ETV Bharat / bharat

Delhi liquor scam: তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৰ কন্যা কালভাকুন্তলা কবিতালৈ EDৰ জাননী

author img

By

Published : Mar 9, 2023, 4:57 PM IST

দিল্লীৰ সুৰা কেলেংকাৰী গোচৰত তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৰ কন্যা কালভাকুন্তলা কবিতালৈ EDৰ জাননী ৷ ধনৰ লেনদেনৰ অভিযোগত জড়িত থকাৰ অভিযোগ কালভাকুন্তলা কবিতাৰ বিৰুদ্ধে (ED notice to Kalvakuntla Kavitha) ৷

Delhi liquor scam
তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৰ কন্যা কালভাকুন্তলা কবিতালৈ EDৰ জাননী

নেশ্যনেল ডেস্ক, 9 মাৰ্চ: ক্ষীপ্ৰতাৰে চলিছে দিল্লীৰ সুৰা কেলেংকাৰীৰ তদন্ত (Delhi liquor scam) ৷ এইবাৰ তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৰ কন্যা কালভাকুন্তলা কবিতালৈ জাননী জাৰি ED ৰ ৷ ধন ৰপ্তানিৰ অভিযোগত আদালতত হাজিৰ হোৱাৰ নিৰ্দেশ ৷ বৃহস্পতিবাৰে কালভাকুন্তলা কবিতাক আদালতত হাজিৰ হোৱাৰ নিৰ্দেশ দিছিল প্ৰৱৰ্তন সঞ্চালকালয়ে (ED notice to Kalvakuntla Kavitha) ৷

অৱশ্যে কালভাকুন্তলা কবিতাই বৃহস্পতিবাৰে আদালতত উপস্থিত থাকিব নোৱাৰে বুলি ED লৈ পত্ৰ লিখি 11 মাৰ্চত আদালতত হাজিৰ হ’ব বুলি অৱগত কৰে ৷ কিন্তু কালভাকুন্তলা কবিতাৰ পত্ৰ সন্দৰ্ভত ED য়ে কি প্ৰত্যুত্তৰ দিলে সেয়া বৰ্তমানলৈকে জানিব পৰা হোৱা নাই (Delhi liquor scam update) ৷

অভিযোগ অনুসৰি 100 কোটি টকাৰ ধনৰ লেনদেন আৰু ৰপ্তানি সন্দৰ্ভত কালভাকুন্তলা কবিতাই হায়দৰাবাদস্থিত সুৰা ব্যৱসায়ী অৰুণ ৰামচন্দ্ৰ পিল্লাইৰ পৰা কিছু গুৰুত্বপূৰ্ণ তথ্য সংগ্ৰহ কৰিছিল ৷ ইফালে, এই সমগ্ৰ প্ৰক্ৰিয়াত অৰুণ ৰামচন্দ্ৰপিল্লাই (Arun ramachandrapillai) নামৰ সুৰা ব্যৱসায়ীজন প্ৰত্যক্ষভাৱে জড়িত থকা বুলি চৰ্চিত হৈছে ৷ গতিকে ED য়ে অৰুণ ৰামচন্দ্ৰপিল্লাইকো পুনৰ সোধা-পোচা কৰাৰ সম্ভাৱনা আছে ৷ সম্প্ৰতি মনীষ চিছোদিয়াৰ সৈতে কাৰাবন্দী হৈ আছে অৰুণ ৰামচন্দ্ৰপিল্লাই ৷

উল্লেখ্য যে, 10 মাৰ্চত কালভাকুন্তলা কবিতাই মহিলা সংৰক্ষণ বিধেয়কৰ বাবে ভাৰত জাগ্ৰুতিৰ পৃষ্ঠপোষকতাত দিল্লীৰ যন্তৰ মন্তৰত এদিনীয়া অনশন কৰিব । দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ চিছোদিয়া (Manish Sisodia) আৰু সুৰা ব্যৱসায়ী অৰুণ ৰামচন্দ্ৰপিল্লাইক তদন্তৰ বাবে মাতি পঠিয়াই কাৰাগাৰলৈ প্ৰেৰণ কৰাৰ পাচতেই দিল্লীৰ লগতে হায়দৰাবাদৰো ৰাজনৈতিক পৰিৱেশ উত্তপ্ত হৈ পৰিছে ৷ সমান্তৰালভাৱে কালভাকুন্তলা কবিতালৈ EDয়ে জাননী প্ৰেৰণ কৰাৰ পাচতেই কবিতাৰ বাসগৃহত বৃদ্ধি কৰা হৈছে নিৰাপত্তা ব্যৱস্থা ৷

স্মৰ্তব্য যে, বিগত বৰ্ষৰ 11 ডিচেম্বৰতো দিল্লীৰ সুৰা কেলেংকাৰী সন্দৰ্ভত EDৰ জেৰাৰ সন্মুখীন হৈছিল কালভাকুন্তলা কবিতা ৷ ED ৰ 181 পৃষ্ঠাৰ অভিযোগপত্ৰতো নাম উল্লেখ আছিল কবিতাৰ ৷

লগতে পঢ়ক: Bihar rape case : বিহাৰৰ বেগুচৰাইত নাবালিকাক ধৰ্ষণ সুৰাপায়ীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.