

ex-punjab-chief-minister-captain-amarinder-singh-forms-new-political-party-punjab-lok-congress
কেপ্টেইন অমৰিন্দৰ সিঙে গঠন কৰিলে পঞ্জাৱ লোক কংগ্ৰেছ

নিউজ ডেস্ক, 2 নবেম্বৰ : কংগ্ৰেছ দল ত্যাগ কৰাৰ এমাহৰ অধিক সময় পাৰ হোৱাৰ পিছত, পঞ্জাৱৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কেপ্টেইন অমৰিন্দৰ সিঙে মঙলবাৰে তেওঁৰ নতুন দলৰ নাম ঘোষণা কৰে ৷ দলটোৰ নাম 'পঞ্জাৱ লোক কংগ্ৰেছ' বুলি তেওঁ প্ৰকাশ কৰে । দলটোৱে ইতিমধ্যে পঞ্জীয়নৰ বাবে ভাৰতৰ নিৰ্বাচন আয়োগৰ অনুমোদনৰ অপেক্ষাত আছে ৷

মঙলবাৰে ছণ্ডীগড়ত দলটোৰ নাম প্ৰকাশ কৰি কেপ্টেইন অমৰিন্দৰ সিঙে কয়, "যিহেতু আমি আগতে ঘোষণা কৰিছিলো যে আমি আমাৰ নিজৰ দল গঠন কৰিম, আমাৰ এটা উকীলৰ দলে এই প্ৰক্ৰিয়াটোত কাম কৰি আছে ৷ ইয়াৰ লগতে, দলটোৰ পঞ্জীয়নৰ বাবে ভাৰতৰ নিৰ্বাচন আয়োগৰ ওচৰত আবেদন কৰা হৈছে।"

তেওঁ লগতে কয় যে, প্ৰস্তাৱিত নামটোৰ ওপৰত নিৰ্বাচন আয়োগৰ কোনো আপত্তি নাই । দলৰ প্ৰতীক সন্দৰ্ভত কেপ্টেইন অমৰিন্দৰ সিঙে কয় যে নিৰ্বাচন আয়োগে তিনিটা চিহ্ন দিছে যাৰ মাজৰ পৰা এটা বাছনি কৰিব লাগিব ।

তেওঁ লগতে কয় যে, তেওঁৰ দলে তিনিটা পৃথক চিহ্ন দাখিল কৰিছে আৰু চূড়ান্ত প্ৰতীকটো ছয়টা চিহ্নৰ ছেটৰ পৰা বাছনি কৰা হ'ব ৷ তিনিটা নিৰ্বাচন আয়োগে পৰামৰ্শ দিছে আৰু তিনিটা দলৰ দ্বাৰা প্ৰস্তাৱিত । ইয়াৰ পিছেত দলটো আনুষ্ঠানিকভাৱে আৰম্ভ কৰা হ'ব । দলটো আৰম্ভ হোৱাৰ সময়ত দলটোৰ নীতি, কাৰ্যসূচী আৰু দৃষ্টিভংগী ৰচনা কৰা হ'ব বুলি কেপ্টেইন অমৰিন্দৰ সিঙে জানিবলৈ দিয়ে ৷

লগতে পঢ়ক : অভিলেখ সৃষ্টি কৰি দ্বিতীয়বাৰৰ বাবে ভৱানীপুৰৰ বিধায়ক হ'ল ফণী তালুকদাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.