ETV Bharat / bharat

সুৰক্ষা কৱচ হিচাপে আৰক্ষীৰ চকী আৰু খৰাহি ব্যৱহাৰ ! - Bhim Army

উত্তৰ প্ৰদেশৰ উন্নাওত উদ্বেগজনক ঘটনা । প্ৰতিবাদকাৰীৰ আক্ৰমণৰ পৰা বাচিবলৈ আৰক্ষীয়ে সুৰক্ষা কৱচ হিচাপে ব্যৱহাৰ কৰিছে প্লাষ্টিকৰ চকী আৰু খৰাহি । ঘটনাৰ উচিত তদন্তৰ নিৰ্দেশ দিছে সঞ্চালক প্ৰধানে লগতে আৰক্ষী অধীক্ষকক কৈফিয়ৎ দিয়াৰো নিৰ্দেশ ।

DGP orders probe as cops use chair
সুৰক্ষা কৱচ হিচাপে আৰক্ষীৰ ব্যৱহাৰ চকী আৰু খৰাহি
author img

By

Published : Jun 18, 2021, 9:13 PM IST

নেশ্যনেল ডেস্ক,১৮ জুন: শেহতীয়াকৈ চৰ্চালৈ আহিছে উত্তৰ প্ৰদেশ আৰক্ষী । এক উত্তেজনাময় পৰিৱেশত আৰক্ষীয়ে নিজকে ৰক্ষা কৰিবলৈ ব্যৱহাৰ কৰিছিল প্লাষ্টিকৰ চকী আৰু খৰাহি । সেই ফটো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ পিছতে খলকনিৰ সৃষ্টি হৈছে ৰাজ্যখনৰ আৰক্ষীৰ শীৰ্ষ মহলত । ইতিমধ্যে ৰাজ্যখনৰ আৰক্ষী সঞ্চালক প্ৰধানে বিষয়টোৰ ওপৰত কৈফিয়ৎ দিবলৈ নিৰ্দেশ দিছে । উন্নাওৰ আৰক্ষী অধীক্ষক আনন্দ ৰাও কুলকাৰ্ণীৰ পৰা কৈফিয়ৎ বিচাৰিছে সঞ্চালক প্ৰধান (DGP) এইচ.চি. আৱস্থীয়ে । তথ্য অনুসৰি আৰক্ষীৰ হাতত সুৰক্ষা কৱচ নথকাৰ বাবে এই পৰিৱেশৰ সূচনা হৈছিল ।

সঞ্চালক প্ৰধানে ইতিমধ্যে ঘটনাৰ চৰজমিন তদন্তৰ দায়িত্ব দিছে ৰায়বৰেলীৰ এএছপি বিশ্বজিৎ শ্ৰীবাস্তৱক । সঞ্চালক প্ৰধানগৰাকীয়ে জনোৱা মতে উত্তেজিত জনতাক বাধা দিবলৈ আৰক্ষীয়ে সুসজ্জিতভাৱে পৰিস্থিতিৰ মোকাবিলা কৰা প্ৰয়োজন । তেওঁৰ মতে ইতিমধ্যে আইন-শৃংখলা পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ জিলাসমূহক এক বিস্তৃত এছ.ও.পি.(SOP) আৰু পৰ্যাপ্ত সুৰক্ষাৰ সঁজুলি প্ৰদান কৰা হৈছে, কিন্তু উন্নাও আৰক্ষী বাহিনী এই ক্ষেত্ৰত সুসজ্জিত নাছিল।

উল্লেখ্য যে এটা পথ দুৰ্ঘটনাত দুজন লোকৰ মৃত্যু হোৱাক কেন্দ্ৰ কৰি উত্তেজনাৰ সৃষ্টি হৈছিল । ৰাইজে ক্ষতিপূৰণৰ দাবীত প্ৰতিবাদ কৰিছিল সংঘৰ্ষত লিপ্ত হৈছিল । উন্নাও আৰক্ষীৰ মতে ভীম সেনা নামৰ এটা সংগঠনৰ সদস্যসকলে ৰাইজক এনে কৰিবলৈ উৎসাহিত কৰিছিল ।

ভীম সেনাৰ(Bhim Army) সদস্যসকলে উচতনি দিয়াৰ বাবে মৃতকৰ পৰিয়ালে মৃতদেহ সৎকাৰ কৰাৰ পৰিৱৰ্তে ৰাজপথলৈ আনি প্ৰতিবাদ সাব্যস্ত কৰিছিল । যাৰবাবে তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছিল সমগ্ৰ অঞ্চলটোত । অৱশ্যে আৰক্ষীয়ে পৰিৱেশ নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰোতে দুয়োপক্ষৰ মাজত সংঘৰ্ষৰ সূত্ৰপাত হৈছিল । ইয়াৰ সুযোগ লৈ ভীম সেনাই আৰক্ষীলৈ শিলগুটি নিক্ষেপ কৰিছিল । এই ঘটনাত কেইবাগৰাকী আৰক্ষী আঘাতপ্ৰাপ্ত হৈছিল ।

এই ঘটনাৰ পিছতে চাৰিগৰাকী আৰক্ষী ক্ৰমে কোতৱালী সদৰ থানাৰ ষ্টেচন হাউচ (station house officer) বিষয়া দিনেশ মিশ্ৰ,ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অখিলেশ কুমাৰ আৰু কনিষ্টবল ৰাম আশ্ৰে যাদৱ আৰু বিজয় যাদৱক কৰ্তব্যত অৱহেলা কৰাৰ বাবে নিলম্বিত কৰা হৈছে । আৰক্ষী অধীক্ষকে জনোৱা মতে ৪৩ গৰাকী লোকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে আৰু ফটো আৰু চিচিটিভি ফুটেজৰ ভিত্তিত আৰক্ষীয়ে ভীম সেনাৰ সদস্যসকলক কঠোৰ আইপিচি(IPC) ধাৰাৰ অধীনত আটক কৰিবলৈ অভিযান অব্যাহত ৰাখিছে ।

লগতে পঢ়ক: ইন্ধনৰ মূল্যবৃদ্ধি: মোডী চৰকাৰক সমালোচনা ৰাহুল গান্ধীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.