ETV Bharat / bharat

European Union aid of rupees nine million: উত্তৰাখণ্ড, হিমাচলৰ বানপীড়িতৰ বাবে ৯ মিলিয়ন সাহায্য ইউৰোপীয় সংঘৰ

author img

By ETV Bharat Assamese Team

Published : Sep 13, 2023, 10:52 PM IST

ইউৰোপীয় ইউনিয়নৰ এই পুঁজিয়ে ভাৰতীয় ৰেড ক্ৰছ ছ’চাইটিক (আই আৰ চি এছ)ক জৰুৰীকালীন সেৱা আৰু ঘৰুৱা সামগ্ৰী, ত্ৰিৰ্পাল, ৰন্ধন সামগ্ৰী, কম্বল, পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ সামগ্ৰী যোগান ধৰাত সহায় কৰিব । বানপানীৰ পিছত সাধাৰণতে দেখা দিয়া সংক্ৰামক ৰোগৰ প্ৰতিৰোধৰ বাবেও সজাগতা অভিযান চলোৱা হ’ব । ইটিভি ভাৰতৰ সাংবাদিক চন্দ্ৰকলা চৌধুৰীৰ প্ৰতিবেদন ।

European Union aid of rupees nine million
উত্তৰাখণ্ড, হিমাচলৰ বানপীড়িতৰ বাবে ৯ মিলিয়ন সাহায্য ইউৰোপীয় সংঘৰ

নিউজ, ডেস্ক, ১৩ ছেপ্টেম্বৰ: শেহতীয়াকৈ উত্তৰ ভাৰতৰ বৃহৎ অংশত হোৱা বানপানীৰ ফলত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক জৰুৰীকালীন সাহায্য প্ৰদানৰ বাবে ইউৰোপীয় সংঘই এক লাখ ইউৰো (প্ৰায় ন মিলিয়ন ভাৰতীয় টকা) আবণ্টন দিছে । এই সাহায্যৰ দ্বাৰা হিমাচল প্ৰদেশ আৰু উত্তৰাখণ্ডৰ আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত অঞ্চলৰ ৪০ হাজাৰ লোক উপকৃত হ’ব বুলি আশা কৰা হৈছে ।

ইউৰোপীয় ইউনিয়নৰ এই পুঁজিয়ে ভাৰতীয় ৰেড ক্ৰছ ছ’চাইটিক (আই আৰ চি এছ)ক জৰুৰীকালীন সেৱা আৰু ঘৰুৱা সামগ্ৰী, ত্ৰিৰ্পাল, ৰন্ধন সামগ্ৰী, কম্বল, পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ সামগ্ৰী যোগান ধৰাত সহায় কৰিব । বানপানীৰ পিছত সাধাৰণতে দেখা দিয়া সংক্ৰামক ৰোগৰ প্ৰতিৰোধৰ বাবেও সজাগতা অভিযান চলোৱা হ’ব ।

এই ধনৰাশি আন্তঃৰাষ্ট্ৰীয় ফেডাৰেচন অৱ ৰেড ক্ৰছ এণ্ড ৰেড ক্ৰেচেণ্ট ছ’চাইটিৰ (আই এফ আৰ চি) দুৰ্যোগ সঁহাৰি জৰুৰীকালীন পুঁজি (ডি আৰ ই এফ)লৈ ইউৰোপীয় ইউনিয়নৰ সামগ্ৰিক অৱদানৰ অংশ ।

উল্লেখ্য যে, আগষ্টৰ মাজভাগত পাহাৰীয়া ৰাজ্য হিমাচল প্ৰদেশ আৰু উত্তৰাখণ্ডত ধাৰাবাহিকভাৱে হোৱা বাৰিষা বৰষুণৰ ফলত ব্যাপক বানপানী আৰু ভূমিস্খলন হয় ৷ এই প্ৰকৃতিক দুৰ্যোগত কেইবাটাও অঞ্চলৰ প্ৰায় প্ৰায় ১ লাখ ৫০ হাজাৰ লোক ক্ষতিগ্ৰস্ত হয় । বানে বহু পৰিয়ালৰ ঘৰ-দুৱাৰ উটুৱাই নিয়াত হাজাৰ হাজাৰ লোক গৃহহীন হৈ পৰে । বিদ্যুৎ পৰিবাহী তাঁৰকে ধৰি মূল আন্তঃগাঁথনিও যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে । হিমাচল প্ৰদেশৰ বাণিজ্যিক আৰু সাংস্কৃতিক ৰাজধানী চিমলা আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত অঞ্চলৰ ভিতৰত অন্যতম ।

ইউৰোপীয় সংঘ আৰু ইয়াৰ সদস্য ৰাষ্ট্ৰসমূহ হৈছে বিশ্বৰ আগশাৰীৰ মানৱীয় সাহায্য প্ৰদানকাৰী দেশ । সমগ্ৰ বিশ্বৰ আৰ্তজনৰ কাষত ইউৰোপীয় সংঘই সময়ে সময়ে থিয় দি আহিছে । ইয়াৰ লক্ষ্য হৈছে জীৱন ৰক্ষা কৰা, মানৱ দুখ-কষ্ট প্ৰতিৰোধ আৰু উপশম কৰা আৰু প্ৰাকৃতিক দুৰ্যোগ আৰু মানৱসৃষ্ট সংকটৰ ফলত ক্ষতিগ্ৰস্ত জনসংখ্যাৰ অখণ্ডতা আৰু মানৱীয় মৰ্যাদা ৰক্ষা কৰা ।

লগতে পঢ়ক: Disaster in Uttarakhand : ধাৰাসাৰ বৰষুণত বিধ্বস্ত পথ; গৰ্ভৱতী মহিলাক কান্ধত তুলি নিলে চিকিৎসালয়লৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.