ETV Bharat / bharat

Delhi air pollution: ৰাজধানী দিল্লীৰ বিদ্যালয়সমূহত আগতীয়া শীতকালীন বন্ধ ঘোষণা - Delhi schools vacation

দিল্লীৰ সকলো বিদ্যালয়ৰ ডিচেম্বৰৰ শীতকালীন বন্ধৰ দিন পুনৰ নিৰ্ধাৰণ কৰা হৈছে ৷ অহা ৯ নৱেম্বৰৰ পৰা ১৮ নৱেম্বৰলৈকে বন্ধ থাকিব বিদ্যালয় ।

Delhi air pollution
Delhi air pollution
author img

By ETV Bharat Assamese Team

Published : Nov 8, 2023, 11:03 PM IST

নিউজ ডেস্ক, ৮ নৱেম্বৰ: ৰাষ্ট্ৰীয় ৰাজধানীত বায়ুৰ গুণগত মানৰ অৱনতি ঘটি থকাৰ সময়তে সকলো বিদ্যালয়ৰ ডিচেম্বৰ মাহৰ শীতকালীন বন্ধৰ সময়সীমা পুনৰ নিৰ্ধাৰণ কৰা হৈছে ৷ এতিয়া এই বন্ধ ৯ নৱেম্বৰৰ পৰা ১৮ নৱেম্বৰলৈ হ’ব বুলি দিল্লী শিক্ষা সঞ্চালকালয়ৰ এক নিৰ্দেশনাত প্ৰকাশ পাইছে । ইয়াৰ পূৰ্বে বায়ুৰ গুণাগুণ বেয়া হোৱাৰ বাবে ৩ নৱেম্বৰৰ পৰা ১০ নৱেম্বৰলৈ বন্ধৰ দিন ঘোষণা কৰা হৈছিল ।

"দিল্লীত প্ৰচলিত বায়ুৰ গুণাগুণ হ্ৰাসৰ বাবে GRAP-IV ব্যৱস্থা ৰূপায়ণৰ পৰিপ্ৰেক্ষিতত আৰু অদূৰ ভৱিষ্যতে এনে প্ৰতিকূল বতৰৰ পৰা ৰেহাই পোৱাৰ পৰিপ্ৰেক্ষিতত আইএমঅ’ই ভৱিষ্যদ্বাণী কৰিছে যে ২০২৩-২৪ শিক্ষাবৰ্ষৰ বাবে শীতকালীন বিৰতিৰ সময় নিৰ্ধাৰণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে ৷ যাতে বিদ্যালয়সমূহ সম্পূৰ্ণৰূপে বন্ধ কৰিব পৰা যায় আৰু শিশু আৰু শিক্ষক উভয়ে ঘৰতে থাকিব পাৰে ।’’

"সেই অনুসৰি সকলো বিদ্যালয়ে শীতকালীন বিৰতি ০৯ নৱেম্বৰ ২০২৩ বৃহস্পতিবাৰৰ পৰা ১৮ নৱেম্বৰ ২০২৩ শনিবাৰলৈকে পালন কৰিব লাগিব ৷’’ নিৰ্দেশনাটোত উল্লেখ কৰা হৈছে । বুধবাৰে পুৱা দিল্লী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলৰ বায়ুৰ গুণাগুণ পুনৰ গুৰুতৰ শ্ৰেণীলৈ নামি আহিল, চুবুৰীয়া ৰাজ্যসমূহত শস্য চপোৱাৰ পিছত ধানখেৰ জ্বলোৱাৰ বাবে ধোঁৱাই ৰাষ্ট্ৰীয় ৰাজধানীখনত বায়ু প্ৰদূষণৰ সৃষ্টি কৰিছে ।

মঙলবাৰে বিয়লি ৪ বজাত ৩৯৫ৰ পৰা অধিক অৱনতি ঘটি দিল্লী মহানগৰীৰ বায়ুৰ গুণাগুণ সূচকাংক ৪২১ হৈছেগৈ । শ্বাস-প্ৰশ্বাসতন্ত্ৰৰ গভীৰতালৈ সোমাই স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি কৰিব পৰা মিহি কণাযুক্ত পদাৰ্থ পিএম ২.৫ৰ ঘনত্বই ৰাজধানীত চৰকাৰে নিৰ্ধাৰণ কৰা প্ৰতি ঘনমিটাৰত ৬০ মাইক্ৰ’গ্ৰামৰ নিৰাপদ সীমা সাতৰ পৰা আঠগুণ অতিক্ৰম কৰিলে ।

বিশ্ব স্বাস্থ্য সংস্থাই নিৰ্ধাৰণ কৰা (WHO) প্ৰতি ঘনমিটাৰত ১৫ মাইক্ৰ’গ্ৰামৰ স্বাস্থ্যসন্মত সীমাতকৈ ই ৩০ৰ পৰা ৪০ গুণ আছিল । সমগ্ৰ ভাৰত-গংগা সমভূমিৰ কেইবাখনো চহৰত বিপজ্জনক বায়ুৰ গুণাগুণৰ তথ্য পোৱা গৈছে । চুবুৰীয়া প্ৰদেশ গাজিয়াবাদ (৩৮২), গুৰুগ্ৰাম (৩৭০), নয়ডা (৩৪৮), গ্ৰেটাৰ নয়ডা (৪৭৪) আৰু ফৰিদাবাদ (৩৯৬) আদিতো বিপজ্জনক বায়ুৰ গুণাগুণৰ কথা উল্লেখ কৰা হৈছে ।

লগতে পঢ়ক: Pollution in India: প্ৰদূষণৰ পৰা হাওঁফাওঁৰ ক্ষতি ৰোধ কৰাত কামত আহিব এই ঘৰুৱা উপায়

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.