শিক্ষাবিদ তথা পদ্মশ্ৰী বটা প্ৰাপক কৃষ্ণ কুমাৰে কয় যে, ক’ভিড-১৯ ৰ ফলত সমগ্ৰ দেশজুৰি কোটি কোটি শিশু শিক্ষাৰ পৰা বঞ্চিত হ’ব লগা হৈছে ৷ তেওঁ মত পোষণ কৰে যে এই অৱস্থাক যদি জৰুৰিকালিন অৱস্থা হিচাপে বিবেচনা কৰা নহয়, তেন্তে ইয়াৰ বাবে ভাৰতবৰ্ষই এক ডাঙৰ মূল্য ভৰিব লাগিব ৷ তেওঁ সাৱধান কৰি দিয়ে যে যদিহে দেশৰ সাম্প্ৰতিক পৰিস্থিতিৰ গম্ভীৰতাক গুৰুত্বসহকাৰে লোৱা নাযায়, তেনেহ’লে দেশৰ শিক্ষা খণ্ডৰ সামগ্ৰিক প্ৰগতি এক দ-খাৱৈত পৰিবগৈ ৷ কৃষ্ণ কুমাৰে পূৰ্ৱতে ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ সচিব হিচাপে সেৱা আগবঢ়াইছিল ৷ তদুপৰি তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰ শিক্ষা বিভাগৰ অধ্যাপক হিচাপেও কৰ্মৰত আছিল ৷ তেওঁ কয় যে, বন্ধ হৈ যোৱা বিদ্যালয় সমূহ পুনৰাম্ভ কৰিবলৈ লগতে বিদ্যালয়ৰ পৰা বাদ পৰা শিশু সকলৰ নামভৰ্তি কৰিবলৈ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে আৰ্থিক সাহাৰ্য আগঢ়োৱা উচিত ৷ তেওঁ পুনৰ এইদৰে কয়, কিন্তু ইয়াৰ পূৰ্বে, বিদ্যালয়লৈ যোৱা শিশু সকলৰ ওপৰত মহামাৰীয়ে কেনে ধৰণৰ প্ৰভাৱ পেলাইছে তাক জানিবলৈ এক ব্যাপক জৰিপ চলোৱা উচিত ৷ ইনাডুৰে হোৱা তেওঁৰ সাক্ষাৎকাৰটোত ভাৰতবৰ্ষৰ শিক্ষা ব্যৱস্থাটোৰ বিষয়ে কৃষ্ণ কুমাৰে কেইবাটাও পৰামৰ্শ আগবঢ়াই ৷ তাৰেই অংশ বিশেষ তলত দিয়া হ’ল...
মহামাৰীৰ ২য়টো ঢৌৱে শিক্ষা খণ্ডক কেনেকৈ প্ৰভান্বিত কৰিব ?
নিজৰ নিজৰ ঠাইসমূহলৈ উভতি যোৱা লাখ লাখ প্ৰব্ৰজনকাৰী শ্ৰমিক সকলৰ সন্তান সকলৰ শৈক্ষিক অৱস্থাৰ সম্পৰ্কত কোনো ধৰণৰ অধ্যয়ন কৰা হোৱা নাই ৷ আনকি মেট্ৰ’ মহানগৰী সমূহতো এক বৃহৎ সংখ্যক শিশু শিক্ষাৰ পৰা বঞ্চিত হ’ব লগা হৈছে ৷ প্ৰথমটো ঢৌৰ পাচত যদিও শ্ৰমিক সকলে চহৰ সমূহলৈ উভতি গৈছিল; লগত কিন্তু তেওঁলোকৰ শিশু সন্তান সকলক লৈ যোৱা নাছিল ৷ তদুপৰি লক্ষ লক্ষ বেচৰকাৰী বিদ্যালয় বন্ধ হৈ পৰিছিল ৷ এই স্কুল সমূহত অধ্যয়ন কৰা লক্ষ লক্ষ শিশু সকলৰ অৱস্থা কেনেকুৱা সেইয়া কোনেও নাজানে ৷
এই প্ৰভাৱ প্ৰসমন কৰিবৰ বাবে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰ সমূহে কি কৰা উচিত ? বৰ্তমান মূহুৰ্তত চৰকাৰে ল’ব পৰা উপায়বোৰ কি কি ?
