ETV Bharat / bharat

Temple stepwell collapsed: ইন্দোৰৰ বালেশ্বৰ মন্দিৰত কুঁৱাত পৰি 13 জনৰ মৃত্যু; 20ত কৈ অধিক সন্ধানহীন

author img

By

Published : Mar 30, 2023, 6:16 PM IST

ইন্দোৰৰ এটা মন্দিৰত 13 গৰাকী লোকৰ মৃত্যু ৷ এটা কুঁৱাৰ ঢাকোন খহি মৃত্যু লোককেইগৰাকীৰ ৷ ৰাম নৱমীৰ পূজা-অৰ্চনাৰ মাজতে সংঘটিত হয় এই ঘটনা ৷ বৰ্তমানেও অব্যাহত আছে উদ্ধাৰ অভিযান (Temple stepwell collapsed in Indore) ৷

Temple stepwell collapsed
ইন্দোৰৰ বালেশ্বৰ মন্দিৰত কুঁৱাত পৰি 13 জনৰ মৃত্যু; 20ত কৈ অধিক সন্ধানহীন

নেশ্যনেল ডেস্ক, 30 মাৰ্চ: মধ্যপ্ৰদেশৰ ইন্দোৰৰ বালেশ্বৰ মন্দিৰত শোকাৱহ ঘটনা ৷ মন্দিৰৰ কুঁৱাৰ ঢাকোন খহি 13 জন লোকৰ মৃত্যু ৷ বৰ্তমানলৈকে 19 জন লোকক উদ্ধাৰ ৷ ঘটনাস্থলীত উদ্ধাৰকাৰী দল আৰু অগ্নি নিৰ্বাপক বাহিনীয়ে অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান (Temple stepwell collapsed in Indore) ৷

তথ্য অনুসৰি ইন্দোৰৰ পেটেল নগৰত অৱস্থিত বালেশ্বৰ মন্দিৰত সংঘটিত হৈছে এই ঘটনা ৷ ৰাম নৱমীৰ পূজা-অৰ্চনা চলি থকাৰ মাজতে এটা কুঁৱাৰ ঢাকোনৰ ওপৰত থিয় হৈ আছিল প্ৰায় 35ৰ পৰা 40 গৰাকী লোক ৷ কিন্তু হঠাৎ ঢাকোন খহি কুঁৱাৰ ভিতৰত সোমাই পৰে আটাইকেইগৰাকী লোক ৷ এই ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে (temple collapse in Indore) ৷

  • Extremely pained by the mishap in Indore. Spoke to CM @ChouhanShivraj Ji and took an update on the situation. The State Government is spearheading rescue and relief work at a quick pace. My prayers with all those affected and their families.

    — Narendra Modi (@narendramodi) March 30, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

উল্লেখ্য যে, বৰ্তমানলৈকে উদ্ধাৰ কৰা 19 জন লোকৰ ভিতৰত 13 জনৰ ইতিমধ্যেই মৃত্যু হোৱা বুলি জানিব পৰা গৈছে ৷ আনহাতে, আহতসকলক প্ৰেৰণ কৰা হৈছে চিকিৎসাৰ বাবে ৷ মধ্যপ্ৰদেশৰ গৃহমন্ত্ৰী নৰোত্তম মিশ্ৰই সমগ্ৰ ঘটনাৰ ক্ষীপ্ৰ তদন্তৰ বাবে নিৰ্দেশনা প্ৰদান কৰিছে ৷ কুঁৱাটোৰ ভিতৰত সোমাই পৰা লোকসকলৰ ভিতৰত আছে শিশু আৰু মহিলা ৷ ইফালে, ঘটনা সংঘটিত হোৱাৰ পাচতেই একাংশ লোকে ৰচীৰ সহায়ত কুঁৱাৰ পৰা বাহিৰলৈ ওলাই আহিবলৈ সক্ষম হয় (stepwell of temple collapsed in Indore) ৷

মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানেও উদ্ধাৰ অভিযান ক্ষীপ্ৰ কৰিবলৈ প্ৰদান কৰিছে নিৰ্দেশনা ৷ ঘটনাস্থলীত উপস্থিত হৈছেগৈ শীৰ্ষ আৰক্ষী বিষয়া আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ শীৰ্ষ বিষয়া ৷ ইফালে, তাৎক্ষণিকভাৱে নিহতসকলৰ পৰিয়াললৈ 5 লাখ টকাৰ সাহায্য ঘোষণা কৰাৰ লগতে আহতসকলৰ পৰিয়াললৈ 50 হাজাৰ টকাৰ এককালীন অৰ্থ সাহায্য ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে (Indore Beleshwar temple incident) ৷

বৰ্তমানেও প্ৰায় বিশগৰাকী লোক কুঁৱাটোৰ ভিতৰত আবদ্ধ হৈ থকা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে ৷ আনহাতে, মৃতকৰ সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে ৷ ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানৰ সৈতে ফোনযোগে বাৰ্তালাপ কৰি শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে (Indore Ram navami incident) ৷

লগতে পঢ়ক: Tragic Incident in Thrissur Kerala : কেৰালাত খুৰাকে বধিলে অসমৰ ছবছৰীয়া শিশুক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.