ETV Bharat / bharat

ED Arrested IAS Officer : ছত্তীশগড়ত ইডিৰ হাতত গ্ৰেপ্তাৰ মহিলা আইএএছ বিষয়া

ছত্তীশগড়ত আইএএছ বিষয়া ৰাণু চাহুৰ ঘৰত শুকুৰবাৰে তালাচী অভিযান চলোৱাৰ পিচত শনিবাৰে প্ৰৱৰ্তন সঞ্চালকালয়ে (ইডি) তেওঁক গ্ৰেপ্তাৰ কৰে ।

author img

By

Published : Jul 22, 2023, 6:30 PM IST

ED Arrested Woman IAS Officer
ED Arrested Woman IAS Officer

নিউজ ডেস্ক, ২২ জুলাই : শনিবাৰে প্ৰৱৰ্তন সঞ্চালকালয়ে (ইডি) ছত্তীশগড়ৰ আইএএছ বিষয়া ৰাণু চাহুক গ্ৰেপ্তাৰ কৰে । কেন্দ্ৰীয় তদন্তকাৰী সংস্থাটোৱে ধন আত্মসাতৰ গোচৰ সন্দৰ্ভত তেওঁৰ ঘৰৰ চৌহদত শুকুৰবাৰে অভিযান চলাইছিল । তাৰ এদিন পিচতে শনিবাৰে তেওঁক গ্ৰেপ্তাৰ কৰাৰ কথা ইডিৰ সূত্ৰত প্ৰকাশ ।

ইডিৰ অধিবক্তা সৌৰভ পাণ্ডেয়ে কয়, "চাহুক কয়লা লেভি গোচৰৰ সন্দৰ্ভত গ্ৰেপ্তাৰ কৰা হৈছে আৰু তেওঁক জিম্মাত বিচাৰি অবৈধ ধন সৰবৰাহ প্ৰতিৰোধ আইন (পিএমএলএ) গোচৰৰ শুনানিৰ বাবে আদালতত হাজিৰ কৰোৱা হৈছে ।"

উল্লেখ্য যে তেওঁ হৈছে এই গোচৰটোত গ্ৰেপ্তাৰ কৰা ৰাজ্যখনৰ দ্বিতীয়গৰাকী আইএএছ বিষয়া । ২০১০ বৰ্ষৰ ছত্তীশগড় কেডাৰৰ আইএএছ বিষয়া চাহুক বৰ্তমান ৰাজ্যিক কৃষি বিভাগৰ সঞ্চালক হিচাবে নিযুক্তি দিয়া হৈছে । এই নিযুক্তিৰ পূৰ্বে তেওঁ কয়লা সমৃদ্ধ কোৰবা আৰু ৰায়গড় জিলাৰ উপায়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল । ইডিয়ে শুকুৰবাৰে ৰায়পুৰত তেওঁৰ বাসগৃহত অভিযান চলাইছিল ।

তেওঁৰ ঘৰত পূৰ্বতেও তালাচী চলোৱা হৈছিল আৰু অভিযুক্ত কয়লা লেভি গোচৰৰ তদন্তৰ অংশ হিচাপে ইডিৰ দ্বাৰা তেওঁৰ সম্পত্তিৰ তালিকা সংলগ্ন কৰা হৈছিল । এইটো হৈছে ৰাজ্যখনত দ্বিতীয়টো আইএএছ বিষয়াক এই গোচৰটোত গ্ৰেপ্তাৰ কৰাৰ ঘটনা ।

ইয়াৰ পূৰ্বে ২০০৯ চনৰ বেটচৰ এজন আইএএছ বিষয়া সমীৰ বিষ্ণইক যোৱা বছৰ গ্ৰেপ্তাৰ কৰা হৈছিল । সংস্থাটোৱে ৰাজ্যখনত কয়লা লেভি আৰু সুৰা কেলেংকাৰীৰ এক কথিত তদন্ত কৰি আছে, য'ত ৰাজনীতিবিদ আৰু তেওঁলোকৰ সৈতে সম্পৰ্কিত লোকসকলৰ বাহিৰেও কিছুসংখ্যক বিশিষ্ট আমোলাকো গ্ৰেপ্তাৰ কৰা হৈছে ।

উল্লেখ্য যে প্ৰৱৰ্তন সঞ্চালকালয়ে ছত্তীশগড়ত কয়লা পৰিবহনৰ ওপৰত অবৈধভাৱে শুল্ক সংগ্ৰহ সন্দৰ্ভত ইতিমধ্যে এজন আইএএছ বিষয়া, দুজন বিধায়ক আৰু আন তিনিজন ব্যক্তিৰ প্ৰায় ৫১.৪ কোটি টকাৰ ৯০ টা স্থাৱৰ সম্পত্তি, বাহন, গহনা আৰু নগদ ধন সংলগ্ন কৰিছে ।

এই সন্দৰ্ভত ইডিৰ এজন মুখপাত্ৰই কয়, "ছত্তীশগড়ত অবৈধ কয়লা লেভিৰ বলপূৰ্বক ধনদাবী কেলেংকাৰী সন্দৰ্ভত আমি আইএএছ ৰাণু চাহু, সূৰ্যকান্ত তিৱাৰী, দেৱেন্দ্ৰ যাদৱ, বিধায়ক চন্দ্ৰদেৱ প্ৰসাদ ৰায়, বিধায়ক চন্দ্ৰদেৱ প্ৰসাদ ৰায়, আৰ পি সিং, বিনোদ তিৱাৰী আৰু ৰাম গোপাল আগৰৱালাৰ ৯০ টা স্থাৱৰ সম্পত্তি, বিলাসী বাহন, গহনা আৰু নগদ ধন সংলগ্ন কৰিছোঁ ।"

লগতে পঢ়ক :Chattisgarh Govt no Confidence Motion : বিজেপিৰ অনাস্থা প্ৰস্তাৱক প্ৰতিহত কৰিলে ছত্তীশগড়ৰ কংগ্ৰেছ চৰকাৰে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.