সৰ্বপ্ৰথমে ক’ভিড-১৯ এ ছাত্ৰ-ছাত্ৰী সকলৰ ওপৰত কেনে ধৰণৰ প্ৰভাৱ পেলাইছে সেই বিষয়ে এক সৰ্বাত্মক জৰিপ চলোৱা উচিত হ’ব ৷ লগতে বিশ্বাসযোগ্য পৰিসংখ্যা যোগোটাব লাগিব ৷ সঠিক ক্ষেত্ৰভিত্তিক তথ্য নোহোৱাকৈ সামগ্ৰিক পৰিকল্পনা কৰিব নোৱাৰি ৷ বিগত এটা বছৰ ধৰি মধ্যাহ্ন ভোজন আঁচনি কেনেদৰে প্ৰভান্বিত হৈছে, ই কেনেদৰে বিদ্যালয়লৈ যোৱা ছাত্ৰ-ছাত্ৰী সকলৰ ওপৰত প্ৰভাৱ পেলাইছে এই সকলোবোৰ বিশ্লেষণ কৰিব লাগিব ৷ লগতে এই কথাটো জনাও গুৰুত্বপূৰ্ণ হ’ব যে বন্ধ হৈ যোৱা বেচৰকাৰী বিদ্যালয় সমূহৰ ছাত্ৰ-ছাত্ৰীবোৰ কেনে অৱস্থাত আছে ৷ ইয়াৰে কিছু সংখ্যকে চৰকাৰী বিদ্যালয়ত যোগদান কৰিছে ৷ কিন্তু আমি ইয়াৰ প্ৰকৃত সংখ্যা জানিব লাগিব ৷ কিয়নো, তেতিয়াহে আমি ৰাজ্যৰ দাৰা পৰিচালিত বিদ্যালয়বোৰত অতিৰিক্ত আসনৰ ব্যৱস্থা কৰিব পাৰিম; লগতে অতিৰিক্ত শিক্ষকো নিযুক্তি দিব পাৰিম ৷ প্ৰণিধাণযোগ্য যে, এক বৃহৎ সংখ্যক শিশু বিশেষকৈ দুখীয়া গাঁৱলীয়া তথা প্ৰব্ৰজনকাৰী শ্ৰমিক সকলৰ ছোৱালী সন্তানবোৰে বিদ্যালয় ত্যাগ কৰি শিশু শ্ৰমিকত পৰিণত হৈছে ৷ আমি যদি তথ্য গোটাব পাৰো তেনেহ’লে আমি পৰিকল্পিতভাৱে তেনে শিশু সকলক পুনৰ বিদ্যালয়লৈ উভতাই আনিব পাৰো ৷
চি বি এছ ই আৰু ৰাজ্যিক বৰ্ডবোৰে পৰীক্ষা সমূহ স্থগিত কৰিছে ৷ ইয়াৰ পৰিণতিবোৰ কেনে ধৰণৰ হ’ব ?
