ETV Bharat / bharat

Multi Organ Donate: নাট্যকৰ্মী হিৰণময় ঘোষালৰ অংগদানেৰে ইতিহাস সৃষ্টি

author img

By

Published : Dec 31, 2022, 8:18 PM IST

অংগদানক এক মহান কাম বুলি গণ্য কৰা হয় ৷ এজন লোকে দান কৰা অংগৰ পৰা কেইবাজনো লোকে নতুন জীৱন লাভ কৰিব পৰে ৷ কলকাতাল এজন নাট্যকৰ্মীৰ মৃত্যুৰ পাচত তেওঁৰ পৰিয়ালৰ লোকে তেওঁ অংগদান কৰাৰ সিদ্ধান্ত লয়(Dramatist donates body organs) ৷ নাট্যকৰ্মীজনৰ অংগদানে সৃষ্টি কৰিছে ইতিহাসৰ । কিন্তু কেনেদৰে ! জানিবলৈ পঢ়ক এই প্ৰতিবেদন...

Multi Organ Donate
অংগদানেৰে ইতিহাস সৃষ্টি কলকাতাৰ হিৰময় ঘোষালৰ

নিউড ডেস্ক, 31 ডিচেম্বৰ: কলকাতাৰ এজন নাট্যকাৰে অংগদানৰ জড়িয়তে এক অনন্য দৃষ্টান্ত দাঙি ধৰিছে । তেওঁ দান কৰা অংগৰ জড়িয়তে প্ৰায় সাতজনে পুনৰ জীৱন লাভ কৰিব(Multi Organ Donation in Kolkata) ৷ কলকাতাৰ এখন ব্যক্তিগত চিকিৎসালয়ত ব্যক্তিজনৰ মগজুৰ মৃত্যুৰ পিছত তেওঁৰ পৰিয়ালৰ লোকে মৃত ব্যক্তিজনৰ শৰীৰৰ সাতটা অংগদান কৰাৰ এক ডাঙৰ সিদ্ধান্ত লৈছিল । এই অংগদানে ইতিহাসৰো সৃষ্টি কৰিছে ।

বৰ্ধমানৰ হাতগোবিন্দপুৰৰ বাসিন্দা হিৰণময় ঘোষাল অঞ্চলটোত এজন নাট্যকাৰ হিচাপে সুপৰিচিত আছিল । বুধবাৰে বিয়লি তেওঁ ডাইনিং ৰুমত অকলে থকা সময়তে হঠাতে মূৰ্ছা গৈছিল । তেওঁক লগে লগে ঘৰৰ ওচৰৰ এখন চিকিৎসালয়লৈ লৈ যোৱা হয় । হাস্পতালৰ স্কেনত তেওঁৰ মগজুত তেজ জমা হোৱা পোৱা হৈছিল । তেওঁক কলকাতাৰ এখন চুপাৰ স্পেচিয়েলিটি চিকিৎসালয়লৈ লৈ যোৱা হয় । চিকিৎসালয়ত তেওঁ মূৰৰ তীব্ৰ বিষ অনুভৱ কৰে আৰু ভ্ৰম বকিবলৈ ধৰে ।

তেওঁক নিউৰ’চাৰ্জন সুনন্দন বসুৰ তত্বাৱধানত এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । চিকিৎসকসকলে তেওঁক অস্ত্ৰোপচাৰ কৰিব পৰা অৱস্থাত নথকাৰ কথা উল্লেখ কৰে আৰু তেওঁক জীৱন সহায়ক প্ৰণালীত ৰখাৰ ব্যৱস্থা কৰে ৷ কিন্তু পিছদিনাই তেওঁৰ মগজুৰ মৃত্যু ঘটিছিল । মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৫৪ বছৰ। চিকিৎসালয়ৰ কৰ্তৃপক্ষই ঘোষালৰ পৰিয়ালক তেওঁ অংগদানৰ বিষয়ে উল্লেখ কৰে ।

ইয়াৰ পাছত তেওঁৰ পৰিয়ালৰ লোকে আলোচনা কৰি অংগদান কৰাৰ সিদ্ধান্ত হয় ৷ পৰিয়ালৰ লোকে আশা কৰিছিল এই অংগদানৰ জৰিয়তে তেওঁলোকৰ ভাতৃ আনৰ শৰীৰত থাকিব ৷ এনেদৰে আন কেইবাজনো লোকৰ জীৱন ৰক্ষা কৰিব পৰা যাব । ইয়াৰ পাছত শুকুৰবাৰে অংগদানৰ অস্ত্ৰোপচাৰ আৰম্ভ হয় । মগজুৰ মৃত্যুৰ বাবে, ঘোষালৰ শৰীৰৰ বাকী অংশবোৰ ঠিকেই আছিল । ফলস্বৰূপে, তেওঁৰ শৰীৰৰ পৰা কৰ্ণিয়া, যকৃত, বৃক্ক, হাঁওফাঁও আৰু হৃদযন্ত্ৰ দান কৰা হৈছিল ।

ব্যক্তিগত চিকিৎসালয়খনৰ পৰা ৰ’ট’(ROTO)ক যোগাযোগ কৰা হৈছিল । তেওঁলোকৰ সহায়ত চাৰিটা সেউজ কৰিডৰ তৈয়াৰ কৰা হৈছিল । পুৱা চেন্নাইৰ পৰা এখন বিশেষ বিমান অনা হৈছিল । বিমানখনত তেওঁৰ হাঁওফাঁও চেন্নাইলৈ লৈ যোৱা হ'ব । হাঁওফাঁওটোক সেউজ কৰিডৰৰ মাজেৰে বিমানবন্দৰলৈ লৈ যোৱা হ'ব । আনহাতে, তেওঁৰ বৃক্কটো সেউজ কৰিডৰৰ জৰিয়তে চহৰখনৰ আন এখন ব্যক্তিগত চিকিৎসালয়লৈ লৈ যোৱা হ'ব ৷

আনহাতে যকৃত আৰু আন এটা বৃক্ক সেউজ কৰিডৰৰ জৰিয়তে এছএছকেএম চিকিৎসালয়লৈ নিয়া হ’ব । ইয়াৰ উপৰিও, কৰ্ণিয়াটো কলকাতাৰে শংকৰ চকু চিকিৎসালয়লৈ লৈ যোৱা হ'ব । চিকিৎসকসকলে বিশ্বাস কৰে যে কলকাতা আৰু পূব ভাৰতৰ এয়াই প্ৰথম ঘটনা য’ত এজন ব্যক্তিৰ অংগৰ পৰা 7 জনকৈ লোকে আৰোগ্য হ’ব ।

চিকিৎসালয়খনৰ উপ-চিকিৎসা সঞ্চালক অমিত ৰয়ে কয়, "আমি অংগদানৰ বিষয়ে সজাগতা বৃদ্ধি কৰিব বিচাৰো যাতে আমি বহু লোকৰ জীৱন ৰক্ষা কৰিব পাৰো । আমি আশা কৰোঁ যে তেওঁৰ পৰিয়ালৰ দৰে আন ৰোগীৰ পৰিয়ালে আমাক এই কামত সহায় কৰিব ।"

লগতে পঢ়ক : IPS Sujoy Lal Thaosen :অসম সন্তান সুজয় লাল থাউচেনক অতিৰিক্তভাৱে BSFৰ সঞ্চালক প্ৰধান পদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.