ETV Bharat / bharat

ক'ৰণা সংক্ৰমণ ৰোধৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণ মহাৰাষ্ট্ৰ চৰকাৰৰ - লকডাউন

ক'ৰণাৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে মহাৰাষ্ট্ৰ চৰকাৰে বুধবাৰে নিশাৰ পৰা কাৰ্যকৰী হোৱাকৈ লক ডাউন সদৃশ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে ৷ এই সময়চোৱাত জৰুৰীকালীন সেৱাৰ বাহিৰে আন সকলো সেৱা বন্ধ থাকিব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰে ৷ ৰাজ্য খনৰ শীৰ্ষ নেতা সকলক অতিমধ্যে সকলো নিৰ্দেশনা জাৰি কৰিছে ৷ 1 মে'ৰ ৰাতিপুৱা 7 বজালৈকে কাৰ্যকৰী হোৱাকৈ এই নিৰ্দেশনা প্ৰেৰণ কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

ক'ৰণা সংক্ৰমণ ৰোধৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণ মহাৰাষ্ট্ৰ চৰকাৰৰ

author img

By

Published : Apr 15, 2021, 1:54 PM IST

নেশ্যনেল ডেস্ক,15 এপ্ৰিল : মহাৰাষ্ট্ৰ চৰকাৰে ক'ৰণাৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে বুধবাৰে নিশাৰ পৰা কাৰ্যকৰী হোৱাকৈ লকডাউন সদৃশ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে ৷ এই সময়চোৱাত জৰুৰী কালীন সেৱাৰ বাহিৰে আন সকলো সেৱা বন্ধ থাকিব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰে ৷ ৰাজ্য খনৰ শীৰ্ষ নেতা সকলক অতিমধ্যে সকলো নিৰ্দেশনা জাৰি কৰিছে ৷ 1 মে'ৰ ৰাতিপুৱা 7 বজালৈকে কাৰ্যকৰী হোৱাকৈ এই নিৰ্দেশনা প্ৰেৰণ কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ মঙলবাৰে নিশা সামাজিক মাধ্যমৰ জৰিয়তে মুখ্যমন্ত্ৰী গৰাকীয়ে কয়, সমগ্ৰ দেশৰ ভিতৰতে মহাৰাষ্ট্ৰ এই মহামাৰীত অধিক ক্ষতিগ্ৰস্ত হৈছে ৷ গতিকে সকলো লোকে চৰকাৰী নিয়ম মানি চলাতো বাধ্যতামূলক ৷ ভাৰতীয় দণ্ডাবিধি আইনৰ 144 ধাৰা জাৰি কৰা হৈছে সমগ্ৰ ৰাজ্যখনত ৷ ইয়াৰোপৰি ৰাজহুৱা স্থানত 5 জনতকৈ অধিক লোক উপস্থিত হ'ব নোৱাৰাৰ লগতে সম্পূৰ্ণ ক'ভিড প্ৰট'কল প্ৰযোজ্য হ'ব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

উল্লেখ্য যে, সামাজিক মাধ্যমৰ লগতে ভিডিঅ' কনফাৰেঞ্চৰ যোগেদিও মুখ্যমন্ত্ৰী গৰাকীয়ে মন্ত্ৰীসভাৰ সহকৰ্মী, বিভাগীয় আয়ুক্ত, জিলা সংগ্ৰাহক, পৌৰ আয়ুক্ত আৰু আৰক্ষী বিষয়াসকলৰ সৈতে এক বৈঠকত মিলিত হয় ৷ বৈঠকত সকলো নীতি-নিয়ম উল্লেখ কৰি ঠাকৰে কয় , এই নিয়ম সমূহ পালন কৰাত কোনো ক্ৰতি থাকিব নালাগে ৷ চিকিৎসালয়ত পৰ্যাপ্ত পৰিমানৰ ঔষধ, অক্সিজেনৰ লগতে লাগতীয়াল আন আন সামগ্ৰী সমূহো উপলব্ধ কৰিব লাগিব ৷ মহামাৰীৰ লগত এই যুঁজখন আৰু অধিক দীঘলীয়া হ'ব গতিকে ইয়াৰ লগত যুঁজ দিয়াতো সকলোৰে কৰ্তব্য ৷

লগতে মুখ্যমন্ত্ৰী গৰাকীয়ে কয়, এই সমচোৱাত ৰাজ্যখনত পূৰ্বৰ সকলো প্ৰট'কল পুনৰ কাৰ্যকৰী কৰা হ'ব ৷ 1মে'লৈকে ৰাজ্যখনত ধৰ্মীয়, সামাজিক, সাংস্কৃতিক আৰু ৰাজনৈতিক কাৰ্যকলাপৰ ওপৰত নিষেধাজ্ঞা থাকিব ৷ বিবাহ আৰু অন্ত্যেষ্টিক্ৰিয়াত অংশগ্ৰহণকাৰীৰ সংখ্যা ক্ৰমান্বয়ে 25 আৰু 20জনৰ ভিতৰত সীমাবদ্ধ থাকিব। চেলুন, স্পা, বিদ্যালয়, মহাবিদ্যালয়, প্ৰশিক্ষণ কেন্দ্ৰ, সমুদ্ৰ তীৰ, ক্লাব, চুইমিং পুল, জিম আৰু চিনেমা হল অহা 15 দিনৰ বাবে বন্ধ থাকিব।

লগতে পঢ়ক: আজি বাংগালুৰুৰ প্ৰযুক্তিৰ কেন্দ্ৰসমূহ পৰিদৰ্শন কৰিব ফ্ৰান্সৰ বৈদেশিক মন্ত্ৰীয়ে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.