নিউজ ডেস্ক, 3 ফেব্ৰুৱাৰী: সাৰদা কেলেংকাৰী সন্দৰ্ভত শুকুৰবাৰে কলকাতাৰ প্ৰৱৰ্তন সঞ্চালকালয়ে বাজেয়াপ্ত কৰিলে প্ৰয়াত প্ৰাক্তন কংগ্ৰেছ নেতা অঞ্জন দত্তৰ সম্পত্তি ৷ কলকতাৰ প্ৰৱৰ্তন সঞ্চালকালয়ে বাজেয়াপ্ত কৰে এই সম্পত্তিখিনি ৷ একে গোচৰত নলিনী চিদাম্বৰমৰো সম্পত্তি বাজেয়াপ্ত কৰিছে প্ৰৱৰ্তন সঞ্চালকালয় চমুকৈ ইডিয়ে ৷ নলিনী চিদাম্বৰম প্ৰাক্তন বিত্তমন্ত্ৰী পি চিদাম্বৰমৰ পত্নী ৷ সাৰদা কেলেংকাৰীৰ অন্যতম খলনায়ক আছিল সাৰদা গ্ৰুপ অৱ কোম্পানীৰ স্বত্বাধিকাৰী সুদীপ্ত সেন (ED attached assets worth more than Rs 6 crore) ৷
মুঠ 6 কোটিৰো অধিক টকাৰ সম্পত্তি বাজেয়াপ্ত কৰিছে ইডিয়ে ৷ বাজেয়াপ্ত কৰা সম্পত্তিৰ ভিতৰত আছে 3 কোটি টকাৰ অস্থাৱৰ সম্পত্তি আৰু 3.30 কোটি টকাৰ স্থাৱৰ সম্পত্তি ৷ পূৱ বংগ ক্লাৱৰ বিষয়া দেৱব্ৰত সৰকাৰ আৰু প্ৰাক্তন আই পি এছ তথা প্ৰাক্তন চিপিএম বিধায়ক দেবেন্দ্ৰনাথ বিশ্বাসৰো সম্পত্তি বাজেয়াপ্ত ৷ অঞ্জন দত্তৰ মালিকানাধীন অনুভূতি প্ৰিন্টাৰ্চৰ সম্পত্তি বাজেয়াপ্ত কৰিছে ইডিয়ে ৷ বাজেয়াপ্ত কৰা এই সমগ্ৰ সম্পত্তি আছিল সাৰদা গ্ৰুপ আৰু ইয়াৰ সৈতে জড়িত লোকসকলৰ (Saradha scam in India) ৷
এই মানি লণ্ডাৰিঙৰ সন্দৰ্ভত 2013 চনত প্ৰৱৰ্তন সঞ্চালকালয় চমুকৈ ইডিত এক গোচৰ ৰুজু কৰিছিল কলকাতা আৰক্ষী আৰু চিবিআয়ে ৷ এই গোচৰৰ ভিত্তিতেই ইডিয়ে আঠটা সম্পত্তি বাজেয়াপ্ত কৰাৰ নিৰ্দেশ জাৰী কৰিছিল ৷ সাৰাদা গ্ৰুপে ২০১৩ চনলৈকে পশ্চিম বংগ, অসম আৰু ওডিশাত বিস্তৃত কাৰ্যকলাপেৰে চিট ফাণ্ড কেলেংকাৰি চলাইছিল (Saradha Scam beneficiaries)। এই সাৰদা কোম্পানীয়ে সংগ্ৰহ কৰা মুঠ ধনৰ পৰিমাণ প্ৰায় ২৪৫৯ কোটি টকা ৷ যাৰ ভিতৰত সুতৰ পৰিমাণ বাদ দি প্ৰায় ১৯৮৩ কোটি টকা আজিলৈকে জমাকাৰীসকলক প্ৰদান নকৰাকৈয়ে আছে (Saradha scam updates) ।
লগতে পঢ়ক: সাৰদা কেলেংকাৰি গোচৰ সন্দৰ্ভত অংকিতা দত্তৰ প্ৰতিক্ৰিয়া
উল্লেখ্য যে, সাৰদা কেলেংকাৰী পোহৰলৈ অহাৰ সময়তে এই কেলেংকাৰীত নাম সাঙোৰ খাইছিল অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী তথা তদানীন্তন তৰুণ গগৈ নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰৰ অন্যতম মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ৷ সেই সময়ত ধুবুৰীত সাৰদা কোম্পানীৰ এটা বিস্কুটৰ উদ্যোগ মুকলি