ETV Bharat / bharat

দিল্লী আনলক: সোমবাৰৰ পৰা খোলা থাকিব পাৰ্ক আৰু বাৰ - ক'ভিড সংক্ৰমণ

ৰাজধানী দিল্লীত বাৰ আৰু পাৰ্ক খোলাৰ অনুমতি দিল্লী চৰকাৰৰ ৷ 50 শতাংশ আসন ক্ষমতাৰে খোলা থাকিব পাৰিব ৰেষ্টুৰেন্ট আৰু বাৰসমূহ ৷ পুৱা দহ বজাৰ পৰা নিশা 8 বজালৈ সকলো বজাৰ, বজাৰ কমপ্লেক্স আৰু মল খোলাৰ বাবেও অনুমতি প্ৰদান ৷

Delhi unlock: Bars, parks allowed to open from Monday
দিল্লী আনলক: সোমবাৰৰ পৰা খোলা থাকিব পাৰ্ক আৰু সুৰাৰ বিপনী
author img

By

Published : Jun 21, 2021, 12:27 PM IST

নেশ্যনেল ডেস্ক, 21জুন: ক'ভিড-19ৰ নিষেধাজ্ঞাৰ ক্ষেত্ৰত আৰু অধিক শিথিলতা প্ৰদান কৰি অৱশেষত বাৰ আৰু ৰাজহুৱা উদ্যান খোলাৰ অনুমতি দিলে দিল্লী চৰকাৰে ৷ সেই অনুসৰি, সোমবাৰৰ পৰা ৰাষ্ট্ৰৰ ৰাজধানী দিল্লীত বাৰসমূহৰ লগতে ৰাজহুৱা উদ্যান, বাগিচা আৰু গ'ল্ফ ক্লাৱসমূহ খোলা থাকিব ৷ অৱশ্যে এইক্ষেত্ৰত কিছুমান বিশেষ চৰ্ত বান্ধি দিয়া হৈছে ৷ দিল্লীৰ দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই জাৰি কৰা এক নিৰ্দেশনা অনুসৰি, 28 জুনৰ পুৱা 5 বজালৈ 50 শতাংশ আসন ক্ষমতাৰে ৰেষ্টুৰেন্ট আৰু বাৰসমূহক ক্ৰমান্বয়ে এক সপ্তাহৰ বাবে পুৱা 8 বজাৰ পৰা নিশা 10 বজালৈ আৰু পাচৰটো সপ্তাহত 12 বজাৰ পৰা নিশা 10 বজালৈ খোলা ৰখাৰ অনুমতি প্ৰদান কৰা হৈছে ৷

বিবৃতিটোত উল্লেখ থকা অনুসৰি, সকলো বজাৰ, বজাৰ কমপ্লেক্স আৰু শ্বপিঙ মল পুৱা 10 বজাৰ পৰা সন্ধিয়া 8 বজালৈ খোলাৰ প্ৰদান কৰা হৈছে ৷ সকলো চৰকাৰী কাৰ্যালয় 100 শতাংশ ক্ষমতাৰে গ্ৰেড-1 বা সমতুল্য আৰু তাৰো ওপৰৰ বিষয়াসকলৰ সৈতে কাম আৰম্ভ কৰিব ৷ বাকী কৰ্মচাৰীসকল বিভাগৰ মুৰব্বীয়ে মূল্যাংকন কৰা প্ৰয়োজনীয়তা অনুসৰি 50 শতাংশ উপস্থিত থাকিব ৷ ইফালে সকলো ধৰণৰ ব্যক্তিগত কাৰ্যালয়ক পুৱা 9 বজাৰ পৰা সন্ধিয়া পাঁচ বজালৈ 50 শতাংশ কৰ্মচাৰীৰে কাম কৰাৰ অনুমতি প্ৰদান কৰা হৈছে ৷

এইসমূহ শিথিলতা 28 জুনৰ পুৱা পাঁচ বজালৈ বলবৎ থাকিব ৷ ইয়াৰ পূৰ্বে 13 জুনত দিল্লী চৰকাৰে সকলো বজাৰ আৰু মলত দোকানসমূহ একেলগে খোলাৰ অনুমতি দিয়াৰ লগতে লকডাউনৰ সীমাবদ্ধতাসমূহ হ্ৰাস কৰাৰ কথা ঘোষণা কৰিছিল ৷

উল্লেখ্য যে, সকলো অকলশৰীয়া দোকান আৰু আৱাসিক এলেকাসমূহত থকা দোকানসমূহক অত্যাৱশ্যকীয় বা অনাৱশ্যকীয় সামগ্ৰী আৰু সেৱাৰ কোনো ধৰণৰ পাৰ্থক্য অবিহনে প্ৰত্যেক দিনে খোলা ৰখাৰ অনুমতি দিয়া হৈছে ৷ এপ্ৰিলৰ 19 তাৰিখে ৰাজধানী দিল্লীত লকডাউন ঘোষণা কৰা হৈছিল ৷ ইয়াৰ পাচত ক'ভিড সংক্ৰমণৰ হাৰ ক্ৰমান্বয়ে হ্ৰাস পোৱাৰ প্ৰতি লক্ষ্য ৰাখি 31 মে'ৰ পৰা পৰ্যায়ক্ৰমে বিভিন্ন কাৰ্যকলাপৰ ক্ষেত্ৰত শিথিলতা ঘোষণা কৰা হৈছে ৷

লগতে পঢ়ক: গণতন্ত্ৰ দিৱসৰ হিংসাত্মক ঘটনাৰ অভিযোগনামাৰ শুনানি দিল্লী ন্যায়ালয়ৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.