ETV Bharat / bharat

Benefits of sitting on floor: চকী-চোফা এৰি বহক মজিয়াত, পাব এইসমূহ লাভালাভ

author img

By

Published : Apr 4, 2023, 9:56 AM IST

Updated : Apr 4, 2023, 10:40 AM IST

‘বিল্ড টু মুভ’ নামৰ কিতাপখনৰ মতে দহটা স্বাস্থ্যকৰ অভ্যাসৰ ভিতৰত এটা হ’ল ভৰি দুখন ভাঁজ কৰি মজিয়াত বহা । এনে কাৰ্যই আপোনাৰ শৰীৰৰ সকলো উপাদান মুক্তভাৱে আৰু অনায়াসে চলাচল কৰিবলৈ অনুমতি দিয়ে ।

Does sitting on the floor have any health benefits?
চকী-চোফা এৰি বহক মজিয়াত, পাব এইসমূহ লাভালাভ

শেষবাৰৰ বাবে কেতিয়া কোনোবাই আপোনাক কৈছিল যে মজিয়াত বহিলে আপোনাৰ স্বাস্থ্যৰ বাবে উপকাৰী হ’ব পাৰে ? হয়তো কেতিয়াও নহয় । এতিয়ালৈকে আমি সকলোৱে জানো যে অধিক সময়লৈকে বহি থাকিলে বিভিন্ন ৰোগ হ’ব পাৰে(best sitting position on floor) । কিন্তু আমি আপোনাক যি ক’বলৈ ওলাইছো সেই কথা জানি আপুনি হয়তো আচৰিত হ’ব(Benefits of sitting on floor)। দৈনিক ১৫ৰ পৰা ৩০ মিনিট মাটিত বহিলে স্বাস্থ্যৰ বহু উপকাৰ পোৱা যায়(Build to move book) । কেৱল এয়াই নহয়, আপোনাৰ জীৱনটোও দীঘলীয়া হ’ব পাৰে(Is sitting on the floor more productive)।

‘বিল্ড টু মুভ’ নামৰ কিতাপখনৰ মতে দহটা স্বাস্থ্যকৰ অভ্যাসৰ ভিতৰত এটা হ’ল ভৰি দুখন ক্ৰছ কৰি মজিয়াত বহা(benefits of sitting on the floor and studying) । এনে কাৰ্যই আপোনাৰ শৰীৰৰ সকলো উপাদান মুক্তভাৱে আৰু অনায়াসে চলাচল কৰিবলৈ অনুমতি দিয়ে । দৈনিক ১৫-৩০ মিনিট মাটিত বহি থকাৰ অভ্যাসে আপোনাৰ স্বাস্থ্যৰ ওপৰত কি পৰিৱৰ্তন আনিব পাৰে জানো আহক(What happens if you sit on the floor for too long)।

পুষ্টিৰ উন্নতি সাধন কৰা

মাটিত বহি থাকিলে খাদ্য খোৱাৰ ফলত শৰীৰলৈ যোৱা পদাৰ্থৰ হজম শক্তি বৃদ্ধি পায় । ইয়াৰ ফলত আপোনাৰ শৰীৰে অধিক পুষ্টি লাভ কৰে ।

অধিক ফিট হোৱা

মাটিত বহি থকাটো শৰীৰৰ বাবে অতি উপকাৰী, কিয়নো ই শৰীৰৰ বিষ আৰু মানসিক চাপ কমোৱাত সহায় কৰে । ইয়াৰ ফলত শৰীৰৰ ফিটনেছ বৃদ্ধি পায় আৰু সক্ৰিয় হৈ থাকে(how to sit on the floor without pain)।

ছাইটিকা বিষৰ পৰা উপশম

আমাৰ কঁকালৰ তলৰ অংশত থকা ছাইটিকা স্নায়ুত যি বিষ হয় তাকেই ছাইটিকা বিষ বুলি কোৱা হয় ৷ ছাইটিকা বিষত মাটিত বহিলে সকাহ পোৱাত সহায়ক বুলি প্ৰমাণিত হ’ব পাৰে । ইয়াৰ ফলত শৰীৰৰ স্নায়ুবোৰত সকাহ পোৱা যায় আৰু বিষৰ পৰা সকাহ পোৱা যায় ।

অধিক শক্তি লাভ

মাটিত বহিলে আপোনাৰ শৰীৰৰ সংস্পৰ্শলৈ অহা মাটিৰ পৰা অধিক শক্তি পায় । ইয়াৰ ফলত শৰীৰৰ কাম-কাজ দ্ৰুত হয় আৰু আপুনি অধিক শক্তিশালী অনুভৱ কৰে ।

মেৰুদণ্ডৰ স্থিৰ কৰা

মাটিত বহিলে মেৰুদণ্ডৰ স্থিৰতা বৃদ্ধি পায় আৰু কঁকালৰ বিষৰ দৰে সমস্যাৰ পৰা সকাহ পায় ।

লগতে পঢ়ক: Skin and Hair Care in Summer: গ্ৰীষ্মকালত ছাল তথা চুলিৰ সমস্যাৰ পৰিত্ৰাণ পাবলৈ কি কৰা উচিত

Last Updated : Apr 4, 2023, 10:40 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.