ETV Bharat / bharat

Delivery agent jumps off 3rd floor : কুকুৰৰ ভয়ত তৃতীয় মহলাৰ পৰা জাঁপ দিলে ডেলিভাৰী এজেণ্টে

author img

By

Published : May 23, 2023, 3:18 PM IST

হায়দৰাবাদৰ পঞ্চৱতী কলনীৰ শ্ৰীনিধি হাইটছ এপাৰ্টমেণ্টত চাঞ্চল্যকৰ ঘটনা (Srinidhi Heights apartment incident)। ডেলিভাৰী এজেণ্টক চোঁচা ল'লে পোহনীয়া কুকুৰে । কুকুৰৰ ভয়ত দৌৰি পলোৱাৰ চেষ্টা কৰোতে তৃতীয় মহলাৰ পৰা তলত পৰে ডেলিভাৰী এজেণ্ট । গুৰুতৰভাৱে আহত এজেণ্ট ।

Delivery agent jumps off 3rd floor
কুকুৰৰ ভয়ত তৃতীয় মহলাৰ পৰা জাঁপ দিলে ডেলিভাৰী এজেণ্টে

নেশ্যনেল ডেস্ক,২৩ মে': হায়দৰাবাদত চাঞ্চল্যকৰ ঘটনা । তৃতীয় মহলাৰ পৰা পৰি গুৰুতৰভাৱে আহত এজন ডেলিভাৰী এজেণ্ট (Delivery agent injured after falling from building)। জানিব পৰা মতে পোহনীয়া কুকুৰৰ পৰা নিজকে ৰক্ষা কৰিবলৈ গৈ তৃতীয় মহলাৰ পৰা তলত পৰে এজেণ্টজন । ততালিকে হাস্পতালত ভৰ্তি কৰা হৈছে যুৱকজনক ।

হায়দৰাবাদৰ পঞ্চৱতী কলনীৰ শ্ৰীনিধি হাইটছ এপাৰ্টমেণ্টত সংঘটিত হৈছে এই ঘটনা (Srinidhi Heights apartment incident)। এজন ডেলিভাৰী এজেণ্টে গ্ৰাহকৰ পোহনীয়া কুকুৰৰ আক্ৰমণৰ পৰা নিজকে বচাবলৈ চেষ্টা কৰোতে পিছলি পৰিছিল । দেওবাৰে আবেলি সংঘটিত এই ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ডেলিভাৰী এজেণ্ট হিচাপে কাম কৰা যুৱকজন । আৰক্ষীয়ে জনোৱা মতে, এখন তুলী দিবলৈ আহিছিল ডেলিভাৰী এজেণ্টজনে । কিন্তু গ্ৰাহকৰ পোহনীয়া কুকুৰে তেওঁ খেদি আহে আৰু তেওঁ আক্ৰমণ পৰা ৰক্ষা পাবলৈ দৌৰে যদিও পিছলি তলত পৰে (Delivery agent jumps off 3rd floor)।

হায়দৰাবাদত এই বছৰটোতে দুটাকৈ অনুৰূপ ঘটনা সংঘটিত হৈছে । আৰক্ষীয়ে জনোৱা মতে ৩০ বছৰীয়া যুৱকজনে যেতিয়া তুলীখন দিবলৈ গৈছিল পোহনীয়া কুকুৰটোৱে গ্ৰাহকৰ দুৱাৰৰ সন্মুখত ভুকিবলৈ আৰম্ভ কৰিছিল । কুকুৰটোক আংশিকভাৱে মুকলি কৰি থোৱা আছিল বুলি জানিব পৰা গৈছে । দুৱাৰখন খোলাৰ লগে লগে কুকুৰটোৱে এজেণ্টজনৰ ফালে চোঁচা লয় । ইলিয়াছ নামৰ এজেণ্টজনে কুকুৰৰ পৰা নিজকে বচাবলৈ দেৱালৰ ওপৰেৰে জঁপিয়ায় ।

গ্ৰাহক আৰু আন আৱাসীসকলে তেওঁক উদ্ধাৰ কৰিবলৈ দৌৰি গৈছিল যদিও ইলিয়াছ অট্টালিকাৰ পৰা পিছলি পৰে । যুৱকজনক লগে লগে ওচৰৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় । ইফালে ৰাইদুৰ্গাম আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ (আইপিচি) ধাৰা ২৮৯ ৰ অধীনত এটা গোচৰ ৰুজু কৰিছে । তেলেংগানা গিগ এণ্ড প্লেটফৰ্ম ৱৰ্কৰ্ছ ইউনিয়নে এক বিজ্ঞপ্তিত কুকুৰৰ গৰাকীক ডেলিভাৰী এজেণ্টজনৰ চিকিৎসাৰ ব্যয় বহন কৰিবলৈ দাবী জনাইছে ।

এই বছৰতে সংঘটিত অনুৰূপ ঘটনাত ২৩ বছৰীয়া ৰিজৱান নামৰ এগৰাকী এজেণ্টৰ মৃত্যু হৈছিল । এটা হিংস্ৰ পোহনীয়া কুকুৰে খেদি যোৱাৰ পাছত এটা অট্টালিকাৰ তৃতীয় মহলাৰ পৰা জঁপিয়াই পৰাৰ ফলত এজেণ্টজনৰ মৃত্যু হৈছিল (Swiggy delivery boy death after jumps of building)। খাদ্য বিতৰণ এপ চুইগিত কাম কৰা মহম্মদ ৰিজৱানে এটা পাৰ্চেল বিতৰণ কৰিবলৈ বানজাৰা হিলছৰ এটা এপাৰ্টমেণ্টলৈ গৈছিল । য'ত সেই ঘটনাটো সংঘটিত হয় ।

লগতে পঢ়ক :CBI questions Wankhede:ড্ৰাগছ গোচৰত অভিযুক্ত আৰিয়ান খান সন্দৰ্ভত ৱাংখেড়েক পাঁচ ঘণ্টা জেৰা চিবিআইৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.