ETV Bharat / bharat

গোৱা কংগ্ৰেছৰ আঠগৰাকী বিধায়কৰ বিজেপিত যোগদান - Jaiveer Shergill

আগন্তুক গুজৰাট আৰু হিমাচল প্ৰদেশ বিধানসভা নিৰ্বাচনৰ কেইমাহমান পূৰ্বে প্ৰবীণ নেতাৰ দল ত্য়াগেও দিশহাৰা কৰিছে কংগ্ৰেছক । ৰাহুল গান্ধীৰ নেতৃত্বত ভাৰত জোড়ো যাত্ৰাৰ মাজতেই দলটোৰ বাবে আন এক মোক্ষম আঘাত । প্ৰাক্তন মুখ্যমন্ত্ৰী দিগম্বৰ কামাত আৰু বিৰোধী দলৰ নেতা মাইকেল লোবোকে(Goa Leader of Opposition Michael Lobo)ধৰি গোৱা কংগ্ৰেছৰ আঠগৰাকী বিধায়কে বুধবাৰে গোৱাত যোগদান কৰে বিজেপিত ।

Goa Congress MLAs joined BJP
গোৱা কংগ্ৰেছৰ আঠগৰাকী বিধায়কৰ বিজেপিত যোগদান
author img

By

Published : Sep 14, 2022, 5:25 PM IST

নেশ্য়নেল ডেস্ক, ১৪ ছেপ্টেম্বৰ:কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ নেতৃত্বত ভাৰত জোড়ো যাত্ৰাৰ মাজতে প্ৰাক্তন মুখ্যমন্ত্ৰী দিগম্বৰ কামাত আৰু বিৰোধী দলৰ নেতা মাইকেল লোবোকে(Goa Leader of Opposition Michael Lobo)ধৰি গোৱা কংগ্ৰেছৰ আঠগৰাকী বিধায়কে বুধবাৰে গোৱাত বিজেপিত(Goa Congress MLAs joined BJP)যোগদান কৰে । আজি বিধানসভা চৌহদত মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্তক সাক্ষাৎ কৰাৰ পিছত আঠগৰাকী বিধায়ক দিগম্বৰ কামাত(former Goa CMDigambar Kamat ),মাইকেল লোবো, ডেলিলা লোবো, ৰাজেশ ফালদেশাই, কেদাৰ নায়েক, সংকল্প আমোঙ্কাৰ, এলেক্সো চেকুয়েৰা আৰু ৰুডলফ ফাৰ্ণাণ্ডেজে বিজেপিত যোগদান কৰে ।

কংগ্ৰেছৰ প্ৰাক্তন বিধায়ক মাইকেল লোবোৱে এই সন্দৰ্ভত কয়, 'প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী (PM Modi) আৰু মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্তৰ(CM Pramod Sawant) হাত শক্তিশালী কৰিবলৈ আমি দুই-তৃতীয়াংশ সংখ্যাগৰিষ্ঠতাৰে বিজেপিত যোগদান কৰিছো ।' কংগ্ৰেছৰ প্ৰাক্তন বিধায়কগৰাকীয়ে পুনৰ কয়,'Congress Chhodo, BJP ko Jodo'। ইফালে, গোৱাৰ মুখ্যমন্ত্ৰী সাৱন্তেও ৰাহুল গান্ধী নেতৃত্বাধীন ভাৰত জোড়ো যাত্ৰাক এক কৌতুক বুলি মন্তব্য় কৰে । তেওঁ নেতাসকলক আদৰণি জনাই কয়, 'কংগ্ৰেছ ছোড়ো যাত্ৰা এতিয়া গোৱাৰ পৰা আৰম্ভ হ'ব।'

উল্লেখ্য় যে গোৱাত বিজেপিয়ে ইতিমধ্যে ৪০ জনীয়া বিধানসভাত ২৫ গৰাকীৰ সংখ্যাগৰিষ্ঠতা লাভ কৰিছে (Political crisis in Goa)। ইয়াৰ ভিতৰত মহাৰাষ্ট্ৰবাদী গোমন্তক পাৰ্টিৰ (Maharashtrawadi Gomantak Party) দুগৰাকী আৰু তিনিগৰাকী নিৰ্দলীয় নেতাৰ সৈতে বিজেপিৰ ২০ গৰাকী বিধায়ক আছে । এতিয়া কংগ্ৰেছৰ আঠগৰাকী বিধায়কে যোগদান কৰাৰ পিছত এই সংখ্য়া ৩৩ লৈ বৃদ্ধি পালে ।

উল্লেখ্য় যে যোৱা ৪ ছেপ্টেম্বৰত গুজৰাট যুৱ কংগ্ৰেছৰ সভাপতি (Gujarat Youth Congress President) বিশ্বনাথসিংহ বাঘেলাই তেওঁৰ পদৰ পৰা পদত্যাগ কৰাৰ পিছত লটোৰ বাবে এয়া এক ডাঙৰ জোকাৰণি বুলি গণ্য কৰা হৈছে । ইপিনে, ২ ছেপ্টেম্বৰত দলৰ নেতা ৰজিন্দৰ প্ৰসাদে (Congress leader Rajinder Prasad)সকলো পদ আৰু দলৰ প্ৰাথমিক সদস্যপদৰ পৰা পদত্যাগ কৰে । প্ৰসাদে দলটোৰ পতনৰ কাৰণ হিচাপে কোটেৰী প্ৰণালীক দোষাৰোপ কৰিছিল ।

পঞ্জাৱ কংগ্ৰেছৰ প্ৰাক্তন মুৰব্বী সুনীল জাখৰেও এই বছৰৰ মে'ত কংগ্ৰেছৰ পৰা পদত্য়াগ কৰিছৰল । ফেব্ৰুৱাৰীত প্ৰাক্তন কেন্দ্ৰীয় আইন মন্ত্ৰী অশ্বনী কুমাৰেও(Former Union Law Minister Ashwani Kumar) দলটোৰ সৈতে ৪৬ বছৰৰ দীঘলীয়া সম্পৰ্কৰ পিছত কংগ্ৰেছৰ পৰা পদত্যাগ কৰিছিল । ইপিনে,মে মাহত গুজৰাট পাতিদাৰ নেতা হাৰ্দিক পেটেলে (Gujarat Patidar leader Hardik Patel)তেওঁক উপেক্ষা কৰা বুলি ক্ষোভ প্ৰকাশ কৰি দল ত্যাগ কৰিছিল ।

লগতে পঢ়ক:গোৱাত গেৰুৱা বসন পিন্ধিব 8 কংগ্ৰেছ বিধায়কে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.