কৰি দিয়া ভাষণত হিমন্ত বিশ্ব শৰ্মাই সাৰদা গ্ৰুপৰ গুণ গাইছিল (Saradha scam allegation against Assam CM) ৷ পৰৱৰ্তী সময়ত যেতিয়া তেওঁ বিজেপিত যোগদান কৰিছিল, তেতিয়া এই বিষয়ে ব্যাপক চৰ্চা হৈছিল যে সাৰদা কেলেংকাৰীৰ পৰা হাত সাৰিবলৈকে হিমন্ত বিশ্ব শৰ্মা বিজেপিৰ শৰণাপন্ন হৈছে ৷ কেৱল সাৰদাই নহয়, উত্তৰ-কাছাৰ পাৰ্বত্য জিলাৰ 1000 কোটি টকা কেলেংকাৰী আৰু গুৱাহাটীৰ লুই বাৰ্জাৰ কেলেংকাৰীতো হিমন্ত বিশ্ব শৰ্মাৰ নাম সাঙোৰ খাইছিল (Himanta Biswa Sarma in Saradha scam) ৷
আনহাতে, সাৰদা কেলেংকাৰী সন্দৰ্ভত 2022 চনত চিবিআয়ে কলকাতালৈ মাতি জেৰা চলাইছিল কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী প্ৰয়াত অঞ্জন দত্তৰ জীয়াৰী তথা কংগ্ৰেছ নেত্ৰী অংকিতা দত্তক ৷ চিবিআয়ে প্ৰেৰণ কৰা চমন অনুসৰি 2022 চনৰ 3 ছেপ্টেম্বৰত তেওঁ চিবিআইৰ কলকাতাস্থিত কাৰ্যালয়ত হাজিৰ হ’বলৈ নিৰ্দেশ দিয়া হৈছিল (CBI summons Ankita Dutta) ৷ চিবিআইৰ চমন সন্দৰ্ভত সেইসময়ত অংকিতা দত্তই এয়া অন্যায় বুলি মন্তব্য কৰিছিল ৷ তেওঁ কৈছিল যে, সাৰদা কেলেংকাৰী সন্দৰ্ভত অনুসন্ধান সংস্থাৰ চমন আৰু জেৰাৰ সন্মুখীন হোৱাৰ ভয়ত হিমন্ত বিশ্ব শৰ্মা বিজেপিলৈ যাব পাৰে, কিন্তু অংকিতা দত্ত পিতৃ অঞ্জন দত্তৰ দৰেই সাহসী৷ সাৰদা কেলেংকাৰী সংঘটিত হোৱাৰ সময়ত অংকিতা দত্তই দিল্লী বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি আছিল আৰু এই সন্দৰ্ভত তেওঁ জড়িত নহয় বুলি দাবী কৰিছিল (ED attached Anjan Dutta assets) ৷
উল্লেখ্য যে, সেইসময়ত অসমৰ পৰা প্ৰকাশিত এখন দৈনিক বাতৰি কাকত ‘‘আজিৰ দৈনিক বাতৰি’’ৰ স্বত্বাধিকাৰী আছিল প্ৰয়াত অঞ্জন দত্ত ৷ এই কাকতখন চলাবৰ বাবে সাৰদাৰ মুৰব্বী সুদীপ্ত সেনৰ পৰা টকা লোৱা বুলি অভিযোগ উঠিছিল ৷ একেদৰে একেটা কেলেংকাৰীৰ গোচৰত নাম সাঙোৰ খাইছিল অসমৰ কণ্ঠশিল্পী সদানন্দ গগৈৰ (Sadananda Gogoi in Saradha scam) ৷ এই গোচৰত সদানন্দ গগৈয়ে জেইল খাটিব লগীয়া হৈছিল যদিও পৰৱৰ্তী সময়ত তেওঁ মুকলি হৈ আহে ৷ হাজাৰ বিতৰ্কৰ সূত্ৰপাত হ’লেও অৱশেষত ইডিৰ হাঁতোৰাত আৱদ্ধ হ’ল প্ৰয়াত অঞ্জন দত্তৰ সম্পত্তি ৷ পৰৱৰ্তী পৰ্যায়ত আৰু কোন কোন লোক ইয়াৰ আওঁতালৈ আহে সেয়া অৱশ্যেই লক্ষ্যনীয় হ’ব ৷
লগতে পঢ়ক: অংকিতা দত্তক চিবিআয়ে তলব কৰাক লৈ অৱতাৰণা হৈছে বহু প্ৰশ্নৰ