নেশ্যনেল ডেস্ক,২৪ আগষ্ট: বিগত ১৯ দিনে কৰ্ণাটকৰ বেলাগাভিত মুক্ত বিচৰণ কৰি আছে এটা প্ৰকাণ্ড নাহৰফুটুকী বাঘে(Leopard scare in Karnataka Belagavi) । বাঘটোৱে এজন শ্ৰমিকক আক্ৰমণ কৰাৰ পাছতেই তৎপৰ হৈ পৰিছে বন বিভাগ । কিন্তু চেষ্টা চলাইয়ো বাঘটো ধৰিবলৈ ব্যৰ্থ হৈছে বনবিভাগ । বুধবাৰেও নাহৰফুটুকী বাঘটো ধৰাৰ বাবে আৰম্ভ কৰা বৃহৎ অভিযান(Leopard search enters 20th day) ।
'অৰ্জুন' আৰু 'আলে' নামৰ দুটা হাতী চাক্ৰেবাইলু হস্তী শিবিৰৰ পৰা আনি বেলাগাভিৰ গল্ফ ক্লাবৰ চৌহদত আৰম্ভ কৰিছে অভিযান । কৰ্তৃপক্ষই নাহৰফুটুকী বাঘটো লুকাই থকা ঠাই চিনাক্ত কৰিবলৈ ব্যৱহাৰ কৰিছে এখন বিশেষ ড্ৰোণ । বেংগালুৰুৰ এটা বিশেষ দলে এলগৰিথম প্ৰযুক্তিৰে ড্ৰোনেৰ চলাই অভিযান ।
ইফালে বাঘৰ আতংকত হনুমাননগৰ, যাদৱ নগৰ আদি অঞ্চলৰ বাসিন্দাসকলে ঘৰতে আৱদ্ধ হৈ আছে । ছাত্ৰ-ছাত্ৰীসকলৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য় ৰাখি বন্ধ কৰা হৈছে বিদ্যালয়সমূহ । ইয়াৰ বিপৰীতে অনলাইন মাধ্যমেৰে পাঠদানৰ ব্যৱস্থা কৰিছে বিদ্যালয়সমূহে । জানিব পৰা মতে ২০০ৰো অধিক বনকৰ্মীয়ে চলাই আছে অভিযান । য'ত আছে শ্বাৰ্পশ্বুটাৰ, বনকৰ্মী, এনাস্থেটিক বিশেষজ্ঞ আদি ।
লগতে পঢ়ক:ত্ৰিপুৰাৰ পৰা বাংলাদেশলৈ বিমান সেৱাৰ সেউজ সংকেত ত্ৰিপুৰা কেবিনেটৰ