ETV Bharat / bharat

AAP MP Sanjay Singh arrested: সুৰা কেলেংকাৰীৰ গোচৰত গ্ৰেপ্তাৰ আপৰ সাংসদ সঞ্জয় সিং

দিল্লী সুৰা কেলেংকাৰীৰ গোচৰত আম আদমী পাৰ্টিৰ সাংসদ সঞ্জয় সিঙক গ্ৰেপ্তাৰ । প্ৰায় ১০ ঘণ্টাৰ জেৰাৰ অন্তত বুধবাৰে সন্ধিয়া গ্ৰেপ্তাৰ ED য়ে গ্ৰেপ্তাৰ কৰে সিঙক । ইয়াৰ পূৰ্বে পুৱা ED ৰ দলটোৱে দিল্লীত সিঙৰ চৰকাৰী বাসগৃহত অভিযান চলায় ।

author img

By ETV Bharat Assamese Team

Published : Oct 4, 2023, 7:12 PM IST

AAP MP Sanjay Singh arrested
Sanjay Singh arrested

নিউজ ডেস্ক, 4 অক্টোবৰ: দিল্লীৰ বহুচৰ্চিত সুৰা কেলেংকাৰীৰ গোচৰত প্ৰৱৰ্তক সঞ্চালকালয়ে (ED) বুধবাৰে গ্ৰেপ্তাৰ কৰে আম আদমী পাৰ্টীৰ সাংসদ সঞ্জয় সিঙক ৷ প্ৰায় 10 ঘন্টাজুৰি চলা সোধা-পোছাৰ অন্তত বিয়লি 5.15 বজাত গ্ৰেপ্তাৰ কৰা হয় আপৰ সাংসদগৰাকীক ৷ ইয়াৰ পূৰ্বে ED ৰ দলে সাংসদ সিঙৰ দিল্লীস্থিত চৰকাৰী বাসগৃহত অভিযান চলায় ৷

জানিব পৰা মতে, সঞ্জয় সিঙক গ্ৰেপ্তাৰ কৰি ED য়ে ইয়াৰ মুখ্য কাৰ্যালয়লৈ লৈ যায় ৷ ওৰেটো ৰাতি লক আপতে থাকিব সঞ্জয় সিং ৷ বৃহস্পতিবাৰে পুৱা তেওঁক আদালতত হাজিৰ কৰোৱা হ’ব ৷ অৰবিন্দ কেজৰিৱালৰ পিচত সঞ্জয় সিং এতিয়া আম আদমী পাৰ্টিৰ একমাত্ৰ পৰিচিত তথা সৰব মুখ । এতিয়া তেওঁকো গ্ৰেপ্তাৰ কৰা হৈছে । বিশেষ কথাটো হ’ল সুৰা কেলেংকাৰীত এতিয়ালৈকে যিকেইজন গ্ৰেপ্তাৰ হৈছে, তেওঁলোকৰ কোনেও জামিন লাভ কৰিবলৈ সক্ষম হোৱা নাই।

  • #WATCH | Delhi | Supporters of AAP MP Sanjay Singh sit outside his residence and raise slogans.

    ED raid is going on at his residence since today morning in connection with the Delhi excise policy case. pic.twitter.com/gGTvE3y2uk

    — ANI (@ANI) October 4, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

ED ৰ অভিযোগনামাত সঞ্জয় সিঙৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ

  • #WATCH दिल्ली: AAP सांसद संजय सिंह के आवास पर ED की छापेमारी पर AAP नेता राघव चड्ढा ने कहा, "पिछले करीब 15 महीनों से भाजपा एक तथाकथित शराब घोटाले की आड़ में हम पर आरोप लगा रही है। पिछले 15 महीनों में 1 हजार जगहों पर ईडी द्वारा छापेमारी कराई गई है। कई अफसर इसमें लगे हुए हैं। 15… pic.twitter.com/LQBjD5MNNz

    — ANI_HindiNews (@AHindinews) October 4, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

1. সুৰা কেলেংকাৰীৰ অভিযুক্ত দীনেশ অৰোৰাই মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক তেওঁৰ বাসগৃহত সাক্ষাৎ কৰিছিল । এই বৈঠকত সঞ্জয় সিঙো উপস্থিত আছিল ।

2. দীনেশ অৰোৰাৰ বক্তব্য অনুসৰি তেওঁ প্ৰথমে সঞ্জয় সিঙক এটা অনুষ্ঠানত লগ পাইছিল । ইয়াৰ পিছত তেওঁ মনীষ চিছ’দিয়াৰ সংস্পৰ্শলৈ আহে ।

