ETV Bharat / bharat

Rajouri militant attack: ৰাজৌৰী বিস্ফোৰণত জড়িত দুৰ্বৃত্তক শীঘ্ৰেই গ্ৰেপ্তাৰৰ আশ্বাস DGP দিলবাগ সিঙৰ

author img

By

Published : Jan 2, 2023, 8:24 PM IST

জম্মু কাশ্মীৰৰ ৰাজৌৰী জিলাৰ ডাংগ্ৰী গাঁৱত সন্দেহজনক উগ্ৰপন্থীৰ গুলীত ৪ গৰাকী সাধাৰণ লোক নিহত হোৱাৰ বিপৰীতে ৯ গৰাকীকৈ গাঁওবাসী আহত হয়(Terror attack in Jammu Kashmir) ৷ ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে জম্মুৰ DGP দিলবাগ সিঙে ।

Dilbagh Singh assured to arrest the killers soon
হত্যাকাৰীক কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদান কৰাৰ আশ্বাস DGP দিলবাগ সিঙৰ

নেশ্যনেল ডেস্ক, ২ জানুৱাৰী: সন্দেহজনক উগ্ৰপন্থীৰ গুলীত ৪ জনকৈ সাধাৰণ জনতাই প্ৰাণ হেৰুওৱা ঘটনাক লৈ উত্তপ্ত হৈ পৰিছে জম্মু কাশ্মীৰৰ ৰাজৌৰী । স্থানীয় বাসিন্দাসকলে সোমবাৰে জম্মু-কাশ্মীৰৰ ৰাজৌৰীৰ ডাংগ্ৰী গাঁৱত এই ঘটনাৰ ন্যায় বিচাৰি সাব্যস্ত কৰিছিল তীব্ৰ প্ৰতিবাদ । সোমবাৰে ঘটনাস্থলীত উপস্থিত হয় জম্মুৰ DGP দিলবাগ সিং ।

ঘটনা স্থলীত উপস্থিত হৈ সিঙে মিলিত হয় প্ৰাণ হেৰুওৱা লোকসকলৰ পৰিয়ালৰ সৈতে । লগতে প্ৰতিবাদকাৰীসকলক আশ্বাস প্ৰদান কৰে যে যিমান সম্ভৱ ক্ষীপ্ৰতাৰে তদন্ত চলাই গ্ৰেপ্তাৰ কৰা হ'ব হত্যাকাৰীক (DGP Dilbagh Singh assured to arrest the killers soon) । এই ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে DGP দিলবাগ সিঙে । তেওঁ মৃত লোকসকৰ পৰিয়ালক লগ কৰি কৰি কয় যে যিসকলে এই ঘটনা সংঘটিত কৰিলে তেওঁলোকক কেতিয়াও ক্ষমা কৰা নহ'ব । কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদান কৰাৰ আশ্বাস প্ৰদান কৰে সিঙে ।

উল্লেখ্য যে, ইংৰাজী নৱবৰ্ষৰ প্ৰথমটো দিনতেই জম্মু কাশ্মীৰত সংঘটিত হৈছিল ভয়াবহ সংঘৰ্ষ (Terror attack in Jammu Kashmir)৷ পহিলা জানুৱাৰী অৰ্থাৎ দেওবাৰে সন্ধিয়া ৰাজৌৰী জিলাৰ ডাংগ্ৰী গাঁৱত সন্দেহজনক উগ্ৰপন্থীৰ গুলীত ৪ গৰাকী সাধাৰণ লোক নিহত হোৱাৰ উপৰিও ৯ গৰাকী লোক আহত হয় ৷ উগ্ৰপন্থীৰ আক্ৰমণৰ এই ঘটনাৰ লগে লগে গাঁওখনত সৃৃষ্টি হয় এক আতংকময় পৰিৱেশৰ ৷

আক্ৰমণৰ ঘটনাৰ খবৰ লাভ কৰাৰ লগে লগে আৰক্ষীৰ লগতে নিৰাপত্তাৰক্ষীৰ দল গাঁওখনত উপস্থিত হৈ উগ্ৰপন্থীৰ দলটোৰ সন্ধানত গাঁওখনকে ধৰি সমগ্ৰ অঞ্চলটো ঘেৰাও কৰে ৷ ৰাজৌৰীৰ এছ'চিয়েটেড হাস্পতালৰ অধীক্ষক ডাঃ মেহমুদে (Medical Superintendent Dr Mehmood) এই সন্দৰ্ভত কয়, "ৰাজৌৰীৰ ডাংগ্ৰী অঞ্চলত সংঘটিত গুলীচালনাৰ ঘটনাত ৪ গৰাকী স্থানীয় লোক নিহত (4 civilians killed) আৰু 9 গৰাকী আহত হৈছে (9 injured in suspected terror attack)৷ আঘাতপ্ৰাপ্তসকলক ইতিমধ্যে চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰি থকা হৈছে । আহতসকলৰ শৰীৰত একাধিক গুলীৰ আঘাত পোৱা গৈছে ৷"

ইফালে স্থানীয় বাসিন্দাসকলে সোমবাৰে জম্মু-কাশ্মীৰৰ ৰাজৌৰীৰ ডাংগ্ৰী গাঁৱত (Rajouri Dangri village killing) দেওবাৰে নিশা অচিনাক্ত সশস্ত্ৰ লোকে হত্যা কৰা চাৰিজন নাগৰিকৰ পৰিয়ালক ন্যায় প্ৰদানৰ দাবীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে (protest in Dangri village in JK) । ৰাজৌৰীৰ ডাংগ্ৰীৰ মেইন চকত বহুসংখ্যক গাঁওবাসী একত্ৰিত হৈ ন্য়ায় প্ৰদান দাবীত শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে ।

প্ৰতিবাদকাৰীসকলে জিলা প্ৰশাসনে আৱাসীসকলক নিৰাপত্তা দিয়াত ব্যৰ্থ হৈছে বুলি অভিযোগ উত্থাপন কৰি লেফটেনেণ্ট গৱৰ্ণৰ মনোজ সিনহাই (Lieutenant Governor Manoj Sinha) ঘটনাস্থলী পৰিদৰ্শন কৰাৰো দাবী উত্থাপন কৰে (protest for demanding justice to Rajouri killings) ।

লগতে পঢ়ক: Rajouri militant attack: ৰাজৌৰীৰ সন্ত্ৰাসবাদী আক্ৰমণৰ শীঘ্ৰে প্ৰত্যুত্তৰ দিয়া হ'ব; ADGP মুকেশ সিং

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.