ETV Bharat / bharat

Pulwama attack controversy : পুলৱামা আক্ৰমণ সন্দৰ্ভত শ্বেতপত্ৰৰ দাবী প্ৰাক্তন প্ৰতিৰক্ষা বিষয়াৰ

author img

By

Published : Apr 18, 2023, 10:15 PM IST

পুলৱামাৰ ঘটনা সংঘটিত হোৱাৰ আঁৰত চোৰাংচোৱাৰ বিফলতা আছিল নেকি ? কিয় জোৱানসকলক বিমানেৰে লৈ যোৱা হোৱা নাছিল ? শ্বেতপত্ৰৰ জৰিয়তে এই সকলো প্ৰশ্নৰ উত্তৰ বিচাৰিলে দেশৰ প্ৰতিৰক্ষা বিভাগৰ দুগৰাকী প্ৰাক্তন বিষয়াই (Ex officers demand white paper on Pulwama attack)। তদন্ত প্ৰতিবেদন প্ৰকাশ নকৰাক লৈ চৰকাৰক সমালোচনাও কৰে বিষয়া দুগৰাকীয়ে ।

Pulwama attack controversy
পুলৱামা আক্ৰমণ সন্দৰ্ভত শ্বেতপত্ৰৰ দাবী প্ৰাক্তন প্ৰতিৰক্ষা বিষয়াৰ

নেশ্যনেল ডেস্ক, ১৮ এপ্ৰিল : জম্মু-কাশ্মীৰৰ প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিকে পুলৱামা কাণ্ডক লৈ কৰা এক মন্তব্যই দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । ইয়াক লৈ দেশত ৰাজনীতিও আৰম্ভ হৈছে । ইয়াৰ মাজতে অৱসৰপ্ৰাপ্ত কৰ্ণেল ৰোহিত চৌধুৰী আৰু অৱসৰপ্ৰাপ্ত উইং কামাণ্ডাৰ অনুমা আচাৰ্যই পুলৱামা সন্ত্ৰাসবাদী আক্ৰমণ সন্দৰ্ভত এখন শ্বেতপত্ৰ দাবী কৰিছে (Ex defence officers demand white paper)।

দুয়োগৰাকী বিষয়াই কয় যে, চৰকাৰে পুলৱামা আক্ৰমণৰ ওপৰত এখন শ্বেতপত্ৰ প্ৰকাশ কৰিব লাগে । কেনেকৈ আক্ৰমণ সংঘটিত হৈছিল, চোৰাংচোৱাৰ বিফলতা আছিল নেকি, কিয় সৈন্যসকলক বিমানত লৈ যোৱা হোৱা নাছিল, নিৰাপত্তাৰ কি ত্ৰুটি হৈছিল, চিআৰপিএফ, এমএইচএ, এমঅ'ডি, এনএছএ, পিএমঅ'ৰ ভূমিকা, বিশেষকৈ দায়িত্বৰ বিফলতা আৰু তেওঁলোকক ঢাকি ৰখাৰ প্ৰচেষ্টা আদি বিষয় শ্বেতপত্ৰত উল্লেখ কৰিব লাগে বুলিও দুয়োগৰাকী বিষয়াই দাবী কৰে (Ex defence officers slams govt)।

উল্লেখ্য যে, ২০১৯ চনৰ ১৪ ফেব্ৰুৱাৰীত জম্মুৰ পৰা কাশ্মীৰলৈ গৈ থকা অৱস্থাত পুলৱামাত হোৱা আক্ৰমণত প্ৰায় ৪০ গৰাকী চিআৰপিএফ জোৱান নিহত হৈছিল । যি ঘটনাই সমগ্ৰ দেশকে কঁপাই গৈছিল (Pulwama attack)। ইফালে এই ঘটনাক লৈ জম্মু-কাশ্মীৰৰ প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিক শেহতীয়াকৈ এক মন্তব্য কৰাৰ পাছতে এই ঘটনাক লৈ বিতৰ্ক আৰম্ভ হৈছে (JK Ex Governor statement over Pulwama attack)।

