তেজপুৰ,২৭ ফেব্ৰুৱাৰীঃ অৰুণাচল প্ৰদেশৰ লাংডিঙত নেশ্যনেল ছচিলিষ্ট কাউঞ্চিল অৱ নাগালেণ্ড (আই এম) আৰু (কে ৱাই এ) বিদ্ৰোহী সংগঠনৰ ৮ জন দুৰ্ধৰ্ষ কেডাৰৰ আত্মসমৰ্পণ । ভাৰতীয় সেনাৰ স্পীয়েৰ কৰ্পছৰ আৰু অৰুণাচল প্ৰদেশৰ আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে এই বিদ্ৰোহী সংগঠনৰ কেডাৰ কেইজন ।
অৰুণাচল প্ৰদেশৰ তিনিখন জিলাৰ চাৰিখন আৰক্ষী চকীৰ অধীনত ইতিমধ্যে সেনা-বাহিনীৰ বিশেষ নিৰাপত্তাৰক্ষী মোতায়েন কৰা হৈছে । উল্লেখ্য যে, সেনা আৰু অসম ৰাইফলছৰ জৰিয়তে বিদ্ৰোহী সংগঠনৰ কেডাৰ কেইজনে যোগাযোগ ব্যৱস্থা অব্যাহত ৰাখিছিল ৷ ফলস্বৰূপে এই কেইজন কেডাৰে মূলসুঁতিলৈ উভতি অহা বুলি জানিব দিয়ে প্ৰতিৰক্ষা বিভাগৰ মুখপাত্ৰ গৰাকীয়ে ।
লগতে পঢ়কঃ বিজেপি নেত্ৰী দীপাঞ্জলি কাকতিক গ্ৰেপ্তাৰ