ETV Bharat / bharat

'flying sikh' খ্যাত মিলখা সিঙৰ মৃত্যুত শোক প্ৰকাশ হিমা দাসৰ

author img

By

Published : Jun 19, 2021, 4:41 PM IST

কিংবদন্তি দৌৰবিদ মিলখা সিং(Milkha Singh) ৰ মৃত্যুত শোকাহত হৈ পৰিছে সমগ্ৰ দেশবাসী । সমগ্ৰ দেশৰ লগতে ধিং এক্সপ্ৰেছ হিমা দাসে 'উৰন্ত শিখ'(flying sikh) খ্যাত মিলখা সিঙলৈ জনালে অন্তিম শ্ৰদ্ধাঞ্জলি । টুইটযোগে খেলুৱৈগৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি হিমা দাসে ৷

dhing-express-hima-das-pays-tribute-to-milkha-singh
'flying sikh' খ্যাত মিলখা সিঙৰ মৃত্যুত শোক প্ৰকাশ হিমা দাসৰ

নিউজ ডেস্ক, 19 জুন : বিগত এটা মাহ ধৰি কৰ’ণাৰ সৈতে যুঁজি অৱশেষত শুকুৰবাৰে নিশা শেষ নিশ্বাস ত্যাগ কৰিলে 'উৰন্ত শিখ'(flying sikh) খ্যাত মিলখা সিং (Milkha Singh) এ ৷ 91 বছৰ বয়সত কৰ’ণাৰ সৈতে যুঁজি অজান দেশলৈ গুচি গ’ল বিজুলীৰ গতিৰ বাবে বিশ্বজুৰি জনপ্ৰিয় হৈ পৰা ভাৰতীয় খেলুৱৈগৰাকী ৷ এইগৰাকী মহান ক্ৰীড়াবিদৰ মৃত্যুৱে এতিয়া শোকাহত কৰি তুলিছে সমগ্ৰ দেশবাসীক ।

সমগ্ৰ দেশবাসীয়ে এতিয়া মিলখা সিঙক জনাইছে অন্তিম শ্ৰদ্ধাঞ্জলি ৷ কিংবদন্তি দৌৰবিদগৰাকীৰ মৃত্যুত প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী, ক্ৰীড়ামন্ত্ৰী তথা অসমৰ মুখ্যমন্ত্ৰীকে ধৰি বহুলোকে শোক প্ৰকাশ কৰিছে । বিখ্যাত দৌৰবিদগৰাকীৰ মৃত্যুত খেলজগতত পৰিছে শোকৰ ছাঁ ৷

কেনেদৰে 'ফ্লাইং শিখ’ নাম পাইছিল মিলখা সিঙে?

১৯৬০ চনৰ ৰোম অলিম্পিকৰ সময়ত, 'দ্য ফ্লাইং বাৰ্ড অৱ এছিয়া’(the flying bird of asia) ৰূপে জনাজাত ১০০ মিটাৰত দুবাৰ এছিয়াডৰ স্বৰ্ণ পদক বিজয়ী আব্দুল খালিকক পৰাস্ত কৰাৰ পিছতেই মিলখাই তদানীন্তন পাকিস্তানৰ সেনাধ্যক্ষ আয়ুব খানৰ পৰা 'ফ্লাইং শিখ’ (flying sikh) নাম অৰ্জন কৰিছিল । ভাৰতবৰ্ষৰ দৰে এখন দেশ য’ত এথলেটিকছে নগণ্য গুৰুত্ব লাভ কৰিছিল, তেনে পৰিস্থিতিত মিলখা সিং(Milkha Singh)এ এক নতুন দিগন্তৰ সূচনা কৰিছিল ৷ বহুতো বাধা-প্ৰত্যাহ্বান থকা স্বত্বেও মিলখাই ভাৰতীয় ক্ৰীড়াত সফলতাৰে নিজৰ বাবে এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছিল ।

সমগ্ৰ দেশৰ লগতে ধিং এক্সপ্ৰেছ হিমা দাসে কিংবদন্তি ক্ৰীড়াবিদ মিলখা সিঙলৈ জনালে শ্ৰদ্ধাঞ্জলি । টুইটযোগে অসমৰ তাৰকা দৌৰবিদগৰাকীয়ে মহান খেলুৱৈগৰাকীলৈ জনালে অন্তিম শ্ৰদ্ধাঞ্জলি । খেলুৱৈগৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি হিমা দাসে কয় যে, "দেশবাসীয়ে আপোনাক চিৰদিন মনত ৰাখিব আৰু আপুনি চিৰদিন আমাৰ বাবে অনুপ্ৰেৰণা হৈ থাকিব" ৷ উল্লেখ্য যে, চলিত সপ্তাহতে মিলখা সিঙৰ ৮৫ বৰ্ষীয় পত্নী নিৰ্মল মিলখা সিঙে কৰ’ণাৰ বাবে ১৩ জুনত মৃত্যুক আঁকোৱালি লৈছিল ৷

  • Heartbreaking to hear that flying Sikh legend Milkha Singh sir is no more. The nation will always remember you sir and seek an inspiration from your life forever. RIP #MilkhaSingh sir pic.twitter.com/wnASq5QUUf

    — Hima (mon jai) (@HimaDas8) June 18, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

লগতে পঢ়ক: ‘উড়ন্ত শিখ’ মিলখা সিঙৰ জীৱনৰ দৌৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.