ETV Bharat / bharat

Ajit pawar on secret meeting: শাৰদ পাৱাৰৰ সৈতে হোৱা গোপন বৈঠকৰ চৰ্চা নস্যাৎ অজিত পাৱাৰৰ - SHARAD pawar

অজিত পাৱাৰ আৰু শাৰদ পাৱৰৰ মাজত হোৱা এখন বৈঠকক লৈ ব্যাপক চৰ্চা চলিছে মহাৰাষ্ট্ৰৰ ৰাজনীতিত ৷ অৱশ্যে এই বৈঠকক গোপন বুলি স্বীকাৰ কৰিব বিচৰা নাই অজিত পাৱাৰ বা শাৰদ পাৱাৰে ৷ সৱিশেষ এই প্ৰতিবেদনত ৷

Ajit pawar on secret meeting
Ajit pawar on secret meeting
author img

By

Published : Aug 15, 2023, 10:41 PM IST

নেশ্যনেল ডেস্ক, 15 আগষ্ট: পুনেত মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰী অজিত পাৱাৰ আৰু তেওঁৰ খুৰাক শাৰদ পাৱাৰৰ মাজত হোৱা এক ‘গোপন বৈঠক’ৰ পিচত ৰাজ্যখনৰ ৰাজনৈতিক পৰিৱেশ গৰম হৈ পৰিছে ৷ দুয়োৰে গোপন বৈঠকক লৈ বিভিন্ন চৰ্চা চলাৰ মাজতে উপ মুখ্যমন্ত্ৰী অজিত পাৱাৰে শাৰদ পাৱাৰৰ সৈতে গোপন বৈঠকৰ কথা অস্বীকাৰ কৰিছে ৷ চৰ্চা চলিছে যে এখন গাড়ীৰ ভিতৰত গোপন বৈঠকত মিলিত হৈছে অজিত পাৱাৰ আৰু শাৰদ পাৱাৰ ৷ অজিত পাৱাৰে এই কথাক নস্যাৎ কৰি কয়, ‘‘মই সেই গাড়ীখনত নাছিলো, সেই গাড়ীখনো মোৰো নহয় ৷’’

তেওঁ আৰু কয়, ‘‘মচলাযুক্ত কাহিনী এটা প্ৰস্তুত কৰিব নালাগে । শাৰদ পাৱাৰ আমাৰ পৰিয়ালৰ মুৰব্বী । এই সভাক ৰাজনৈতিক ৰং নিদিব, মই একোৱেই লুকোৱা নাই ?’’ উল্লেখ্য যে মহাৰাষ্ট্ৰৰ ৰাজনীতিত ব্যাপক জল্পনা-কল্পনাৰ সৃষ্টি কৰা এখন এক ঘণ্টাজোৰা বৈঠক পুনেৰ কোৰেগাঁও পাৰ্কত ব্যৱসায়ী অতুল কাৰ্ডিয়াৰ বাংলোত অনুষ্ঠিত হৈছিল ৷’’

এই সন্দৰ্ভত তেওঁ কয় যে কাৰ্ডিয়া আৰু আমাৰ দুটা প্ৰজন্মৰ সম্পৰ্ক আছে ৷ কাৰ্ডিয়াই শাৰদ পাৱাৰক নৈশ আহাৰৰ বাবে আমন্ত্ৰণ জনাইছিল । মই সেই গাড়ীখনত নাছিলো । জয়ন্ত পাটিলো শাৰদ পাৱাৰৰ সৈতে উপস্থিত আছিল ৷

ইফালে এই বৈঠকক লৈ পূৰ্বেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল শাৰদ পাৱাৰে ৷ শাৰাদ পাৱাৰে কয় যে এয়া কোনো গোপন বৈঠক নহয়; মোৰ ভতিজাক লগ পোৱাত কি সমস্যা আছে ? যেতিয়া এই বৈঠক কাৰোবাৰ বাসগৃহত অনুষ্ঠিত কৰা হৈছিল, তেন্তে ই কেনেকৈ গোপন হ'ব পাৰে ?

এই বৈঠকক অজিত পাৱাৰ অথবা শাৰদ পাৱাৰে গোপন বুলি নক’লেও মহাৰাষ্ট্ৰৰ ৰাজনীতিত এই বৈঠকখন বিশেষ তাৎপৰ্য বহন কৰিছে ৷

লগতে পঢ়ক: Cong-AAP meeting: দিল্লীৰ আসন ভাগ-বতৰাক লৈ বুধবাৰে ৰাহুল-কেজৰিৱালৰ বৈঠক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.