ETV Bharat / bharat

CPIM ৰ সমৰ্থনত ত্ৰিপুৰাত DYFI আৰু TYFৰ শোভাযাত্ৰা - নিযুক্তিৰ অভাৱ

বুধবাৰে ত্ৰিপুৰাৰ ৰাজধানী আগৰতলাত কেইবাটাও সংগঠনে শোভাযাত্ৰাৰ আয়োজন কৰে । শোভাযাত্ৰাৰ জৰিয়তে বাঁওমৰ্চাৰ প্ৰাৰ্থীসকলক ভোট দিবলৈ ৰাইজক আহ্বান সংগঠনসমূহৰ ।

Election
ত্ৰিপুৰাত চিপিআইএমৰ সমৰ্থনত DYFI আৰু TYFৰ শোভাযাত্ৰা
author img

By

Published : Nov 18, 2021, 12:31 PM IST

আগৰতলা,১৮ নৱেম্বৰ : সমাগত ত্ৰিপুৰাৰ পৌৰ নিগমৰ নিৰ্বাচন (Municipal election) । নিৰ্বাচনৰ পূৰ্বে প্ৰতিটো ৰাজনৈতিক দল ব্যস্ত হৈ পৰিছে । তাৰ মাজতে চিপিআই(এম) দলৰ যুৱ সংগঠনকে ধৰি ডিৱাইএফআই (DYFI) আৰু টিৱাইএফয়ে (TYF) বুধবাৰে এক বিশাল শোভাযাত্ৰা উলিয়াই । চিপিআই (এম) দলৰ সমৰ্থনত আগৰতলাত এই শোভাযাত্ৰা উলিওৱা হয় ।

শোভাযাত্ৰাত সংগঠনকেইটাৰ বহু নেতা-কৰ্মীয়ে অংশগ্ৰহণ কৰে । কাৰ্যসূচীত ভাগ লৈ ডিৱাইএফআইৰ (DYFI) ৰাজ্যিক সম্পাদক নবাৰুণ দেৱে বিজেপি-আইপিএফটি (BJP-IPFT) চৰকাৰক তীব্ৰ সমালোচনা কৰে । তেওঁৰ অভিযোগ মিত্ৰজোঁট চৰকাৰে যোৱা ৪৩ মাহ ধৰি ৰাজ্যখনত কেৱল সন্ত্ৰাসবাদক আশ্ৰয় দি আহিছে ।

তেওঁৰ মতে ৰাজ্যত এতিয়া নিযুক্তিৰ অভাৱ (Employment problem), খাদ্যৰ নাটনি (food shortage) আৰু গণতন্ত্ৰ শূন্য হৈ পৰিছে ত্ৰিপুৰা । সেয়েহে, এই শোভাযাত্ৰাৰ জৰিয়তে গণতন্ত্ৰৰ পুনৰুদ্ধাৰ আৰু খাদ্যৰ নাটনি সম্পৰ্কে জনসাধাৰণক সজাগ কৰাৰ চেষ্টা কৰা হৈছে ৷ বাওঁ মৰ্চাৰ প্ৰাৰ্থীসকলে আগন্তুক নিৰ্বাচনত যাতে জয়ী হ'ব পাৰে তাৰ বাবে ৰাইজক আহ্বান জনোৱা হৈছে । তেওঁৰ মতে মিত্ৰজোঁট চৰকাৰে ৰাইজক একো দিব পৰা নাই । তেওঁলোকে দিয়া প্ৰতিশ্ৰুতিবোৰো পালন কৰা হোৱা নাই ।

তেওঁৰ দাবী যদি শান্তিপূৰ্ণভাৱে নিৰ্বাচন অনুষ্ঠিত হয় তেন্তে বিজেপিয়ে এখনো আসনত জয়ী হ'ব নোৱাৰে । তেওঁ লগতে চৰকাৰক সমালোচনা কৰি কয় যে ৰাজ্যজুৰি জীৱিকাৰ সমস্যাই দেখা দিছে । ইয়াৰোপৰি নীৰৱ দৰ্শকৰ ভূমিকা পালন কৰা আৰক্ষীকো সমালোচনা কৰে নেতাগৰাকীয়ে । তেওঁৰ অভিযোগ আৰক্ষীয়ে বিজেপিৰ হৈ কাম কৰি আছে ।

ডিৱাইএফআইৰ সভাপতি পলাশ ভৌমিকে (Palash Bhaumik) কয় যে, বিজেপিক ২০১৮ চনত ত্ৰিপুৰাৰ জনসাধাৰণে বিভিন্ন লাভালাভৰ আশাত ভোট দিছিল । কিন্তু যোৱা ৪৪ মাহত বিজেপি চৰকাৰে ত্ৰিপুৰা ৰাজ্যত কোনো সমস্যা সমাধান কৰিবলৈ সক্ষম হোৱা নাই । নিবনুৱাৰ কোনো নিযুক্তি নাই, কৰ্মচাৰীসকল সমস্যাত পৰিছে আৰু শ্ৰমিকসকলেও বিভিন্ন ধৰণৰ সমস্যাত ভুগি আছে ।

তেওঁৰ অভিযোগ ৰাজ্যখনত খাদ্যৰ পৰিৱৰ্তে আছে কেৱল জংঘলৰাজ । পেট্ৰ'ল আৰু ডিজেলৰ মূল্য নিৰন্তৰ বাঢ়ি আহিছে । দৈনন্দিন প্ৰয়োজনীয় সামগ্ৰীৰ মূল্য দ্ৰুতগতিত বৃদ্ধি পাইছে । সেয়েহে, ২৫ নৱেম্বৰত বিজেপিৰ বিৰুদ্ধে ঠিয় দি চিপিআই(এম)ৰ প্ৰাৰ্থীক জয়ী কৰাবলৈ ৰাইজক আহ্বান জনাইছে সভাপতিগৰাকীয়ে ।

লগতে পঢ়ক :Red alert in Chennai : অহা দুদিনত প্ৰৱল বৃষ্টিপাতৰ আশংকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.