ETV Bharat / bharat

SC adjournments : উচ্চতম ন্যায়ালয় 'তাৰিখৰ পাছত তাৰিখ দিয়া' আদালত হোৱাটো নিবিচাৰে মুখ্য ন্যায়াধীশে - CJI on court adjournments

উচ্চতম ন্যায়ালয়ত চলি থকা গোচৰবোৰ বহু দিনলৈ মীমাংসা নোহোৱাক লৈ উদ্বিগ্ন মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড় । গোচৰবোৰত স্থগিতাদেশ নিবিচাৰিবলৈ তেওঁ অধিবক্তাসকলক আহ্বান জনায় । গোচৰবোৰৰ শুনানিত অধিবক্তাসকলৰ দ্বাৰা দাখিল কৰা স্থগিতদেশৰ অনুৰোধক গুৰুত্ব সহকাৰে লক্ষ্য কৰিছে মুখ্য ন্যায়াধীশে ।

SC adjournments
উচ্চতম ন্যায়ালয়ক তাৰিখৰ পাছত তাৰিখ দিয়া আদালত হোৱাটো নিবিচাৰে মুখ্য ন্যায়াধীশে
author img

By ETV Bharat Assamese Team

Published : Nov 3, 2023, 2:01 PM IST

নেশ্যনেল ডেস্ক,৩ নৱেম্বৰ : আদালতৰ স্থগিতাদেশ সম্পৰ্কে গুৰুত্বপূৰ্ণ পৰামৰ্শ ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ । অধিবক্তাসকলক যিকোনো গোচৰত স্থগিতাদেশ নিবিচাৰিবলৈ তেওঁ আহ্বান জনায় । প্ৰয়োজন নোহোৱালৈকে কোনো ক্ষেত্ৰতে স্থগিতাদেশ নিবিচাৰিবলৈ তেওঁ অধিবক্তাসকলক আহ্বান জনাইছে । ছেপ্টেম্বৰ আৰু অক্টোবৰ মাহৰ স্থগিতাদেশৰ তথ্য প্ৰকাশ কৰি মুখ্য ন্যায়াধীশে কয় যে দুটা মাহত ৩৬৮৮ বাৰ আদালত স্থগিত ৰখাৰ বাবে অনুৰোধ জনোৱা হৈছে । তেওঁ আশা কৰা মতে এইখন আদালত যাতে তাৰিখৰ পাছত তাৰিখ দিয়া আদালত নহয়, তেওঁ সেয়া বিচাৰে ।

মুখ্য ন্যায়াধীশে লগতে কয় যে তেওঁ প্ৰথম শুনানিলৈকে গোচৰবোৰ নিৰীক্ষণ কৰে যাতে ম্যাদ হ্ৰাস হয় । পৰিসংখ্যাৰ কথা উল্লেখ কৰি তেওঁ কয় যে তেওঁ নিবিচাৰে যাতে এই আদালতখন তাৰিখৰ পাছত তাৰিখ অনুষ্ঠিত নহয় । আদালতৰ প্ৰতিচ্ছবি যদি ভাল নহয় তেনেহ'লে আদালতে নাগৰিকসকলক কেনেকৈ ন্যায়সঙ্গত কৰিব বুলিও তেওঁ উদ্বেগ প্ৰকাশ কৰে । তেওঁৰ মতে অধিবক্তাসকলে এইবোৰ চিন্তা কৰা উচিত আৰু সংশোধনমূলক পদক্ষেপ লোৱা উচিত ।

বাৰ কাউন্সিলৰ সদস্যসকলক তেওঁ অনুৰোধ জনাই কয় যে আজিৰ তাৰিখত ১৭৭ টা ষ্টে স্লিপ বা স্থগিত পত্ৰ আছে । তেওঁ সেই ষ্টে স্লিপবোৰ নিৰীক্ষণ কৰি আছে বুলিও উল্লেখ কৰে । ১ ছেপ্টেম্বৰৰ পৰা ৩ নৱেম্বৰলৈ বাৰ কাউন্সিলৰ সদস্যসকলে প্ৰতিদিনে গড়ে ১৫৪ খন স্থগিত পত্ৰ জাৰী কৰিছে । ছেপ্টেম্বৰ আৰু অক্টোবৰৰ এই দুমাহৰ ভিতৰত ৩,৬৮৮ খন স্থগিত পত্ৰ জাৰী কৰা হৈছে ।

তেওঁ উল্লেখ কৰা মতে যি সময়ত গোচৰবোৰ তৎক্ষণাৎ তালিকাভুক্ত কৰিবলৈ কোৱা হয়, তাৰ বিপৰীতে বহু স্থগিত পত্ৰ আছে । তেওঁ ১ ছেপ্টেম্বৰৰ পৰা ২,৩৬১ টা গোচৰৰ কথা উল্লেখ কৰে । য'ত প্ৰায় ১৫-২০ শতাংশ গোচৰ নতুনকৈ স্থগিত কৰা হৈছে । ১ ছেপ্টেম্বৰৰ পৰা ৩ নৱেম্বৰলৈ প্ৰতিদিনে গড়ে ৫৯ টা গোচৰ অন্তৰ্ভুক্ত কৰা হৈছে । যিবোৰ স্থগিত পত্ৰ প্ৰদান কৰি স্থগিত ৰখা হৈছে । সকলোৱে গোচৰবোৰ দ্ৰুতভাৱে তালিকাভুক্ত কৰাৰ বাবে জোৰ দিব লাগে বুলি তেওঁ উল্লেখ কৰে ।

লগতে পঢ়ক :Telangana Assembly Election Notification : আজি প্ৰকাশ পাব তেলেংগানাৰ নিৰ্বাচনৰ অধিসূচনা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.