ETV Bharat / bharat

আগষ্টৰ শেষৰ ফালে দেশত ক'ভিডৰ ৩য় ঢৌৰ সংক্ৰমণৰ সম্ভাৱনা: ডাঃ সমীৰণ পাণ্ডা

author img

By

Published : Jul 17, 2021, 1:02 PM IST

এতিয়াও ক'ভিড-১৯ৰ দ্বিতীয় ঢৌৰ গ্ৰাসৰ পৰা সম্পূৰ্ণৰূপে মুক্ত হোৱা নাই ভাৰত । এনে সংকটজনক পৰিস্থিতিৰ মাজতে পুনৰ আন এক বিপদৰ ইংগিত দিছে ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ(Indian Council of Medical Research)ৰ মহামাৰী বিজ্ঞান আৰু সংক্ৰামক ৰোগ বিভাগৰ মুৰব্বী ড০ সমীৰণ পাণ্ডা(Dr Samiran Panda)ই । শুকুৰবাৰে তেওঁ সতৰ্ক কৰি দিয়ে যে, চলিত বৰ্ষৰ আগষ্ট মাহৰ শেষৰ ফালে ভাৰতত ক'ভিড-১৯ৰ তৃতীয় ঢৌৰ সংক্ৰমণ আৰম্ভ হোৱাৰ সম্ভাৱনা আছে ।

Dr Samiran Panda warned the third wave of the COVID 19 might hit the country by August end
আগষ্টৰ শেষৰ ফালে দেশত ক'ভিডৰ ৩য় ঢৌৰ সংক্ৰমণৰ সম্ভাৱনা আছে

নেশ্যনেল ডেস্ক, ১৭ জুলাই: দেশত ক'ভিড-১৯ৰ দ্বিতীয় ঢৌৰ সংক্ৰমণ অব্যাহত থকাৰ মাজতে শুকুৰবাৰে তৃতীয় ঢৌৰ সম্ভাৱনীয়তাক লৈ সকীয়াই দিলে ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ (Indian Council of Medical Research)ৰ চিকিৎসকে । ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ(Indian Council of Medical Research)ৰ মহামাৰী বিজ্ঞান আৰু সংক্ৰামক ৰোগ বিভাগৰ মুৰব্বী ডাঃ সমীৰণ পাণ্ডা(Dr Samiran Panda)ই শুকুৰবাৰে কয় যে, চলিত বৰ্ষৰ আগষ্ট মাহৰ শেষৰ ফালে ভাৰতত ক'ভিড-১৯ৰ তৃতীয় ঢৌৰ সংক্ৰমণ আৰম্ভ হোৱাৰ সম্ভাৱনা আছে । তেওঁ লগতে ক'ভিড-১৯ৰ প্ৰথম দুটা ঢৌৰ সময়ত কমকৈ প্ৰভাৱিত হোৱা ৰাজ্যসমূহক সতৰ্ক কৰি দিয়ে যে, সাৱধনতা অৱলম্বন নকৰিলে তৃতীয় ঢৌৰ সংক্ৰমণে এনে ৰাজ্যতো বিভীষিকাৰ সৃষ্টি কৰিব পাৰে । ক'ভিড-১৯ৰ পৰীক্ষাৰ হাৰ বৃদ্ধি কৰি সংক্ৰমিত লোকক চিনাক্ত কৰি চিকিৎসা আগবঢ়ালে অধিক লোক সংক্ৰমিত হোৱাৰ আশংকা হ্ৰাস পায় ।

তেওঁ কয় যে, এনে কিছুমান ৰাজ্য আছে য'ত ক'ভিড-১৯ৰ প্ৰথম আৰু দ্বিতীয় ঢৌৰ প্ৰভাৱ কম আছিল । পূৰ্বে সংক্ৰমণ অধিক হোৱা নাই বুলি সান্তনা লৈ এই ৰাজ্যবোৰে যদি ক'ভিড বিধি ভালদৰে নামানে, তেন্তে এই ৰাজ্যবোৰক তৃতীয় ঢৌৱে গুৰুতৰভাৱে প্ৰভাৱিত কৰাৰ সম্ভাৱনা অধিক । চলিত বৰ্ষৰ আগষ্ট মাহৰ শেষৰ ফালে ভাৰতত তৃতীয় ঢৌৰ সংক্ৰমণ আৰম্ভ হোৱাৰ সম্ভাৱনা প্ৰকট কৰিছে ড০ সমীৰণ পাণ্ডাই । সম্ভাৱ্য তৃতীয় ঢৌৰ সংক্ৰমণৰ ভয়াৱহতা সন্দৰ্ভত তেওঁ কয় যে, এয়া আগতীয়াকৈ অনুমান কৰাতো কঠিন ।

দ্বিতীয় ঢৌৰ সংক্ৰমণ এতিয়াও শেষ হোৱা নাই । কেৱল দৈনিক আক্ৰান্তৰ সংখ্যা হ্ৰাস পাইছে । সেয়ে, সম্ভাৱ্য তৃতীয় ঢৌৰে যুঁজিবলৈ সকলো সাজু হৈ থকা উচিত বুলি তেওঁ সকীয়াই দিয়ে ।

কিয়নো, মানুহৰ ভুলৰ বাবে বহু ৰাজ্যত মহামাৰীয়ে বিধ্বংসী ৰূপ লৈছে । বহু লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে । দ্বিতীয় ঢৌৰ সংক্ৰমণৰ সময়তে অক্সিজেনৰ নাটনিয়েও এক ভয়াৱহ সমস্যা হিচাপে দেখা দিছিল মহাৰাষ্ট্ৰ, দিল্লী, মধ্য প্ৰদেশ আদি ৰাজ্যত । সেয়ে, ভয়াৱহ বিপদৰ পৰা ৰক্ষা পৰিবলৈ সকলোকে আগতীয়াকৈ সাৱধান হৈ থাকিবলৈ সকীয়াই দিছে ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ(Indian Council of Medical Research)ৰ চিকিৎসকগৰাকীয়ে ।

লগতে পঢ়ক:কেবিনেট সম্প্ৰসাৰণ: বিএল সন্তোষক সাক্ষাৎ বিপ্লৱ দেৱৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.