ETV Bharat / bharat

আৰ্থাৰ ৰোড কাৰাগাৰতে আৰু এটা বিনিদ্ৰ ৰজনী কটাব আৰিয়ানে

author img

By

Published : Oct 29, 2021, 9:04 PM IST

ড্ৰাগছৰ গোচৰত গ্ৰেপ্তাৰ হোৱা অভিনেতা শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খানে শুকুৰবাৰেও নাপালে মুক্তি । জানো আহক মুক্তিৰ পিছত কি কি নিয়ম অৱলম্বন কৰিব লাগিব আৰিয়ানে ৷

drugs-case-hc-orders-aryan-to-furnish-rs-one-lakh-personal-bond-asks-him-to-surrender-passport
আৰ্থাৰ ৰোড কাৰাগাৰতে আৰু এটা বিনিদ্ৰ ৰজনী কটাব আৰিয়ানে

চিটাৰা ডেস্ক, 29 অক্টোবৰ : বলীউডৰ চুপাৰষ্টাৰ শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খানে মুম্বাইৰ আৰ্থাৰ ৰোড কাৰাগাৰতে আৰু এটা ৰজনী অতিবাহিত কৰিব লাগিব ৷ কাৰাগাৰৰ এজন জ্যেষ্ঠ বিষয়াই জনোৱা মতে, আৰিয়ানৰ মুক্তিৰ কাগজপত্ৰ নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত লাভ কৰা হোৱা নাছিল। আৰ্থাৰ ৰোড কাৰাগাৰৰ বিষয়া গৰাকীয়ে কৈছে যে আৰিয়ান খানক শুকুৰবাৰে কাৰাগাৰৰ পৰা মুকলি কৰি দিয়া সম্ভৱ নহ'ব । ইয়াৰ পৰিৱৰ্তে তেওঁক শনিবাৰে ৰাতিপুৱাই মুকলি কৰি দিয়া হ'ব ।

বিষয়াজনে কয় যে, '' আইন সকলোৰে বাবে সমান । আমি কাকো কোনো বিশেষ সুবিধা দিব নোৱাৰো । জামিনৰ কাগজপত্ৰ পোৱাৰ অন্তিম সময় আছিল সন্ধিয়া ৫.৩০ বজাত আৰু ইতিমধ্যে এই সময়সীমা অতিক্ৰম হৈছে ৷ গতিকে তেওঁক আজি মুক্তি দিব পৰা নগ’ল ৷'' আনহাতে, উচ্চ ন্যায়ালয়ে নিৰ্ধাৰণ কৰা চৰ্তাৱলী অনুসৰি আৰিয়ান আৰু তেওঁৰ সৈতে থকা আন দুজনে বিশেষ এনডিপিএছ আদালতত তেওঁলোকৰ পাছপোৰ্ট সমৰ্পণ কৰিব লাগিব ৷

বিশেষ আদালতৰ পৰা অনুমতি নোলোৱাকৈ ভাৰত এৰিব নোৱাৰিব আৰু তেওঁলোকৰ উপস্থিতি চিহ্নিত কৰিবলৈ তেওঁলোকে প্ৰতি শুকুৰবাৰে এনচিবিৰ কাৰ্যালয়ত উপস্থিত থাকিব লাগিব ।

শুকুৰবাৰে আবেলি ন্যায়াধীশ এন ডব্লিউ চাম্ব্ৰেৰ দ্বাৰা অপাৰেটিভ আদেশৰ এটা প্ৰতিলিপি স্বাক্ষৰ কৰা হৈছিল । ইয়াৰ জৰিয়তে আৰিয়ান খানৰ অধিবক্তা সকলক সন্ধিয়াৰ ভিতৰত মধ্য মুম্বাইৰ আৰ্থাৰ ৰোড কাৰাগাৰৰ মুক্তি সুৰক্ষিত কৰাত সহায় কৰিব । ন্যায়াধীশ চাম্বৰেৰ একক বিচাৰপীঠে বৃহস্পতিবাৰে আৰিয়ান খানক জামিন প্ৰদান কৰিছিল ৷

লগতে পঢ়ক : ভাৰত-চীন সীমান্তৰ শেষৰখন গাঁৱৰ পৰা আমাৰ বিশেষ প্ৰতিবেদন...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.