ETV Bharat / bharat

25th July holds special role in Indian history: সোমবাৰে পঞ্চদশ ৰাষ্ট্ৰপতিৰূপে শপত ল'ব দ্ৰৌপদী মূৰ্মুৱে - Draupodi Murmu defeated Yashwant Sinha

25 জুলাই, ভাৰতৰ বাবে এটা বিশেষ দিন । বৰ্তমানলৈকে দেশৰ 9 জন ৰাষ্ট্ৰপতিয়ে শপত গ্ৰহণ কৰিছে এই বিশেষ দিনটোতে ৷ দ্ৰৌপদী মূৰ্মুৰ নামো আজিৰ এই বিশেষ দিনটোৰ তালিকাত অন্তৰ্ভুক্ত হ'বলৈ গৈ আছে (First citizen of India Draupodi Murmu)। তেওঁ হ’ব দেশৰ 15 সংখ্যক ৰাষ্ট্ৰপতি ৷

Droupadi Murmu will take oath tomorrow
সোমবাৰে দশম ৰাষ্ট্ৰপতিৰূপে শপত ল'ব মুৰ্মুৱে
author img

By

Published : Jul 24, 2022, 10:49 PM IST

Updated : Jul 25, 2022, 9:29 AM IST

নেশ্যনেল ডেস্ক, 24 জুলাই : দ্ৰৌপদী মূৰ্মু 25 জুলাইৰ এই বিশেষ দিনটোত শপত গ্ৰহণ কৰা দেশৰ দশমগৰাকী ৰাষ্ট্ৰপতি হ'ব (Draupodi Murmu new president of India)। তথ্য অনুসৰি, 1977 চনৰ পৰা একেটা তাৰিখতে অৰ্থাৎ 25 জুলাইৰ দিনটোতে ক্ৰমাগত ৰাষ্ট্ৰপতিসকলে শপত গ্ৰহণ কৰি আহিছে(25th July holds special role in Indian history) । ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি ৰাজেন্দ্ৰ প্ৰসাদে 1950 চনৰ 26 জানুৱাৰীত শপত গ্ৰহণ কৰিছিল ।

1952 চনত তেওঁ প্ৰথম ৰাষ্ট্ৰপতি নিৰ্বাচনত জয়লাভ কৰিছিল । ৰাজেন্দ্ৰ প্ৰসাদ দ্বিতীয় ৰাষ্ট্ৰপতি নিৰ্বাচনত জয়ী হৈছিল আৰু 1962 চনৰ মে’ মাহলৈকে এই পদত অধিষ্ঠিত হৈ আছিল । তাৰ পাচত সৰ্বেপল্লী ৰাধাকৃষ্ণনে 1962 চনৰ 13 মে’ত ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰে আৰু 1967 চনৰ 13 মে’লৈকে এই পদত অধিষ্ঠিত হৈ থাকে ।

জাকিৰ হুছেইন আৰু ফখৰুদ্দিন আলী আহমেদ. এই দুয়োগৰাকী ৰাষ্ট্ৰপতিয়ে নিজৰ কাৰ্যকাল সম্পূৰ্ণ কৰিব নোৱাৰিলে ৷ কিয়নো তেওঁলোকৰ কাৰ্যকালৰ আধা সময়চোৱাতে দুয়োৰে মৃত্যু হয় ৷ ভাৰতৰ ষষ্ঠগৰাকী ৰাষ্ট্ৰপতি নীলম সঞ্জীৱ ৰেড্ডীয়ে 1977 চনৰ 25 জুলাইত শপত গ্ৰহণ কৰিছিল ।

তেতিয়াৰে পৰাই গিয়ানি জাইল সিং, আৰ. ভেংকটৰমণ, শংকৰ দয়াল শৰ্মা, কে.আৰ. নাৰায়ণন, এ.পি.জে. আব্দুল কালাম, প্ৰতিভা পাটিল, প্ৰণৱ মুখাৰ্জী আৰু ৰামনাথ কোবিন্দে এই একে তাৰিখতে ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰি আহিছে । অৰ্থাৎ 25 জুলাই তাৰিখে ৷ শেহতীয়াকৈ এই তালিকাত সংযোজিত হ'ল দ্ৰৌপদী মুৰ্মুৰ নাম ৷

লগতে পঢ়ক : Sarbananda Sonowal greets Draupodi Murmu: দ্ৰৌপদী মুৰ্মুক নতুন দিল্লীত সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

Last Updated : Jul 25, 2022, 9:29 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.