ETV Bharat / bharat

Mission against Maoist: ৱায়ানাডত মাওবাদীৰে আৰক্ষীৰ সংঘৰ্ষ

author img

By ETV Bharat Assamese Team

Published : Nov 8, 2023, 8:24 AM IST

কেৰালাৰ ৱায়ানাডত আৰক্ষী আৰু মাওবাদী কেডাৰৰ মাজত গুলীয়াগুলি ৷ দুজন মাওবাদী নেতাক আটক কৰে যদিও আন তিনিজন পলায়ন কৰিবলৈ সক্ষম হয় । মাওবাদী কেইজন হৈছে চন্দ্ৰু আৰু উন্নিমায়া ।

Mission against Maoist
আৰক্ষী আৰু মাওবাদী কেডাৰৰ মাজত গুলীয়াগুলি

নেশ্যনেল ডেস্ক, 8 নৱেম্বৰ: আৰক্ষী আৰু মাওবাদী কেডাৰৰ মাজত মঙলবাৰৰ নিশা তীব্ৰ সংঘৰ্ষৰ সূত্ৰপাত হয় ৷ কেৰালা আৰক্ষীৰ বিশেষ দল আৰু মাওবাদীৰ মাজত সংঘৰ্ষ ঘটে । এই সংঘৰ্ষৰ অন্তত আৰক্ষীৰ বিশেষ দলটোৱে দুজন মাওবাদী নেতাক আটক কৰে যদিও আন তিনিজন পলায়ন কৰিবলৈ সক্ষম হয় ।

সূত্ৰ অনুসৰি আৰক্ষীৰ জিম্মাত থকা মাওবাদী কেইজন হৈছে চন্দ্ৰু আৰু উন্নিমায়া । আৰক্ষীয়ে জাৰি কৰা এক জাননীত প্ৰকাশ পাইছে এই দুই বিদ্ৰোহী কেডাৰৰ নাম । জানিব পৰা মতে, থালাপ্পুঝা থানাৰ সীমাৰ অন্তৰ্গত বনাঞ্চলত সংঘটিত হৈছিল গুলীচালনাৰ ঘটনা । স্থানীয় বাসিন্দাসকলে জানিবলৈ দিয়া অনুসৰি, এই গুলীচালনা 30 মিনিটতকৈ অধিক সময় ধৰি চলিছিল ।

উল্লেখ কৰা প্ৰয়োজন যে, তিনিগৰাকী মহিলা আৰু এজন পুৰুষকে ধৰি মাওবাদী বিদ্ৰোহী গোটটোৱে গভীৰ নিশা অনিছ নামৰ স্থানীয় বাসিন্দা এজনৰ ঘৰলৈ আহিছিল, তেওঁলোকৰ ঘৰৰ পৰা খাদ্য সংগ্ৰহৰ উদ্দেশ্যৰে । আৰক্ষীয়ে লাভ কৰা গোপন তথ্যৰ ভিত্তিত যোৱা নিশা চাপৰা কলনীত উপস্থিত হয় আৰক্ষীৰ বিশেষ দলটো আৰু মাওবাদী বিদ্ৰোহী গোটটোক ঘেৰি ধৰিলে আৰক্ষীয়ে । পৰিয়ালৰ লোকে জনোৱা মতে, আৰক্ষীয়ে আত্মসমৰ্পণ কৰিবলৈ কোৱাৰ পিছতে আৰম্ভ হয় প্ৰচণ্ড গুলীয়াগুলী ৷ গুলীয়াগুলিৰ ফলত ঘৰৰ দুৱাৰ আৰু আন কিছুমান সামগ্ৰী ক্ষতিগ্ৰস্ত হৈছে ।

এই অভিযানৰ সময়ত মাওবাদীয়ে ৰাজ্যৰ আৰক্ষী বাহিনীৰ অভিজাত কমাণ্ডো বাহিনী স্পেচিয়েল অপাৰেচন গ্ৰুপ (এছ অ’ জি) আৰু থাণ্ডাৰবল্ট স্কোৱাডক গুলীচালনা কৰে । বাহিনীটোৱে প্ৰতিশোধ লয় বুলি সূত্ৰটোৱে জনায় । হতাহতি সন্দৰ্ভত কোনো তাৎক্ষণিক তথ্য পোৱা নাই ।

ৱায়ানাডত মাওবাদীৰ সৈতে এইবাৰ চতুৰ্থবাৰৰ বাবে মুখামুখি হৈছে আৰক্ষী ।

লগতে পঢ়ক: Chhattisgarh Election 2023 : ছত্তীশগড়ৰ মাওবাদী অধ্যুষিত অঞ্চলত ভোটাৰৰ ব্যাপক সঁহাৰি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.