নেশ্যনেল ডেস্ক, ২১ আগষ্ট : জম্মু-কাশ্মীৰৰ পৰা সন্ত্ৰাসবাদ সম্পূৰ্ণৰূপে নিৰ্মূল কৰাৰ বাবে ভাৰতীয় নিৰাপত্তা বাহিনীয়ে অভিযান অব্যাহত ৰাখিছে । শনিবাৰে অৱন্তীপোৰা জিলাৰ নাগবায়েৰাণ ট্ৰালৰ বনাঞ্চলত সেনা-আৰক্ষীৰ যুটীয়া অভিযানকাৰী দল আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ হয় । জম্মু-কাশ্মীৰ আৰক্ষীয়ে টুইটযোগে জানিবলৈ দিয়া মতে, এই সংঘৰ্ষত তিনিজনকৈ সন্ত্ৰাসবাদী নিহত হয় । নিহত সন্ত্ৰাসবাদীকেইজন জইছ-ই-মহম্মদৰ সদস্য ৷
-
#TralEncounterUpdate: 03 unidentified #terrorist affiliated with proscribed #terror outfit JeM killed. #Search going on. Further details shall follow. @JmuKmrPolice https://t.co/w528xq1P9G
— Kashmir Zone Police (@KashmirPolice) August 21, 2021 " class="align-text-top noRightClick twitterSection" data="
">#TralEncounterUpdate: 03 unidentified #terrorist affiliated with proscribed #terror outfit JeM killed. #Search going on. Further details shall follow. @JmuKmrPolice https://t.co/w528xq1P9G
— Kashmir Zone Police (@KashmirPolice) August 21, 2021#TralEncounterUpdate: 03 unidentified #terrorist affiliated with proscribed #terror outfit JeM killed. #Search going on. Further details shall follow. @JmuKmrPolice https://t.co/w528xq1P9G
— Kashmir Zone Police (@KashmirPolice) August 21, 2021
বৰ্তমানেও সেনা আৰু আৰক্ষীয়ে উক্ত অঞ্চলত অভিযান অব্যাহত ৰাখিছে । ইয়াৰ পূৰ্বে শুকুৰবাৰে পুলৱামা জিলাৰ খ্ৰিও পাম্পোৰ অঞ্চলত সেনাৰে হোৱা সংঘৰ্ষত দুজন সন্ত্ৰাসবাদী নিহত হয় । খ্ৰিওত নিহত দুই সন্ত্ৰাসবাদীৰ মাজৰে এজন চলিত বৰ্ষৰ ২৩ জুলাইত পাষ্টুনাৰ এখন চৰকাৰী বিদ্যালয়ত এগৰাকী পিয়নৰ হত্যাকাণ্ডৰে জড়িত আছিল ।
সেনাৰ গুলীত নিহত আনজন সন্ত্ৰাসবাদী পুলৱামাৰ চাকুৰাৰ বাসিন্দা মুজামিল আহমেদ ৰাথাৰ বুলি চিনাক্ত কৰা হৈছে ৷ এই কথা সদৰী কৰে কাশ্মীৰৰ আৰক্ষী বিষয়া বিজয় কুমাৰে । বিগত দিনবোৰত কেইবাজনো সন্ত্ৰাসবাদী নিৰাপত্তা বাহিনীৰে হোৱা সংঘৰ্ষত নিহত হৈছে । তথাপিও সন্ত্ৰাসবাদীয়ে জম্ম-কাশ্মীৰত অশান্ত পৰিস্থিতি সৃষ্টি কৰাৰ বাবে পৰিকল্পনা কৰিবলৈ এৰা নাই । বিগত মাহতো জম্মু-কাশ্মীৰত সন্দেহজনক ড্ৰোণক লৈ আতংকময় পৰিস্থিতিৰ সৃষ্টি হৈছিল ।
লগতে পঢ়ক: পাহৰণিৰ গৰ্ভত ওড়িশাৰ ইঞ্চুডিৰ লোণ সত্যাগ্ৰহ