ETV Bharat / bharat

Ex Militants of Tripura : ত্ৰিপুৰাত পথ অৱৰোধৰ হুংকাৰ আত্মসমৰ্পণকাৰী উগ্ৰপন্থীৰ - Tripura Chief Minister Manik Saha

ত্ৰিপুৰাৰ আত্মসমৰ্পণকাৰী উগ্ৰপন্থীৰ দুটা সংগঠন যুটীয়া কাৰ্যকৰী সমিতি আৰু যুটীয়া কাৰ্যকৰী পুনৰ্সংস্থাপন সমিতিয়ে ৮-৯ নৱেম্বৰত অসম-আগৰতলা ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰাৰ ভাবুকি দিছে (ex militants of Tripura threatened to blockade) ।

Tripura
Tripura
author img

By

Published : Oct 29, 2022, 1:50 PM IST

আগৰতলা, ২৯ অক্টোবৰ : ত্ৰিপুৰাৰ আত্মসমৰ্পণকাৰী উগ্ৰপন্থীৰ দুটা সংগঠন যুটীয়া কাৰ্যকৰী সমিতি (Joint Action Committee) আৰু যুটীয়া কাৰ্যকৰী পুনৰ্সংস্থাপন সমিতিয়ে (Joint Action Rehabilitation Committee) ৮-৯ নৱেম্বৰত অসম-আগৰতলা ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰাৰ ভাবুকি দিছে । তেওঁলোকৰ বিভিন্ন দাবী যদি চৰকাৰে পূৰণ নকৰে তেনেহ'লে এই কাৰ্যসূচী গ্ৰহণৰ ভাবুকি দিয়ে (ex militants of Tripura threatened to blockade) ।

ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ডাঃ মাণিক সাহালৈ (Tripura Chief Minister Manik Saha) লিখা এখন পত্ৰত প্ৰাক্তন উগ্ৰপন্থীয়ে কয়, "সন্মান আৰু বিনম্ৰতাৰে আমি অনুৰোধ জনাইছোঁ যে আত্মসমৰ্পণকাৰীসকলৰ কল্যাণৰ বাবে আপোনাৰ সন্মানজনক সহযোগিতা বিচাৰোঁ । এই সন্দৰ্ভত জনজাতীয় কল্যাণ বিভাগৰ মন্ত্ৰীৰ সভাপতিত্বত জনজাতীয় কল্যাণ বিভাগৰ (Tripura Tribal Welfare Department) মন্ত্ৰীৰ কাৰ্যালয়ত প্ৰশাসন আৰু আমাৰ মাজত 8 জুলাইত এখন বৈঠক অনুষ্ঠিত হৈছিল আৰু আমাৰ দাবী পূৰণ কৰাৰ বাবে কিছু প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল । কিন্তু আজিলৈকে আমি তাৰ পৰা একো ফল লাভ কৰা নাই ।"

তেওঁলোকে কয় যে দৰিদ্ৰ আত্মসমৰ্পণকাৰীসকলে তেওঁলোকৰ পৰিয়ালৰ সৈতে অতি কষ্ট আৰু অনাহাৰেৰে দিন অতিবাহিত কৰি আছে । কিয়নো তেওঁলোকৰ উপাৰ্জনৰ কোনো উৎস নাই । কাৰণ আত্মসমৰ্পণৰ পিছত তেওঁলোকে একো লাভ কৰা নাই । "... উক্ত বৈঠকৰ পিছত আমি জনজাতীয় কল্যাণ বিভাগৰ সঞ্চালকৰ কাৰ্যালয়ত আমাৰ কামখিনি আগবঢ়াবলৈ চেষ্টা কৰিছিলোঁ । কিন্তু বিষয়াসকলে আমাৰ সৈতে সহযোগিতা কৰা নাছিল । আৰু এনেদৰেই আত্মসমৰ্পণকাৰীসকলৰ বাবে দিয়া বিস্তৃত পেকেজ বা পুনৰ্সংস্থাপনৰ আঁচনিখন এক প্ৰকাৰ হতাশাত পৰিণত হৈ পৰিছে আৰু দৰিদ্ৰ আত্মসমৰ্পণকাৰীসকল বঞ্চিত হৈছে ।" আত্মসমৰ্পণকাৰীসকলে পত্ৰখনত এনেদৰে লিখিছে ।

লগতে তেওঁলোকে মুখ্যমন্ত্ৰীক এই বিষয়ত হস্তক্ষেপ কৰিবলৈ আৰু আজিৰ পৰা ৭ দিনৰ ভিতৰত তেওঁলোকৰ দাবীৰ বিষয়ে আলোচনা কৰিবলৈ মুখ্যমন্ত্ৰীৰ উপস্থিতিত প্ৰাক্তন উগ্ৰপন্থীৰ মাজত বৈঠকৰ ব্যৱস্থা কৰিবলৈও দাবী জনাইছে ।

"... অন্যথা আমি পশ্চিম ত্ৰিপুৰাৰ চম্পকনগৰ দলঙৰ অসম-আগৰতলা ৰোডত পথ অৱৰোধ আন্দোলন আৰম্ভ কৰিবলৈ বাধ্য হ'ম আৰু লগতে ৯ নৱেম্বৰত পুৱা ৬ বজাৰ পৰা জেএচি আৰু জেএআৰচিৰ দুৰ্বল আত্মসমৰ্পণকাৰীসকলে সমূহীয়া আত্মজাহৰ বাবে পদক্ষেপ আগবঢ়াম ।" পত্ৰখনত এই কথাও উল্লেখ কৰা হৈছে ।

তেওঁলোকে চৰকাৰক গাহৰি আৰু ছাগলী আঁচনি, পাৱাৰ টিলাৰ আঁচনি প্ৰদান কৰাৰ লগতে প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনিৰ অধীনত গৃহ প্ৰদান কৰিবলৈ, মুখ্যমন্ত্ৰীৰ ৰবৰ মিছন আঁচনি প্ৰদান কৰিবলৈ আৰু অমীমাংসিত আদালতৰ গোচৰ প্ৰত্যাহাৰ কৰিবলৈ দাবী জনাইছে ।

লগতে পঢ়ক :Tripura Gangrape : আৰক্ষীয়ে দলবদ্ধ ধৰ্ষণৰ উপযুক্ত অনুসন্ধান নকৰাৰ অভিযোগ কংগ্ৰেছৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.