ETV Bharat / bharat

Misconduct on Flights : মাতাল হৈ প্ৰস্ৰাৱ কৰিলে মহিলাৰ গাত, এয়াৰ ইণ্ডিয়া বিমানত যাত্ৰীৰ অভদ্ৰামি

এজন সুৰাসক্ত ব্যক্তিয়ে এয়াৰ ইণ্ডিয়াৰ বিজনেছ ক্লাছত এগৰাকী মহিলা যাত্ৰীৰ ওপৰত প্ৰস্ৰাৱ কৰাৰ অভিযোগ উত্থাপিত হৈছে (Drunk Man Urinates On Woman In Air India) । বিষয়টোৰ তদন্ত আৰম্ভ কৰা হৈছে ।

author img

By

Published : Jan 4, 2023, 12:54 PM IST

Air India
Air India

নিউজ ডেস্ক, ৪ জানুৱাৰী: এইবাৰ বিমানৰ ভিতৰত সংঘটিত হৈছে এক অসদাচৰণৰ ঘটনা (misconduct on flights)। শেহতীয়া ঘটনাটোত এজন ব্যক্তিয়ে আমেৰিকা-দিল্লী এয়াৰ ইণ্ডিয়াৰ বিমানৰ বিজনেছ ক্লাছত (business class) এগৰাকী মহিলা যাত্ৰীৰ গাত প্ৰস্ৰাৱ কৰাৰ অভিযোগ উত্থাপিত হৈছে (man allegedly urinated on woman passenger) । তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে আৰু আৰক্ষীয়ে উক্ত অভিযোগৰ তদন্ত আৰম্ভ কৰিছে । সংবাদ সংস্থা ANI-ৰ প্ৰতিবেদন অনুসৰি, ঘটনাটো ২০২২ চনৰ ২৬ নৱেম্বৰত সংঘটিত হৈছিল ।

ঘটনা সন্দৰ্ভত এয়াৰ ইণ্ডিয়াৰ (Air India flight) এজন বিষয়াই ANI-ক কয়, "এয়াৰ ইণ্ডিয়াই এই ঘটনাটোৰ ওপৰত এখন আভ্যন্তৰীণ সমিতি গঠন কৰিছে আৰু পুৰুষ যাত্ৰীজনক 'নো-ফ্লাই লিষ্ট' (no fly list)ত ৰাখিবলৈ পৰামৰ্শ দিছে । বিষয়টো চৰকাৰী সমিতিৰ অধীনত আছে আৰু সিদ্ধান্তৰ বাবে অপেক্ষা কৰি থকা হৈছে ।"

উল্লেখ্য, মাজে সময়ে মাজ আকাশত বিমান যাত্ৰীসকলৰ মাজত বিভিন্ন ধৰণৰ ঘটনা সংঘটিত হয় । কিছুদিন পূৰ্বে তেনে ধৰণৰ আন এটা ঘটনা সংঘটিত হোৱাৰ পিছত শেহতীয়াকৈ এইটো ঘটনাৰ কথা পোহৰলৈ আহিছে । ইয়াৰ পূৰ্বে বেংকক-কলকাতাৰ এখন বিমানত যাত্ৰীসকলৰ মাজত এক বিবাদ আৰম্ভ হৈছিল । পিছত উক্ত ঘটনাটোৰ ভিডিঅ' ভাইৰেল হৈ পৰে । উক্ত ভাইৰেল ভিডিঅ'টোত দেখা গৈছিল যে দুই-তিনিজন যাত্ৰীৰ মাজত তৰ্কা-তৰ্কি লগাৰ পিছত আন এজন যাত্ৰীৰ ওপৰত প্ৰচণ্ড জোৰে ঘোচা মাৰে । অৱশ্যে কেবিন ক্ৰুয়ে উত্তেজিত যাত্ৰীসকলক শান্ত কৰিবলৈ চেষ্টা কৰে যদিও সেই চেষ্টা বৃথা হয় ।

আনহাতে, ঘটনাটো সন্দৰ্ভত অসামৰিক বিমান পৰিবহণ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই (Civil Aviation Minister Jyotiraditya Scindia) জনায় যে থাই স্মাইল এয়াৰৱেজ (Thai Smile Airways flight) বেংকক-কলকাতাৰ বিমানত হাতাহাতিত জড়িতসকলৰ বিৰুদ্ধে আৰক্ষীৰ ওচৰত গোচৰ ৰুজু কৰা হৈছে । "থাই স্মাইল এয়াৰৱেজৰ এখন বিমানত যাত্ৰীসকলৰ মাজত হোৱা হাতাহাতিৰ সন্দৰ্ভত জড়িতসকলৰ বিৰুদ্ধে আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰা হৈছে । এনে আচৰণ গ্ৰহণযোগ্য নহয় ।" সিন্ধিয়াই এটা টুইটত এনেদৰে কয় ।

বেংককৰ থাই স্মাইল এয়াৰৱেজৰ বেংকক-কলকাতা বিমানত সংঘটিত বিমানৰ ভিতৰত হোৱা বিবাদৰ বিষয়ে বিমান নিৰাপত্তা ৰক্ষীৰ সংশ্লিষ্ট কৰ্তৃপক্ষ বিমান নিৰাপত্তা নিৰীক্ষণ ব্যুৰোৰ (Bureau of Civil Aviation Security, BCAS) পৰা প্ৰতিবেদন বিচৰাৰ পিছতে মন্ত্ৰীগৰাকীৰ এই মন্তব্য আহে । ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা ঘটনাটোৰ এটা ভিডিঅ' গুৰুত্বসহকাৰে বিবেচনা কৰি বিচিএএছে বিষয়টোৰ এক বিতং প্ৰতিবেদন বিচাৰিছে বুলি সূত্ৰই জনায় ।

২৬ ডিচেম্বৰত সংঘটিত ঘটনাটোৰ ভিডিঅ'টোত দুজন যাত্ৰীক কাজিয়াত লিপ্ত হোৱা দেখা গৈছিল । আনকি ক্ৰু সদস্য আৰু অন্যান্য যাত্ৰীসকলে তাত হস্তক্ষেপ কৰিবলৈ চেষ্টা কৰি আছিল যদিও বিফল হয় ।

ইয়াৰ পূৰ্বে আন এটা ভাইৰেল ভিডিঅ'ত এগৰাকী এয়াৰ হোষ্টেজ আৰু এগৰাকী যাত্ৰীৰ মাজত আহাৰক লৈ তীব্ৰ বাক্য বিনিময় দেখা গৈছিল । ভিডিঅ'টোৱে ইণ্টাৰনেট জগতক দুভাগত বিভক্ত কৰিছিল । বহুতে এয়াৰ হোষ্টেজগৰাকীৰ পক্ষ লৈছিল আৰু কৈছিল যে কিছুমান যাত্ৰীয়ে কেবিন ক্ৰুৰ সৈতে সঁচাকৈয়ে উচ্ছৃংখল ব্যৱহাৰ কৰে । তেনে ক্ষেত্ৰত কেতিয়াবা কেতিয়াবা তেওঁলোকক কৰ্মচাৰীসকলে উপযুক্ত প্ৰত্যুত্তৰ দিব লাগে ।

লগতে পঢ়ক :UNSC welcomes new members : UNSCৰ নতুন সদস্য হিচাপে দায়িত্ব ল'লে ৫ খন দেশে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.