নেশ্যনেল ডেস্ক, 24 নৱেম্বৰ : জম্মু-কাশ্মীৰৰ বাৰমুল্লা জিলাত নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ ৷ বাৰমুল্লা জিলাৰ ৱানিগাম পায়ীন ক্ৰীৰি অঞ্চলত সংঘটিত হৈছে এই গুলীয়াগুলি ৷ আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি বৃহস্পতিবাৰে পুৱাতেই আৰম্ভ হয় এই গুলীয়াগুলি ৷ আৰক্ষী আৰু নিৰাপত্তাৰক্ষীয়ে বৰ্মানেও অব্যাহত ৰাখিছে অভিযান ৷
উল্লেখ্য যে, ভিন্ন সময়ত ৰাজ্যখনত নিৰাপত্তৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষৰ সৃষ্টি হৈ আহিছে ৷ মাত্ৰ দুদিন পূৰ্বে দুয়োটা কেন্দ্ৰীয় শাসিত অঞ্চলত সম্পন্ন হৈছে জিলা উন্নয়ন পৰিষদৰ নিৰ্বাচনৰ ভোট গণনা ৷ নিৰ্বাচনৰ উচাহ মাৰ নাযাওঁতেই এইদৰে গুলীয়াগুলি সংঘটিত হোৱা ঘটনাই উদ্বিগ্নতা বৃদ্ধি কৰিছে ৷
লগতে পঢ়ক : শান্তি চুক্তিলৈ অহাৰ বাবে এনএছচিএন (কে)ৰ যুদ্ধবিৰতি ঘোষণা