ETV Bharat / bharat

CM Stalin Roared About NEET : শিক্ষা ৰাজ্যৰ তালিকালৈ হস্তান্তৰ কৰিব লাগে; তামিলনাডুৰ মুখ্যমন্ত্ৰী ষ্টেলিন - Tamilnadu Chief Minister MK Stalin

"শিক্ষা ৰাজ্যৰ তালিকালৈ স্থানান্তৰ কৰিব লাগে আৰু তেতিয়াহে 'NEET'ৰ দৰে পৰীক্ষা প্ৰণালী সম্পূৰ্ণৰূপে বাতিল কৰিব পৰা যাব ।" তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে চেন্নাইত স্বাধীনতা দিৱসৰ ভাষণত কয় ।

CM Stalin Roared About NEET
CM Stalin Roared About NEET
author img

By

Published : Aug 15, 2023, 7:24 PM IST

নিউজ ডেস্ক, ১৫ আগষ্ট : সমগ্ৰ দেশতে আজি উদযাপন কৰা হয় ৭৭ সংখ্যক স্বাধীনতা দিৱস । এই উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিল্লীৰ লালকিল্লাত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি দেশবাসীক সম্বোধন কৰে । একেদৰে তামিলনাডুতো মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে চেন্নাইৰ ছেইণ্ট জৰ্জ ফ'ৰ্টত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে । আনহাতে, স্বাধীনতা দিৱসৰ ভাষণত ষ্টেলিনে NEET বিষয়টোৰ তীব্ৰ বিৰোধিতা কৰে ।

মুখ্যমন্ত্ৰী ষ্টেলিনে তেওঁৰ স্বাধীনতা দিৱসৰ ভাষণত কয়, "জনসাধাৰণৰ সৈতে পোনপটীয়া সম্পৰ্ক থকা সকলোবোৰ বিষয় ৰাজ্যৰ তালিকাত অন্তৰ্ভুক্ত কৰিব লাগে । বিশেষকৈ শিক্ষা ৰাজ্যৰ তালিকালৈ স্থানান্তৰ কৰিব লাগে । তাৰ পিছত 'NEET'ৰ দৰে নিষ্ঠুৰ পৰীক্ষা ব্যৱস্থা সম্পূৰ্ণৰূপে বাতিল কৰিব পৰা যাব ।"

উল্লেখ্য যে এদিন পূৰ্বে এজন শিক্ষাৰ্থীয়ে NEET-ৰ দ্বিতীয় প্ৰচেষ্টাত বিফল হোৱাৰ পিছত আত্মহত্যা কৰিছিল । এই ঘটনাৰ পিছত তেওঁৰ পিতৃয়েও আত্মহত্যাৰ দৰে পন্থা বাছি লয় ।

আনহাতে, ঘটনাটোৰ এদিন পূৰ্বে তামিলনাডুৰ ৰাজ্যপাল আৰ এন ৰবিয়ে কৈছিল, "মই (ৰাজ্যপাল) কেতিয়াও NEET-ৰ বাবে নিষেধাজ্ঞা নিদিওঁ । একে সময়তে, NEET ৰাজহুৱা তালিকাত আছে । গতিকে ইয়াক ৰাষ্ট্ৰপতিৰ পৰামৰ্শৰ বাবে প্ৰেৰণ কৰা হৈছে । NEET পৰীক্ষাৰ বাবে অধ্যয়ন কৰিবলৈ প্ৰশিক্ষণ কেন্দ্ৰলৈ যোৱাৰ কোনো প্ৰয়োজন নাই । বিদ্যালয়ৰ সময়ত পাঠ পৰিচালনা কৰোঁতে শিক্ষাৰ্থীসকলক NEET-ৰ বাবে প্ৰস্তুত কৰিব পাৰি । NEET-ৰ পৰা অব্যাহতি দিয়োটোৱে শিক্ষাৰ্থীসকলৰ দেশৰ ভিতৰত প্ৰতিযোগিতা কৰাৰ সামৰ্থ্যৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিব ।" তেওঁ লগতে কয় । উল্লেখ্য যে NEET বিষয়টোৱে তামিলনাডুত বিতৰ্কৰ সৃষ্টি কৰি আছে ।

ইয়াৰ উপৰি মুখ্যমন্ত্ৰী ষ্টেলিনে দ্ৰাবিড়িয়ান মডেলৰ বিষয়ে কয়, "শিক্ষা, অৰ্থনীতি, ঔষধ, কৃষি, ৰপ্তানি আৰু দক্ষ মানৱ শক্তিৰ সকলো দিশতে ভাৰতৰ সামগ্ৰিক বিকাশত তামিলনাডুই অৰিহণা যোগাই আহিছে । যদিহে সামাজিক ন্যায় শাসন ব্যৱস্থাৰ দ্ৰাবিড়িয়ান আৰ্হি 'সকলোৱেই সকলোৰে বাবে' সমগ্ৰ ভাৰতলৈ বিয়পি পৰে ।"

উল্লেখ্য যে তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চি এন আন্নাদুৰাই আৰু কৰুণানিধিয়েও তেওঁলোকৰ বক্তব্য প্ৰদান কৰি আহিছে যে ফেডাৰেল ভাৰতত অন্তৰ্ভুক্ত ৰাজ্যবোৰে স্বায়ত্ত শাসনৰ অধিকাৰ থাকিলে তেনেদৰে কাম কৰা উচিত । বিভিন্ন জাতি, ভাষা, ধৰ্ম আৰু সংস্কৃতিৰ সকলো লোকৰ বিকাশৰ সৈতে ৰাজ্যসমূহৰ দ্বাৰা একত্ৰিত ভাৰত বিকাশ হোৱা উচিত । লগতে তেওঁলোকে সামাজিক ন্যায়, সমতা, ভ্ৰাতৃত্ব, সমতা, ধৰ্মনিৰপেক্ষতা আৰু নিপীড়িতসকলৰ কল্যাণৰ সৰ্বোচ্চ আদৰ্শৰে ভাৰতক নিৰ্মাণ কৰাটো আমাৰ দেশৰ স্বাধীনতাৰ বাবে যুঁজ দিয়া শ্বহীদসকলৰ প্ৰতি এক প্ৰকৃত শ্ৰদ্ধাঞ্জলি হ'ব বুলিও কয় ।

আনহাতে, স্বাধীনতা দিৱসৰ শুভেচ্ছা জনাই তামিলনাডুৰ মুখ্যমন্ত্ৰী ষ্টেলিনে কয়, "ভাৰতীয় হোৱাৰ গৌৰৱেৰে আমাৰ দেশক ভালপোৱা সকলোকে স্বাধীনতা দিৱসৰ শুভেচ্ছা জনালোঁ ।"

লগতে পঢ়ক :Independence Day celebration in RFC : ৰামোজী ফিল্ম চিটীত স্বাধীনতা দিৱস উদযাপন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.