ইয়াৰ মাজতে প্ৰাক্তন সশস্ত্ৰ বাহিনীৰ বিষয়া দুগৰাকীয়ে শেহতীয়াকৈ সত্যপাল মালিক বিস্ফোৰক মন্তব্য আৰু প্ৰাক্তন সেনা প্ৰধান জেনেৰেল শংকৰ ৰয়চৌধুৰীৰ বক্তব্যৰ উদ্ধৃতি দিয়ে আক্ৰমণটোত চোৰাংচোৱা বিফলতা হৈছে আৰু যদি সৈন্যসকলে বিমানেৰে ভ্ৰমণ কৰিলেহেঁতেন তেন্তে এই ঘটনা নহ'লহেঁতেন বুলিও উল্লেখ কৰিছে ।

অৱসৰপ্ৰাপ্ত কৰ্ণেল ৰোহিত চৌধুৰী আৰু অৱসৰপ্ৰাপ্ত উইং কামাণ্ডাৰ অনুমা আচাৰ্যই প্ৰশ্ন কৰে যে সন্ত্ৰাসবাদী আক্ৰমণৰ সতৰ্কবাণী কিয় উপেক্ষা কৰা হৈছিল ? চৰকাৰে বিমানৰ বাবে কিয় অনুমতি দিয়া নাছিল ? দুয়োগৰাকী প্ৰাক্তন সশস্ত্ৰ বাহিনীৰ বিষয়াৰ মতে পুলৱামা আক্ৰমণৰ ৪ বছৰ পাৰ হৈ গৈছে কিন্তু এতিয়ালৈ তদন্তৰ প্ৰতিবেদন অহা নাই ।

ইফালে আক্ৰমণটোত ব্যৱহৃত আৰডিএক্স ভৰ্তি বাহন সন্দৰ্ভতো তেওঁলোকে প্ৰশ্ন উত্থাপন কৰে । নিৰাপত্তাৰক্ষীৰে ভৰি থকা এটা অঞ্চলত ২০০-৩০০ কিঃগ্ৰাঃ বিস্ফোৰক সামগ্ৰী ভৰ্তি এখন বাহন কেনেকৈ চলাচল কৰি আছিল বুলিও তেওঁলোকে প্ৰশ্ন কৰে । তেওঁলোকে আশা কৰিছে যে এইবোৰ প্ৰশ্নৰ উত্তৰৰ সৈতে শ্বেতপত্ৰ শীঘ্ৰে চৰকাৰে প্ৰকাশ কৰিব ।

সশস্ত্ৰ বাহিনীৰ দুয়োগৰাকী প্ৰাক্তন বিষয়াই লগতে কয় যে পূৰ্বৰ মুম্বাই ২০১১ৰ আক্ৰমণ আৰু পাঠানকোট ২০১৬ ৰ সন্ত্ৰাসবাদী আক্ৰমণত অনুসন্ধান কৰা হৈছিল আৰু ফলাফলসমূহ ৰাজহুৱা কৰা হৈছিল । সত্য প্ৰতিষ্ঠা, দায়বদ্ধতা নিৰ্ধাৰণ আৰু ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তা শক্তিশালী কৰাৰ বাবে এইটো অত্যাৱশ্যকীয় আছিল । পুলৱামাতো এই গুৰুতৰ প্ৰশ্নবোৰৰ সমাধান উলিয়াব লাগে বুলিও চৰকাৰৰ ভূমিকাক লৈ তেওঁলোকে উদ্বেগ প্ৰকাশ কৰে ।

লগতে পঢ়ক :Satyapal Malik statement : সত্যপাল মালিকৰ মন্তব্য সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ নীৰৱ ভূমিকাক সমালোচনা বিৰোধী দলপতিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.