দশম মানৰ পৰীক্ষা বাতিল কৰা আৰু দ্বাদশৰ পৰীক্ষা স্থগিত কৰাটো যুক্তিসংগত ৷ দৰাচলতে যোৱাটো বৰ্ষত দ্বাদশৰ ছাত্ৰ-ছাত্ৰী সকলে কেৱল অনলাইন শ্ৰেণী সমূহৰ যোগেদিহে পাঠদান গ্ৰহণ কৰিছিল ৷ সেয়ে পৰীক্ষাবোৰো অনলাইনতেই পাতিব পাৰি ৷ ইয়াৰ কোনোটোৱেই অসম্ভৱ নহয় ৷ যি সকল শিশুক ডিজিটেল আহিলাৰ প্ৰয়োজন আছে তেওঁলোকৰ বাবে অস্থায়ী ভিত্তিত তেনে সজুলি স্থাপন কৰিব পৰা যায় ৷ বৰ্তমান বহুতো বিশ্ববিদ্যালয়ে প্ৰথম বৰ্ষৰ ছাত্ৰ-ছাত্ৰী সকলৰ বাবে অনলাইন যোগেদিয়েই পৰীক্ষা পৰিচালনা কৰিছে ৷
ধনী আৰ দুখীয়াৰ মাজত থকা ব্যৱধানে শিক্ষাৰ গুণগত মানৰ ওপৰত প্ৰভাৱ পেলাইছে ৷ এই ব্যৱধান কেনেকৈ নোহোৱা কৰিব পৰা যাব ?
এই ব্যৱধান মহামীৰৰ পূৰ্বেও আছিল ৷ কিন্তু সম্প্ৰতি ই প্ৰকত হৈ দেখা দিছে ৷ চৰকাৰী আৰু বেচৰকাৰী দুয়োটা খণ্ডতে শিক্ষক সকলৰ নূন্যতম মজুৰি নিৰ্ধাৰণ হোৱাটো উচিত ৷ যিবোৰ বেচৰকাৰী বিদ্যালয়ে শিক্ষক সকলক নূন্যতম মজুৰি দিব নোৱাৰে তেনে বিদ্যালয়বোৰক চৰকাৰে সাহাৰ্য প্ৰদান কৰা উচিত ৷ এনেকৈ আমি প্ৰশিক্ষিত শিক্ষক নিযুক্তি দিব পাৰিম ৷ ঠিক একেদৰেই চৰকাৰে প্ৰাথমিক সাহাৰ্যখিনি আগবঢ়াই মহামাৰীৰ ফলত বন্ধ হৈ যোৱা বিদ্যালয়বোৰক পুনৰুদ্ধাৰ কৰা উচিত ৷ এই কাৰ্যক কোনো কাৰণতেই এক বোজা বুলি বিবেচনা কৰা উচিত নহ’ব ৷ যদি সকলো শিশুৱেই বিদ্যালয়লৈ পুনৰ ঘূৰি আহে, তেনে ক্ষেত্ৰত পৰ্যাপ্ত সংখ্যক শিক্ষক নিযুক্তি দিবলৈ তথা আন্তঃগাঠনি গঢ়ি তুলিবলৈ যথেষ্ট ব্যয় কৰিব লাগিব ৷ কিন্তু ইয়াক বাস্তবায়িত কৰিবলৈ যাওতে আমোলাতন্ত্ৰৰ চেপাত ই যথেষ্ট বিলম্বিত হ’ব ৷ মুঠতে শিক্ষাৰ স্তৰ উন্নতিৰ বাবে কৰনিয়খিনি কৰিবই লাগিব ৷
চাৰি বছৰৰ তলৰ শিশু সকলেও অনলাইন যোগেদি কৰা পাঠদান গ্ৰহণ কৰি আছে ৷ ই তেওঁলোকক কেনেদৰে প্ৰভান্বিত কৰিব ?