3. সঞ্জয় সিঙৰ নিৰ্দেশত দীনেশ অৰোৰাই বহু ৰেষ্টুৰেণ্টৰ মালিকৰ সৈতে কথা পাতি দিল্লীৰ আগন্তুক নিৰ্বাচনৰ বাবে দলীয় ধন সংগ্ৰহ কৰে ।

4. ED য়ে অভিযোগ কৰিছে যে সঞ্জয় সিঙে দীনেশ অৰোৰাৰ এটা গোচৰ আবকাৰী বিভাগত বিচাৰাধীন হৈ আছিল ।

সঞ্জয় সিঙে পুৱা এখন ছবি পোষ্ট কৰি ঠাট্টা কৰিছিল:

  • #WATCH | On the arrest of AAP leader Sanjay Singh in Delhi liquor policy case, Delhi BJP President Virendraa Sachdeva says, "Today, one thing is clear that the truth cannot be hidden...After Sanjay Singh, it's Arvind Kejriwal. pic.twitter.com/A9jFJ1dtt3

পুৱা যেতিয়া অভিযান আৰম্ভ হৈছিল, সঞ্জয় সিঙে ছ’চিয়েল মিডিয়াত এখন ছবি পোষ্ট কৰে ৷ ছবিখনৰ জৰিয়তে তেওঁ কটুভাৱে লিখিছে, "ফক্কাদ হাউচলৈ ED ক আদৰণি জনোৱা হৈছে ।" ED ৰ অভিযানক লৈ আপে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল । একে সময়তে সিঙক গ্ৰেপ্তাৰ কৰাৰ খবৰৰ পিছত তেওঁৰ বাসগৃহৰ বাহিৰত বহু সমৰ্থক গোট খাই সজোৰে উত্থাপন কৰে বিভিন্ন শ্লোগান ।

মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কয়, "যোৱা এবছৰ ধৰি তথাকথিত সুৰা কেলেংকাৰীক লৈ হুলস্থুল চলি আছে, কিন্তু তেওঁলোকে এটকাও নাপালে । এহেজাৰতকৈ অধিকবাৰ অভিযান চলায়ো ক'তো একো পোৱা নগ'ল । একেদৰে সঞ্জয় সিঙৰ ঘৰতো একো পোৱা নাযাব । এয়া এজন পৰাজিত মানুহৰ হতাশজনক প্ৰচেষ্টা ।"

সুৰা কেলেংকাৰীত গ্ৰেপ্তাৰ হ’ল আপৰ দ্বিতীয়জন নেতা:

সুৰা কেলেংকাৰীৰ অভিযোগত আপৰ শীৰ্ষ নেতাসকলৰ বিৰুদ্ধে ব্যাপকভাৱে অভিযান চলি আছে । সঞ্জয় সিঙক গ্ৰেপ্তাৰ কৰাৰ পূৰ্বে CBI আৰু ED য়ে কেজৰিৱাল চৰকাৰৰ তদানীন্তন উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়াক গ্ৰেপ্তাৰ কৰিছিল । ইয়াৰ পিছত ছিছোদিয়াই মন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিবলগীয়া হয় ।

সুৰা কেলেংকাৰী কি ?

দিল্লীৰ কেজৰিৱাল চৰকাৰে ২০২১ চনৰ ১৭ নৱেম্বৰত নতুন সুৰা নীতি কাৰ্যকৰী কৰিছিল । ইয়াৰ অধীনত ৰাজধানীত ৩২টা জ’ন সৃষ্টি কৰি প্ৰতিটো জ’নত ২৭খন দোকান খোলাৰ প্ৰস্তুতি চলোৱা হয় । এইদৰে মুঠ ৮৪৯ খন দোকান খোল খালেহেঁতেন । বিশেষ কথাটো হ’ল এই নীতিত সকলো সুৰাৰ দোকান ব্যক্তিগতকৰণৰ ব্যৱস্থা আছিল । ইয়াৰ পূৰ্বে ৬০ শতাংশ দোকান চৰকাৰী আৰু ৪০ শতাংশ ব্যক্তিগত আছিল । নতুন নীতিত চৰকাৰে যুক্তি দিছিল যে ইয়াৰ ফলত ৩৫০০ কোটি টকাৰ লাভ হ’ব । লগতে চৰকাৰে অনুজ্ঞাপত্ৰৰ মাচুল বহুগুণ বৃদ্ধি কৰিছিল ।

লগতে পঢ়ক: Bihar Land For Job Scam : ভূমিৰ বিনিময়ত চাকৰি কেলেংকাৰী; লালু, ৰাবৰী আৰু তেজস্বী যাদৱক জামিন প্ৰদান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.