ETV Bharat / bharat

দীপ সিদ্ধুৰ জামিন আবেদনৰ শুনানি স্থগিত ৰাখিলে আদালতে

author img

By

Published : Apr 1, 2021, 8:24 PM IST

যোৱা ২৬ জানুৱাৰীত কৃষকৰ ট্ৰেক্টৰ ৰেলীৰ সময়ত লালকিল্লাত ধৰ্মীয় পতাকা উত্তোলনৰে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা পঞ্জাৱী অভিনেতা দীপ সিদ্ধুৰ জামিন আবেদনৰ শুনানি স্থগিত কৰিলে দিল্লীৰ অতিৰিক্ত সত্ৰ ন্যায়াধীশৰ আদালতে । অহা ৮ এপ্ৰিলত সিদ্ধুৰ জামিন আবেদনৰ শুনানি গ্ৰহণ কৰা হ'ব ।

দীপ সিদ্ধুৰ জামিন আবেদনৰ শুনানি স্থগিত কৰিলে আদালতে

নেশ্যনেল ডেস্ক, ১ এপ্ৰিল: দিল্লীৰ অতিৰিক্ত সত্ৰ ন্যায়াধীশৰ আদালতে স্থগিত কৰিলে দীপ সিদ্ধুৰ জামিন আবেদনৰ শুনানি । যোৱা ৩১ মাৰ্চত দীপ সিদ্ধুৰ জামিন আবেদনৰ শুনানি গ্ৰহণৰ দায়িত্ব দিয়া হৈছিল অতিৰিক্ত সত্ৰ ন্যায়াধীশ চাৰু আগৰৱালক । কিন্তু সময়সূচী সলনি হোৱাৰ বাবে অতিৰিক্ত সত্ৰ ন্যায়াধীশ সতীশ কুমাৰে বিষয়টো স্থগিত কৰে ।

ইয়াৰ পিছতে বিষয়টো অতিৰিক্ত সত্ৰ ন্যায়াধীশ নীলুফাৰ আবিদা পাৰবীনলৈ স্থানান্তৰ কৰা হয় যদিও তেওঁ আদালতত অনুপস্থিত থকা বাবে ন্যায়ধীশ এ এছ জে কুমাৰে অহা ৮ এপ্ৰিলত পৰৱৰ্তী শুনানিৰ দিন নিৰ্ধাৰণ কৰে । উল্লেখ্য যে, পূৰ্বে শুনানিৰ সময়ত অনুসন্ধানকাৰী বিষয়াই এই গোচৰৰ শুনানি অতিৰিক্ত সত্ৰ ন্যায়াধীশ চাৰু আগৰৱালাৰ আদালতলৈ প্ৰেৰণ কৰিবলৈ অনুৰোধ জনাইছিল ।

অনুসন্ধানকাৰী বিষয়াজনে যুক্তি দৰ্শাইছিল যে, গোচৰটোৰ সাতজন সহ-অভিযুক্তক অতিৰিক্ত সত্ৰ ন্যায়াধীশ চাৰু আগৰৱালাৰ আদালতে জামিন প্ৰদান কৰিছে । আন সহ-অভিযুক্তৰো অগ্ৰিম জামিন একেখন আদালততে স্থগিত হৈ আছে । ইয়াৰ পিছতে অতিৰিক্ত সত্ৰ ন্যায়াধীশ দীপক ডুবাছে কোন আদালতে জামিন আবেদনৰ শুনানি কৰিব সেই সিদ্ধান্ত ল'বলৈ বিষয়টো জিলা আৰু সত্ৰ ন্যায়াধীশ গিৰিশ কাঠপলিয়াৰ আদালতলৈ প্ৰেৰণ কৰে ।

তাৰ পিছত জিলা আৰু সত্ৰ ন্যায়াধীশ গিৰিশ কাঠপলিয়াই গোচৰটো অতিৰিক্ত সত্ৰ ন্যায়াধীশ চাৰু আগৰৱালাৰ আদালতলৈ স্থানান্তৰ কৰে । উল্লেখ্য যে, যোৱা ২৬ জানুৱাৰীত কৃষকৰ ট্ৰেক্টৰ ৰেলীৰ সময়ত লালকিল্লাত ধৰ্মীয় পতাকা উত্তোলনৰে জড়িত থকাৰ অভিযোগত যোৱা ৯ ফেব্ৰুৱাৰীত দীপ সিদ্ধুক গ্ৰেপ্তাৰ কৰা হৈছিল । যোৱা ২৬ ফেব্ৰুৱাৰীত আদালতে দীপ সিদ্ধুৰ জামিন আবেদন নাকচ কৰিছিল ।

যোৱা ২৩ ফেব্ৰুৱাৰীত আদালতে দীপ সিদ্ধুক ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে । আৰক্ষীয়ে অভিযোগ তুলিছে যে, সিদ্ধুৱে ৰাজহুৱা সম্পত্তি ক্ষতিসাধন কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিবলৈ জনসাধাৰণক প্ৰৰোচিত কৰিছিল । ট্ৰেক্টৰ ৰেলীৰ সময়ত নিয়ম উলংঘন কৰা হৈছিল ।

লালকিল্লাত ধৰ্মীয় পতাকা উত্তোলনৰ কৰা কাৰ্যতো দীপ সিদ্ধুৱে আগ-ভাগ লৈছিল বুলি আৰক্ষীয়ে জানিবলৈ দিছে । উদণ্ড লোকসকলে ১৪০ জন আৰক্ষী কৰ্মীক আক্ৰমণ কৰিছিল । দিল্লী আৰক্ষীয়ে কৈছিল যে, তেওঁলোকৰ লাভ কৰা ভিডিঅ'টোত স্পষ্টভাৱে দেখা গৈছে যে, দীপ সিদ্ধুয়ে ধৰ্মীয় পতাকা আৰু লাঠি লৈ লালকিল্লাত প্ৰৱেশ কৰিছে ।

লগতে পঢ়ক:নিৰ্বাচনৰ পূৰ্বে কেৰালাত হিংসাত্মক পৰিস্থিতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.