ETV Bharat / bharat

বিদেশৰ পৰা লাভ কৰা সাহাৰ্য সন্দৰ্ভত প্ৰতিক্ৰিয়া মন্ত্ৰী জয়শংকৰৰ

'আপোনালোকে যাক সাহাৰ্য বুলি কৈছে, আমাৰ বাবে সেয়া বন্ধুত্ব । ৰাইজক সহায় কৰাৰ বাবে সাধ্য অনুসাৰে মই সকলো কৰিম' । কৰ'ণাসৃষ্ট সংকট কালত বিভিন্ন দেশে ভাৰতৰ প্ৰতি আগবঢ়োৱা সহযোগিতা সন্দৰ্ভত এই মন্তব্য কৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে ।

EAM Jaishankar on Covid foreign aid
বিদেশৰ পৰা লাভ কৰা সাহায্য সন্দৰ্ভত প্ৰতিক্ৰিয়া মন্ত্ৰী জয়শংকৰৰ
author img

By

Published : May 5, 2021, 12:14 PM IST

নেশ্যনেল ডেস্ক, ৫ মে': ক'ভিড-১৯ মহামাৰীয়ে ভাৰতত অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি কৰাৰ সময়তে বিশ্বৰ বহু কেইখন দেশে সহায়ৰ হাত আগবঢ়াইছে । বৰ্তমান ভাৰতত চিকিৎসা অক্সিজেনৰ অভাৱে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে । সেয়ে, ৰেড ক্ৰছ ছ'চাইটিৰ উদ্যোগত আমেৰিকাকে ধৰি কেইবাখনো দেশে ভাৰতলৈ সহায় আগবঢ়াইছে ।

ইয়াৰ মাজতে ক'ভিড সৃষ্ট পৰিস্থিতি নিয়ন্ত্ৰণত ভাৰত চৰকাৰ ক্ষমতাক লৈ একাংশই প্ৰশ্ন উত্থাপন কৰিছে । এক সংবাদ গোষ্ঠীৰে হোৱা সাক্ষাৎকাৰত এই সন্দৰ্ভত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে কয় যে, ক'ভিড-১৯ বৰ্তমান সমগ্ৰ বিশ্বৰ বাবে এক ভয়াৱহ সমস্যা । ঔষধৰ প্ৰসংগ উত্থাপন কৰি তেওঁ কয় যে, ভাৰতে আমেৰিকা যুক্তৰাষ্ট্ৰ, ছিংগাপুৰ আৰু বহু কেইখন ইউৰোপীয় দেশক হাইড্ৰ'ক্সিক্ল'ৰ'কুইন দিছিল ।

লগতে কেইবাখনো দেশক বিনামূলীয়াকৈ প্ৰতিষেধকো দিছিল ভাৰতে । তেওঁ কয় যে, এনেবোৰ কাৰ্যক এতিয়া সাহাৰ্য বুলি কোৱা হৈছে । কিন্তু এয়া তেওঁ বন্ধুত্বপূৰ্ণ সম্পৰ্ক বুলিহে বিবেচনা কৰে । তেওঁ লগতে কয় যে, তেওঁ ভাৱে যে, মানুহে এই ভয়াৱহ সমস্যাৰ প্ৰকৃত কথাবোৰৰ বিষয়ে অৱগত নহয় । বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে দিল্লীৰ পৰিস্থিতি সন্দৰ্ভত কয় যে, ৰাইজক সহায় কৰাৰ বাবে সাধ্য অনুসাৰে তেওঁ সম্ভাৱ্য সকলো প্ৰয়াস কৰিব ।

তেওঁ চিন্তা ব্যক্ত কৰি যে, ক'ভিড-১৯ৰ দ্বিতীয় ঢৌৰ সময়ত তেওঁৰ দেশৰ ৰাইজে এতিয়া ভয়াৱহ সমস্যাৰ সন্মুখীন হৈছে আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰী হিচাপে বৰ্তমান এইসকল লোকক সকলো সহায় আগবঢ়োৱাই হৈছে তেওঁৰ একমাত্ৰ উদ্দেশ্য ।

লগতে পঢ়ক:ত্ৰিপুৰাত ক'ভিড ৰোগীৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.