ভাৰতবৰ্ষৰ বাহিৰে বিশ্বৰ কোনো দেশেই প্ৰাক্-প্ৰাথমিক আৰু কিণ্ডাৰগাৰ্টেনৰ শিশু সকলৰ বাবে ই-ক্লাছৰ জৰিয়তে পাঠদান কৰি থকা নাই ৷ শিশুৰ মনোবৈজ্ঞানিক আৰু বিকাশৰ দৃষ্টিকোণৰ পৰা চাবলৈ গ’লে তেওঁলোকৰ মানসিক অৱস্থাটোৰ বাবে ই একেবাৰেই সঠিক নহয় ৷ ডাঙৰ আৰু প্ৰাপ্তবয়স্ক সকলৰ মাধ্যমেৰে কেনেকৈ পঢ়ুৱা যাব সেই বিষয়ে বিচাৰ বিবেচনা কৰি আমি এই সমস্যাৰ সমাধানৰ পথ উলিয়াব পাৰো ৷ মোৰ মতে, মহামাৰীৰ প্ৰকোপ অন্ত পৰাৰ পাচতেই চাৰি বছৰ বয়সৰ যি সকল শিশুৱে অনলাইন যোগে হোৱা পাঠদান গ্ৰহণ কৰি আছে তেওঁলোকৰ চকু আৰু সামগ্ৰিক বিকাশৰ পৰীক্ষা কৰোৱা উচিত হ’ব ৷ এই বয়সৰ শিশু সকলৰ বাবে শিক্ষাৰ এক কঠোৰ ৰুটিনৰ প্ৰয়োজনীয়তা নাই ৷ তেওঁলোকৰ বাবে সামান্য প্ৰাথমিক শিক্ষাই যথেষ্ট ৷
মহামাৰীৰ ফলত কোটি কোটি লোকে কৰ্মসংস্থাপন হেৰুৱাব লগা হৈছে ৷ এই পৰিয়াল সমূহৰ শিশু সকলে যাতে শিক্ষা লাভৰ পৰা বঞ্চিত হ’ব লগীয়া নহয় তাৰ বাবে চৰকাৰে কি পদক্ষেপ গ্ৰহণ কৰা উচিত ?
এনে ছাত্ৰ-ছাত্ৰী সকললৈ আৰ্থিক সাহাৰ্য আগঢ়োৱাতো জৰুৰী ৷ এনে কোটি কোটি শিশু আছে যি সকল অবহেলিত আৰু প্ৰাথমিক শিক্ষাৰ পৰা বঞ্চিত ৷ সমীক্ষা শেষ হোৱাৰ পাচত চৰকাৰে সিদ্ধান্ত ল’ব পাৰিব যে প্ৰতিটো গ্ৰেডৰ বাবে কেনে পৰ্যায়ৰ সাহাৰ্য আগবঢ়াব পৰা যাব ৷ লকডাউনৰ সময় চোৱাত বন্ধ হৈ যোৱা বেচৰকাৰী বিদ্যালয় সমূহলৈ চৰকাৰে আৰ্থিক সাহাৰ্য আগবঢ়োৱাটো জৰুৰী ৷ সম্প্ৰতি চৰকাৰী নে বেচৰকাৰী সেইটো প্ৰশ্ন নহয় ৷ বিদ্যালয় সমূহত কোনো ছাত্ৰ-ছাত্ৰী আছিল নে নাছিল সেইটোহে প্ৰধান বিচাৰ্য হোৱা উচিত ৷ এবাৰ এই পৰিস্থিতিৰ উপসম ঘটাৰ পাচত চৰকাৰে সাহাৰ্য সমূহ বাহাল ৰাখিব নে নাই সেই বিষয়ে বিচাৰ কৰিব পাৰিব ৷ এই মূহুৰ্ত্তত আমি এক গভীৰ সংকটত পৰিছো ৷ আমি সংকটৰ গম্ভীৰতালৈ লক্ষ্য কৰি ব্যৱস্থা গ্ৰহণ কৰিব লাগিব ৷ বিদ্যালয় ত্যাগ কৰা শিশু সকলক পুনৰ শ্ৰেণী কোঠালৈ যদি ঘূৰাই আনিব পৰা নাযায় তেন্তে ভাৰতবৰ্ষই এক ডাঙৰ মূল্য ভৰিব লাগিব ৷ যাৰ ফলত দেশখনে অগ্ৰগতিৰ বিপৰীতে এক পশ্চাদগামী গতিৰে গমন কৰিব ৷
-এন বিশ্ব প্ৰসাদ