ETV Bharat / bharat

উত্তৰ প্ৰদেশৰ লখিপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা: আঠজনৰ মৃত্যু - 8 persons killed in Bus accident in UP

বুধবাৰে পুৱা উত্তৰ প্ৰদেশৰ লখিপুৰত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা(Road accident at UP Lakhipur) । শাৰদা নদীৰ ওপৰত এখন দলঙত সংঘটিত এই পথ দুৰ্ঘটনা । ব্যক্তিগত বাছ আৰু ট্ৰাকৰ মুখামুখী সংঘৰ্ষৰ ফলতে সংগটিত হয় দুৰ্ঘটনাটো । দুৰ্ঘটনাত ৮ জনকৈ লোকে প্ৰাণ হেৰুৱাইছে বুলি জানিব পৰা গৈছে ।

eight commuters reported dead in lakhimpur
উত্তৰ প্ৰদেশৰ লখিপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা: আঠজনৰ মৃত্যু
author img

By

Published : Sep 28, 2022, 1:43 PM IST

নেশ্যনেল ডেস্ক,২৮ ছেপ্টেম্বৰ: বুধবাৰে লখিমপুৰ খেৰী জিলাত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা(Road accident at UP Lakhipur) । দুৰ্ঘটনাত প্ৰাণ গ'ল ৮ জনকৈ লোকৰ । বাছ আৰু ট্ৰাকৰ মাজত সংঘটিত এক মুখামুখী সংঘৰ্ষৰ ফলতে সংঘটিত হয় উক্ত দুৰ্ঘটনা । উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ শোক প্ৰকাশ ।

জানিব পৰা মতে বুধবাৰে পুৱাপ ভাগত শাৰদা নদীৰ ওপৰত এখন দলঙৰ ওপৰত সংঘটিত হয় উক্ত দুৰ্ঘটনাটো(Tragic road accident in Lucknow) । ইছানগৰ আৰক্ষী থানাৰ সমীপতে সংঘটিত হয় দুৰ্ঘটনাটো । ধৌৰাহাৰাৰ পৰা প্ৰায় ৫০ জন যাত্ৰী কঢ়িয়াই অনা বাছখন পুৱা প্ৰায় ৭.৩০ বজাত লখিমপুৰ অভিমুখে আহি আছিল । লখিমপুৰৰ পৰা বাহৰাইচলৈ যোৱা এখন ট্ৰাকৰ সৈতে বাছখনৰ সংঘৰ্ষ হৈছিল ।

দুৰ্ঘটনাত থিতাতে প্ৰাণ হেৰুৱাই ৮ জনকৈ লোকে(8 persons killed in Bus accident in UP) । আনহাতে গুৰুতৰভাৱে আহত হয় প্ৰায় ২৪ জনকৈ যাত্ৰী । ঘটনাৰ খবৰ পোৱাৰ মাত্ৰকে ঘটনাস্থলীত উপস্থিত হয় আৰক্ষীৰ এটা দল । আহত সকলক ততালিকে প্ৰেৰণ কৰে চিকিৎসালয়লৈ । ঘটনাস্থলীত উপস্থিত হয় ডিএম মহেন্দ্ৰ বাহাদুৰ সিং আৰু আৰক্ষী অধীক্ষক সঞ্জীৱ সুমন ।

ইফালে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে লখিমপুৰ খেৰী জিলাত সংঘটিত পথ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা যাত্ৰীসকলৰ বাবে বাবে শোক প্ৰকাশ কৰে আৰু মৃতকৰ শান্তি কামনা কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গৰ প্ৰতি সমবেদনা জ্ঞাপন কৰে(CM Yogi Adityanath expressed grief) । মুখ্যমন্ত্ৰী যোগীয়ে জিলা প্ৰশাসনৰ বিষয়াসকলক আঘাটপ্ৰাপ্তসকলক সঠিক চিকিৎসা প্ৰদানৰ বাবে নিৰ্দেশ প্ৰদান কৰে । তেঁও আহতসকলৰ দ্ৰুত আৰোগ্য কামনা কৰিছে । লগতে, ডিএম আৰু জ্যেষ্ঠ আৰক্ষী বিষয়াসকলক সাহায্যৰ কাম ত্বৰান্বিত কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে ।

লগতে পঢ়ক: উত্তৰ প্ৰদেশ চৰকাৰৰ মাদ্ৰাছা প্ৰীতি !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.