ETV Bharat / bharat

MoU between DNLA and Govt: গৃহমন্ত্ৰীৰ উপস্থিতিত চৰকাৰৰ সৈতে বুজাবুজি চুক্তিত স্বাক্ষৰ কৰিব ডি এন এল এয়ে - MoU between DNLA and Govt

দিল্লীত বৃহস্পতিবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ উপস্থিতিত অসম চৰকাৰ আৰু উগ্ৰপন্থী সংগঠন ডিএনএলএৰ মাজত বুজাবুজি চুক্তি স্বাক্ষৰ হ'ব (MoU between DNLA and Govt)। কাৰ্যসূচীত অসমৰ মুখ্যমন্ত্ৰীৰ লগতে গৃহ বিভাগৰ বহু বিষয়াও উপস্থিত থাকিব । ২০২১ চনৰ ছেপ্টেম্বৰৰ পৰা যুদ্ধ বিৰতিত আছিল সংগঠনটো ।

MoU will be signed between DNLA and Government
MoU between DNLA and Govt
author img

By

Published : Apr 27, 2023, 3:30 PM IST

নেশ্যনেল ডেস্ক,২৭ এপ্ৰিল : নতুন দিল্লীত চৰকাৰ আৰু অসমৰ অন্যতম উগ্ৰপন্থী সংগঠন ডিমাছা নেশ্যনেল লিবাৰচেন আৰ্মীৰ মাজত বুজাবুজি চুক্তি স্বাক্ষৰ হ'ব (MoU will be signed between DNLA and Government)। বৃহস্পতিবাৰে সন্ধিয়া কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত অসমৰ উগ্ৰপন্থী সংগঠন ডিএনএলএ আৰু অসম চৰকাৰৰ মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰ হ'ব বুলি সূত্ৰই জনাইছে ।

অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় গৃহ সচিব অজয় ভাল্লা আৰু গৃহ মন্ত্ৰালয়ৰ আৰু অসম চৰকাৰৰ অন্যান্য জ্যেষ্ঠ বিষয়াসকলো উপস্থিতি থাকিব এই কাৰ্যসূচীত । সূত্ৰৰ মতে গৃহ মন্ত্ৰালয়ৰ কাৰ্যালয়ত সন্ধিয়া প্ৰায় ৬.৩০ বজাত এই বুজাবুজি চুক্তি স্বাক্ষৰ কৰা হ'ব (MoU between DNLA and Govt)।

ডিএনএলএ সংগঠনে এই মাহৰ আৰম্ভণিতে একপক্ষীয় যুদ্ধবিৰতি সম্প্ৰসাৰণৰ ঘোষণা কৰিছিল (DNLA announced extension of unilateral ceasefire)। সংগঠনটোৰ অধ্যক্ষই ডিএনএলএৰ যুদ্ধবিৰতি আৰু ৬ মাহ বৃদ্ধি কৰাৰ সিদ্ধান্তৰ বিষয়ে অৱগত কৰি অসমৰ মুখ্যমন্ত্ৰীলৈ চিঠি লিখিছিল । ২০২১ চনৰ ছেপ্টেম্বৰত, অসমৰ মুখ্যমন্ত্ৰীৰ শান্তিচুক্তিৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই ডিএনএলএ সংগঠনে ৬ মাহৰ বাবে একপক্ষীয় যুদ্ধবিৰতি ঘোষণা কৰিছিল ।

উল্লেখ্য যে, ডিএনএলএৰ বিৰুদ্ধে ২৬ আগষ্টত ডিমা হাচাও জিলাত ৭ খন ট্ৰাকত গুলীচালনা কৰাৰ অভিযোগ উত্থাপিত হোৱাৰ ঠিক দুসপ্তাহ পাছতে এই ঘোষণা কৰা হৈছিল । ট্ৰাকত আক্ৰমণৰ ঘটনাটোত ৫ জন লোক নিহত হৈছিল আৰু এজন আহত হৈছিল । ডিএনএলএ ২০১৯ চনৰ এপ্ৰিলত এটা সশস্ত্ৰ অভিযানৰ জৰিয়তে ডিমাচা জনসাধাৰণৰ সাৰ্বভৌমত্ব ৰক্ষাৰ বাবে স্থাপন কৰা হৈছিল । কাৰ্বি আংলং আৰু ডিমা হাচাও জিলাৰ লগতে চুবুৰীয়া নাগালেণ্ডৰ কিছুমান অঞ্চল সক্ৰিয় ডিএনএলএ হটস্পট বুলি ধাৰণা কৰা হয় ।

উল্লেখ্য যে, কাৰ্বি আংলং আৰু ডিমা হাচাওত স্বতন্ত্ৰতাৰ দাবীত বিগত প্ৰায় ৫ বছৰ ধৰি সশস্ত্ৰ সংগ্ৰাম চলাই আহিছিল ডিমাছা নেশ্যনেল লিবাৰচেন আৰ্মী চমুকৈ ডিএনএলএ (Dimasa National Liberation Army) নামৰ সংগঠনটোৱে ।

লগতে পঢ়ক :Khalistan ideology : খালিস্তানৰ আদৰ্শ ৰাষ্ট্ৰীয় সুৰক্ষাৰ প্ৰতি ভাবুকি: ৰিপৰ্ট

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.