নেশ্যনেল ডেস্ক,২৯ জুলাই : মণিপুৰৰ ঘটনাত বিদেশী সংস্থাসমূহ জড়িত থকাৰ কথা অস্বীকাৰ কৰিব নোৱাৰি । মণিপুৰৰ পৰিস্থিতিক লৈ উদ্বেগ প্ৰকাশ কৰি এই মন্তব্য কৰে প্ৰাক্তন সেনা প্ৰধান জেনেৰেল এম এম নাৰাভানেয়ে । প্ৰাক্তন সেনা প্ৰধানগৰাকীয়ে শুকুৰবাৰে মণিপুৰৰ বিভিন্ন বিদ্ৰোহী গোটক চীনৰ সহায়ৰ কথাও উল্লেখ কৰে ।
প্ৰাক্তন সেনা প্ৰধানগৰাকীয়ে ইণ্ডিয়া ইণ্টাৰনেশ্যনেল চেণ্টাৰত 'ৰাষ্ট্ৰীয় সুৰক্ষা দৃষ্টিকোণ' সন্দৰ্ভত আলোচনাৰ সময়ত মণিপুৰত চলি থকা হিংসাত্মক ঘটনা সন্দৰ্ভত সাংবাদিকৰ সন্মুখত মন্তব্য কৰে । সেনা প্ৰধানগৰাকীয়ে কয় যে তেওঁ নিশ্চিত ক্ষমতাত থকা আৰু যিকোনো পদক্ষেপ লোৱাৰ বাবে দায়বদ্ধ লোকসকলে তেওঁলোকৰ সৰ্বশ্ৰেষ্ঠ চেষ্টা কৰি আছে । তেওঁৰ মতে ইয়াত বিদেশী সংস্থাসমূহ জড়িত হোৱাটো অস্বীকাৰ কৰিব নোৱাৰি । আনহাতে বিভিন্ন বিদ্ৰোহী গোটে লাভ কৰা চীনা সাহায্যৰ বাবে তেওঁ নিশ্চিত যে তাত বিদেশী সংস্থাসমূহ জড়িত আছে । প্ৰাক্তন সেনা প্ৰধানগৰাকীয়ে লগতে কয় যে চীনে বহু বছৰ ধৰি এই বিদ্ৰোহী গোটবোৰক সহায় কৰি আহিছে আৰু এই সহযোগিতা কৰি যাব ।
দুগৰাকী মণিপুৰী মহিলাক উলংগ কৰি পেৰেড কৰাৰ ভিডিঅ'টো ভাইৰেল হোৱাকলৈ দেশজুৰি ক্ষোভৰ বহিঃপ্ৰকাশ হৈছে । ইয়াৰ মাজতে কেৰালাৰ ৰাজ্যপাল আৰিফ মহম্মদ খানে শুকুৰবাৰে কয় যে জনসাধাৰণৰ মাজত আস্থা বজাই ৰাখিবলৈ অপৰাধীসকলৰ বিৰুদ্ধে কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰা প্ৰয়োজন ।
ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ বলবীৰ পুঞ্জৰ 'নেৰেটিভ কা মায়াজল' শীৰ্ষক গ্ৰন্থখন মুকলি কৰাৰ পাছত মণিপুৰত সংঘটিত ঘটনা সন্দৰ্ভত সোধা এক প্ৰশ্নৰ উত্তৰত তেওঁ এই মন্তব্য কৰে । ৰাজ্যপালগৰাকীৰ মতে এই ঘটনা অতি লজ্জাজনক ।
তেওঁ কয় যে বিভিন্ন অপৰাধ সংঘটিত হয় । কিন্তু অপৰাধীসকলৰ বিৰুদ্ধে কি ব্যৱস্থা লোৱা হয় সেয়া হে আচল পৰীক্ষা । অপৰাধীৰ বিৰুদ্ধে আটাইতকৈ কঠোৰ ব্যৱস্থা লোৱা হৈছে নে নাই সেয়া মূল কথা বুলি তেওঁ উল্লেখ কৰে ।