ETV Bharat / bharat

উত্তৰ প্ৰদেশৰ প্ৰাক্তন মন্ত্ৰী অত্মাৰাম টোমৰৰ ৰহস্যজনক মৃত্যু - স্নিফাৰ ডগকো ব্যৱহাৰ

উত্তৰ প্ৰদেশৰ প্ৰাক্তন মন্ত্ৰী অত্মাৰাম টোমৰ(Atmaram Tomar)ৰ মৃত্যুক লৈ চাঞ্চল্য । শুকুৰবাৰে বাগপটস্থিত বাসগৃহত সন্দেহজনক অৱস্থাত উদ্ধাৰ হয় প্ৰাক্তন মন্ত্ৰীগৰাকীৰ মৃতদেহ । অত্মাৰাম টোমৰক হত্য়া কৰা হৈছে বুলি সন্দেহ কৰিছে আৰক্ষীয়ে ।

Former UP Minister Atmaram Tomar found dead
উত্তৰ প্ৰদেশৰ প্ৰাক্তন মন্ত্ৰী অত্মাৰাম টোমৰৰ ৰহস্যজনক মৃত্যু
author img

By

Published : Sep 10, 2021, 12:02 PM IST

নেশ্যনেল ডেস্ক, ১০ ছেপ্টেম্বৰ : উত্তৰ প্ৰদেশ(Uttar Pradesh)ৰ প্ৰাক্তন মন্ত্ৰী অত্মাৰাম টোমৰ(Atmaram Tomar)ৰ মৃতদহে ৰসহ্যজনক অৱস্থাত উদ্ধাৰ । ডিঙিত টাৱেল মেৰিয়াই থোৱা অৱস্থাত প্ৰাক্তন মন্ত্ৰীগৰাকীৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাক লৈ বৰ্তমান চাঞ্চল্যৰ সৃষ্টি হৈছে । শুকুৰবাৰে বাগপটস্থিত বাসগৃহত উদ্ধাৰ হয় অত্মাৰাম টোমৰৰ মৃতদেহ । আৰক্ষীয়ে জনোৱা মতে, বৰ্তমান ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত আছে ।

প্ৰাথমিক অনুসন্ধানৰ অন্তত আৰক্ষীয়ে এয়া এক হত্যাকাণ্ড বুলি সন্দেহ প্ৰকাশ কৰিছে । বৰ্তমান অত্মাৰাম টোমৰৰ বাসগৃহত ফৰেনচিক বিশেষজ্ঞৰ দল উপস্থিত হৈছে । স্নিফাৰ ডগকো ব্যৱহাৰ কৰা হৈছে এই তদন্ত প্ৰক্ৰিয়াত । তদন্ত প্ৰক্ৰিয়াৰ দায়িত্বত থকা এগৰাকী আৰক্ষী বিষয়াই জানিবলৈ দিয়া মতে, শুকুৰবাৰে পুৱা, টোমৰৰ চালক বিজয় তেওঁৰ বাসগৃহত উপস্থিত হৈ ড'ৰবেল বজাইছিল । কিন্তু কোনো সঁহাৰি পোৱা নাছিল ।

কোনেও দুৱাৰ নোখোলাৰ বাবে বিজয়ে কিছুসময়ৰ পিছত দুৱাৰখন ঠেলি ভিতৰলৈ সোমায় যায় ।

সেই সময়ত বাসগৃহত অত্মাৰাম টোমৰৰ পৰিয়ালৰ আন কোনো সদস্য উপস্থিত নাছিল । বাগপট জিলাৰ ছপ্ৰাউলিৰ পৰা তেওঁ বিজেপিৰ হৈ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছিল । সম্প্ৰতি, অত্মাৰাম টোমৰৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে ।

লগতে পঢ়ক:ত্ৰিপুৰাৰ বিমানবন্দৰৰ বাবে ৪৯০ কোটি টকা ঘোষণা কেন্দ্ৰীয় চৰকাৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.