নেশ্যনেল ডেস্ক, ১৭ মে': শ্ৰীনগৰৰ খানমোহত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে নিৰাপত্তা বাহিনী আৰু আৰক্ষীৰ যুটীয়া অভিযান । সোমবাৰে কাশ্মীৰ আৰক্ষীয়ে টুইটযোগে প্ৰকাশ কৰা মতে, খানমোহত নিৰাপত্তা বাহিনী আৰু আৰক্ষীৰে সন্ত্ৰাসবাদীৰ সংঘৰ্ষ আৰম্ভ হৈছে ।
উল্লেখ্য যে, কাশ্মীৰৰ আৰক্ষী মহাপৰিদৰ্শক বিজয় কুমাৰে জনোৱা মতে, দেওবাৰে জম্মু-কাশ্মীৰৰ শ্বপিয়ান জিলাত নিৰাপত্তা বাহিনীয়ে এটা আই ই ডি চিনাক্ত কৰি নিষ্ক্ৰিয় কৰে ।
তেওঁ কয় যে, জিলাখনৰ তুৰ্কাৱাংগম অঞ্চলত আই ই ডি থকাৰ তথ্য নিৰাপত্তা বাহিনীয়ে পূৰ্বেই লাভ কৰিছিল । সেয়েহে, ভয়াৱহ অঘটন সংঘটিত হোৱাৰ পূৰ্বে নিৰাপত্তা বাহিনীয়ে আই ই ডিটো উদ্ধাৰ কৰি নিষ্ক্ৰিয় কৰিবলৈ সক্ষম হয় ।
লগতে পঢ়ক:১৫ জুন পৰ্যন্ত পুৰীৰ জগন্নাথ মন্দিৰত ভক্তৰ প্ৰৱেশত বাধা