নেচনেল ডেস্ক, 8 এপ্ৰিল : দেৱীৰ উপাসনা উৎসৱ চৈতৰ নৱৰাত্ৰি সমগ্ৰ দেশতে উদযাপন কৰা হৈছে । ২ এপ্ৰিলৰ পৰা আৰম্ভ হোৱা এই চৈতৰ নৱৰাত্ৰি উৎসৱ ৯ দিন ধৰি চলিব। এই সময়ছোৱাত, ভক্তসকলে সকলো দেৱী মন্দিৰত ভিৰ কৰিছে । এই সময়ত ছত্তীশগড়ৰ বস্তাৰৰ বাসতাবুন্দিন দেৱীৰো পূজা-অৰ্চনা চলি আছে । পিছে এই ধামৰ সৈতে জড়িত লোকবিশ্বাস কিছু সুকীয়া ।
ইয়াত, ভক্তসকলে তেওঁলোকৰ ইচ্ছা পূৰণৰ বাবে প্ৰসাদৰ ৰূপত দেৱীক নাৰিকল, ফল, মিঠাই দিয়াৰ পৰিৱৰ্তে দেৱীক পিন্ধোৱা হয় ক'লা চশমা (Devotees offer black glasses to Goddess Bastabundin ) । এই পৰম্পৰা বহু যুগ ধৰি চলি আছে । দৰাচলতে, বস্তাৰ জিলাৰ কাংগাৰ ভেলী ৰাষ্ট্ৰীয় উদ্যানৰ কোটামচাৰ গাঁৱত, দেৱী বাস্তাবুন্দিনৰ যাত্ৰা প্ৰতি 3 বছৰৰ ব্যৱধানত হয় আৰু এই সময়ত ভক্তসকলে দেৱীক চশমা পিন্ধাই উদ্যানখন সেউজীয়া হৈ থকাটো কামনা কৰে ।
দৰাচলতে, বস্তাৰৰ ঘন অৰণ্য হৈছে বস্তাৰৰ জনজাতীয় লোকসকলৰ জীৱিকাৰ বাবে প্ৰকৃতিৰ সৰ্বশ্ৰেষ্ঠ উপহাৰ। জনজাতীয় লোকসকলে বিশ্বাস কৰে যে ঈশ্বৰে তেওঁলোকক জংঘলখন আশীৰ্বাদ হিচাপে উপহাৰ দিছে । জনজাতীয় লোকসকলে এই অৰণ্যক নিজৰ জীৱনতকৈয়ো বেছি ভাল পায় । তেওঁলোকে নিজৰ আৰাধ্যা দেৱীৰ পৰা এই আশীৰ্বাদ বিচাৰে যে, তেওঁলোকৰ অৰণ্যখনৰ ওপৰত কাৰো কোপদৃষ্টি নপৰক ।
কেৱল এয়াই নহয়, কাৰো কোপদৃষ্টিৰ নপৰাৰ কামনা কৰি তেওঁলোকে দেৱীক আকৰ্ষণীয় চশমাৰে সজ্জিত কৰে (Jagdalpur kala chashma devi mandir)।শতিকা ধৰি চলি অহা এই পৰম্পৰা এতিয়া যুৱ প্ৰজন্ময়ো আদৰি লৈছে । মন্দিৰৰ পুৰোহিত জিতুৱে কয় যে, এই বছৰো দেৱীৰ অনুগ্ৰহ থাকিব আৰু দেৱীয়ে সেউজীয়া অৰণ্যখন সুৰক্ষিত কৰি ৰাখিব ।
লগতে পঢ়ক : যাত্ৰা: ছাগলী চৰোৱা লোকৰ পৰা আইএএছ বিষয়া হোৱালৈ