ETV Bharat / bharat

Crime in Delhi: দিল্লী মহিলা আয়োগৰ অধ্যক্ষকেই গাড়ীৰে চোঁচৰাই নিলে দূস্কৃতিকাৰীয়ে - Delhi Women Commission Chairperson

দিল্লী মহিলা আয়োগৰ (DCW) অধ্যক্ষকেই এইমছৰ ওচৰত এখন গাড়ীয়ে ১০-১৫ মিটাৰ চোচোৰাই নিয়াৰ অভিযোগ উত্থাপিত হৈছে । তেওঁ নিশা মহিলাসকলৰ সুৰক্ষাৰ বিষয়টো পৰীক্ষা কৰি থকাৰ সময়তে ঘটনাটো সংঘটিত হয় । ইতিমধ্য়ে অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে ।

Chairperson of DCW victim of harassment
দিল্লী মহিলা আয়োগৰ অধ্যক্ষই উৎপীড়নৰ বলি
author img

By

Published : Jan 19, 2023, 4:53 PM IST

নেশ্য়নেল ডেস্ক, ১৬ জানুৱাৰী: দিল্লীত দিনক দিনে বিভিন্ন অপৰাধমূলক কাৰ্যকলাপ বৃদ্ধি পোৱাৰ সময়তেই পুনৰ সংঘটিত হৈছে এক নাৰী নিৰ্যাতনৰ ঘটনা । কেইদিনমান পূৰ্বে চলন্ত গাড়ীত এগৰাকী মহিলাক যৌন নিৰ্যাতন চলাই তেওঁৰ শিশু সন্তানক গাড়ীৰ পৰা পেলাই হত্য়া কৰা ঘটনাৰ প্ৰতিক্ৰিয়া মাৰ নৌযাওতেই এইবাৰ সংঘটিত হৈছে আন এক নিৰ্যাতনৰ ঘটনা (Chairperson of DCW victim of harassment )। এইবাৰ স্বয়ং দিল্লী মহিলা আয়োগৰ অধ্যক্ষই উৎপীড়নৰ বলি হ'বলগীয়া হৈছে । দিল্লী মহিলা আয়োগৰ অধ্যক্ষগৰাকীয়ে এনে পৰিস্থিতিৰ সন্মুখীন হোৱাৰ পিছত এটা কথাই প্ৰমাণ হৈছে যে দিল্লীত এতিয়া কোনো মহিলাই সুৰক্ষিত নহয় ।

এই ঘটনাটো বুধবাৰে নিশা এইমছৰ ওচৰত সংঘটিত হৈছে । দিল্লী মহিলা আয়োগৰ অধ্যক্ষ স্বাতী মালিৱালক উৎপীড়ন চলোৱা ঘটনা সন্দৰ্ভত ইতিমধ্য়ে আৰক্ষীয়ে অভিযুক্তক গ্ৰেপ্তাৰ কৰি তদন্ত চলাইছে (Delhi Women Commission Chairperson ) । দিল্লী মহিলা আয়োগৰ অধ্যক্ষগৰাকীয়ে টুইট কৰি কয় যে তেওঁ বুধবাৰে নিশা মহিলাসকলৰ সুৰক্ষাৰ বিষয়ে জানিবলৈ পৰীক্ষা কৰি থকাৰ সময়তে এই ঘটনাটো সংঘটিত হয় । তেওঁ টুইটত কয়,"যোৱা নিশা মই দিল্লীত মহিলাৰ সুৰক্ষা পৰিস্থিতি পৰীক্ষা কৰি আছিলো । এজন চালকে মোক নিচাগ্ৰস্ত অৱস্থাত উৎপীড়ন চলায় । যেতিয়া মই তেওঁক ধৰিবলৈ চেষ্টা কৰিছিলো তেতিয়া চালকজনে তেওঁৰ গাড়ীৰ আইনাত মোৰ হাত বন্ধ কৰি মোক চোচোৰাই নিয়ে । অৱশ্য়ে ঈশ্বৰে মোৰ জীৱন ৰক্ষা কৰে (Delhi Women Ccommission Chairperson molested)। "

আৰক্ষী উপায়ুক্ত (দক্ষিণ দিল্লী) চন্দন চৌধুৰীয়ে এই সন্দৰ্ভত কয়," আজি পুৱা ৩.১১ বজাত পিচিআৰ কলৰ জৰিয়তে দিল্লী আৰক্ষীয়ে তথ্য লাভ কৰে যে এখন গাড়ীয়ে এইমছ বাছ ষ্টপৰ পিছফালে থকা এগৰাকী মহিলাক অশালীন ইংগিত দি তেওঁক গাড়ীৰে টানি নিয়ে । তথ্য পোৱাৰ লগে লগে দিল্লী আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ ভুক্তভোগীৰ পৰা ঘটনাটোৰ বিষয়ে জানিব পাৰে ।"

আৰক্ষী উপায়ুক্ত (দক্ষিণ দিল্লী) চন্দন চৌধুৰীয়ে কয় যে কোটলা মুবাৰকপুৰ আৰক্ষী থানা আৰু হাউজ খাছ থানাৰ আৰক্ষীয়ে পুৱা ৩:৩৪ বজাত গাড়ী চালকজনক কৰায়ত্ত কৰিবলৈ সক্ষম হয় । মহিলাগৰাকীৰ অভিযোগৰ ভিত্তিত ইতিমধ্য়ে এটা গোচৰ ৰুজু কৰা হৈছে । গ্ৰেপ্তাৰ কৰা গাড়ী চালকজনক দিল্লীৰ সংগম বিহাৰৰ বাসিন্দা লেফটেনেণ্ট দুৰ্জন সিঙৰ পুত্ৰ হৰিশ চন্দ্ৰ (৪৭) বুলি চিনাক্ত কৰা হৈছে । ইপিনে,অভিযুক্ত আৰু ভুক্তভোগীৰ চিকিৎসা পৰীক্ষা কৰা হৈছে ।

লগতে পঢ়ক:Delhi police arrested terrorist : পাকিস্তানলৈ যোৱা পৰিকল্পনা বিফল, দিল্লী আৰক্ষীৰ জালত সন্দেহজনক সন্ত্ৰাসবাদী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.