ETV Bharat / bharat

Amartya Sen is alive: বাবা কুশলে আছে; অমৰ্ত্য সেনৰ মৃত্যুৰ বাতৰিক লৈ কন্যাৰ টুইট - নোবেল বিজয়ী অৰ্থনীতিবিদ অমৰ্ত্য সেন

নোবেল বিজয়ী অৰ্থনীতিবিদ অমৰ্ত্য সেনৰ মৃত্যুৰ বাতৰিক লৈ বিভ্ৰান্তি ৷ একাংশ সংবাদ মাধ্যমত সেনৰ মৃত্যু হোৱা বুলি প্ৰকাশ পোৱাৰ পিচতেই অৰ্থনীতিবিদগৰাকীৰ জীয়ৰীয়ে টুইটযোগে জনালে যে, তেওঁৰ পিতৃ জীয়াই আছে ৷

Amartya Sen is alive
conomist Amartya Sen is alive
author img

By ETV Bharat Assamese Team

Published : Oct 10, 2023, 6:21 PM IST

নিউজ ডেস্ক, 10 অক্টোবৰ: নোবেল বঁটা বিজয়ী তথা প্ৰখ্যাত অৰ্থনীতিবিদ অমৰ্ত্য সেন জীয়াই আছে ৷ তেওঁৰ কন্যা নন্দনা দেৱ সেনে ইটিভি ভাৰতক নিশ্চিত কৰে যে কেইটাও সংবাদ মাধ্যমত সেনৰ মৃত্যু হোৱা বুলি প্ৰকাশ বাতৰি প্ৰকাশ পাইছে যদিও সেয়া শুদ্ধ নহয় ৷

ইটিভি ভাৰতৰ সৈতে হোৱা এক সাক্ষাৎকাৰত নন্দনাই কয় যে প্ৰখ্যাত অৰ্থনীতিবিদগৰাকী জীয়াই আছে আৰু তেখেতৰ মৃত্যুৰ বাতৰি অসত্য । "এইটো ফেক নিউজ, বাবা একেবাৰে ভালেই আছে ৷" নন্দনাই কয় ।

"বন্ধুসকল, আপোনালোকৰ চিন্তাৰ বাবে ধন্যবাদ কিন্তু ই ভুৱা বাতৰি: বাবা সম্পূৰ্ণ ভালে আছে । আমি মাত্ৰ কেম্ব্ৰিজত পৰিয়ালৰ সৈতে একেলগে এটা সুন্দৰ সপ্তাহ কটালোঁ ৷ যোৱা নিশা আমি বিদায় লোৱাৰ সময়ত তেওঁৰ আলিংগন সদায়ৰ দৰেই সবল আছিল ! তেওঁ সপ্তাহত ২টা পাঠ্যক্ৰম শিকাই আছে হাৰ্ভাৰ্ডত, তেওঁৰ নিজৰ কিতাপখনৰ কাম কৰি আছে ৷ আগৰ দৰেই ব্যস্ত!" নন্দনাই টুইট কৰে ।

  • Friends, thanks for your concern but it’s fake news: Baba is totally fine. We just spent a wonderful week together w/ family in Cambridge—his hug as strong as always last night when we said bye! He is teaching 2 courses a week at Harvard, working on his gender book—busy as ever! pic.twitter.com/Fd84KVj1AT

    — Nandana Sen (@nandanadevsen) October 10, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

সোমবাৰে ২০২৩ চনৰ অৰ্থনীতিৰ নোবেল বঁটা লাভ কৰা অৰ্থনীতিবিদ ক্লাউডিয়া গোল্ডিন বুলি দাবী কৰা ভুৱা এক্স হেণ্ডেল (@profCGoldin)ৰ পৰা যেন এই ভুৱা খবৰটোৰ উৎপত্তি হৈছে ।

‘‘এক ভয়ংকৰ খবৰ । মোৰ শ্ৰদ্ধাৰ অধ্যাপক অমৰ্ত্য সেনৰ কিছু সময় আগতে মৃত্যু হৈছে । ভাষাহীন" পোষ্টটোত লিখা আছিল । ইটিভি ভাৰতে যেতিয়া হেণ্ডেলটোৰ সত্যতা নিশ্চিত কৰিবলৈ চেষ্টা কৰিছিল, তেতিয়া গম পোৱা গ’ল যে প্ৰকৃত ক্লাউডিয়া গোল্ডিনৰ এটা বেলেগ এক্স একাউণ্ট (@PikaGoldin) আছিল যাৰ পিছত অফিচিয়েল নোবেল বঁটা এক্স হেণ্ডেলো আছিল ।

বিখ্যাত অৰ্থনীতিবিদ বেঞ্জামিন জেমছ গোল্ডস্মিথে এই ভুৱা টুইটৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিও নিশ্চিত কৰে যে সেন জীয়াই আছে আৰু তেওঁ আজি সেনৰ সৈতে কথা পাতিছে । "মই আজি মাত্ৰ তেওঁৰ লগত কথা পাতিলোঁ আৰু তেওঁৰ নিশ্চিতভাৱে মৃত্যু হোৱা নাই । এইটো কি ?" গোল্ডস্মিথে টুইট কৰে ।

লগতে পঢ়ক: 2023 Nobel Prize : ক্লডিয়া গোল্ডিনলৈ ২০২৩ চনৰ অৰ্থনীতিৰ নোবেল বঁটা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.