ETV Bharat / bharat

দিল্লী বিশ্ববিদ্যালয়ৰ নামভৰ্তিৰ আবেদনৰ অন্তিম তাৰিখ 30 জুনলৈ বৃদ্ধি

author img

By

Published : Jun 18, 2022, 9:35 PM IST

দিল্লী বিশ্ববিদ্যালয়ৰ PG নামভৰ্তি 2022-ৰ বাবে আবেদনৰ অন্তিম তাৰিখ 30 জুনলৈ বৃদ্ধি । অফিচিয়েল ৱেবছাইট-www.pgadmission.uod.ac.in ত কৰিব পাৰিব আবেদন । প্ৰৱেশ পৰীক্ষাৰ আধাৰত নামভৰ্তিৰ সুযোগ ।

delhi
DUৰ নামভৰ্তিৰআবেদন কৰাৰ অন্তিম তাৰিখ 30 জুনলৈ বৃদ্ধি

নেচনেল ডেস্ক,18 জুন: দেশৰ আগশাৰীৰ শিক্ষানুষ্ঠানসমূহৰ অন্য়তম হ'ল দিল্লী বিশ্ববিদ্যালয় । এইখন বিশ্ববিদ্যালয়ত অধ্য়য়নৰ বাবে সকলো ছাত্ৰ-ছাত্ৰীৰে থাকে এক সপোন । এইবাৰো এনে সপোন বাস্তৱত ৰূপায়িত কৰিবলৈ লাভ কৰিব সুযোগ । যিসকল ছাত্ৰ-ছাত্ৰীয়ে ইতিমধ্য়ে আবেদন কৰা নাছিল তেওঁলোকে লাভ কৰিছে আনএক সুযোগ । দিল্লী বিশ্ববিদ্যালয়ে (DU) ২০২২-২৩ শিক্ষাবৰ্ষৰ বাবে স্নাতকোত্তৰ পাঠ্যক্ৰমত নামভৰ্তিৰ কাৰণে পঞ্জীয়নৰ সময়সীমা বৃদ্ধি কৰিছে (DU application date extended to June 30)। বিশ্ববিদ্যালয়ৰ শেহতীয়া অধিসূচনা অনুসৰি, PG নামভৰ্তি 2022-ৰ বাবে আবেদন কৰাৰ অন্তিম তাৰিখ 30 জুনলৈ বৃদ্ধি কৰা হৈছে ।

এইবাৰ পাঠ্যক্ৰমত আবেদন কৰাৰ প্ৰক্ৰিয়াটো সম্পূৰ্ণৰূপে অনলাইন হ’ব বুলি বিশ্ববিদ্যালয়ৰ শেহতীয়া অধিসূচনাত উল্লেখ কৰা হৈছে । ইপিনে,স্নাতকোত্তৰ পাঠ্যক্ৰমত আবেদন কৰাৰ প্ৰক্ৰিয়া ১৫ মে'ৰ পৰা আৰম্ভ হৈছে বুলি বিশ্ববিদ্যালয়ৰ সংশ্লিষ্ট বিভাগে জানিবলৈ দিয়ে ।

প্ৰাৰ্থীসকলে দিল্লী বিশ্ববিদ্যালয়ত PG পাঠ্যক্ৰমৰ বাবে অফিচিয়েল ৱেবছাইট www.pgadmission.uod.ac.in ৰ জৰিয়তে আবেদন কৰিব পাৰিব । স্নাতকোত্তৰ পাঠ্যক্ৰমত সাধাৰণ শ্ৰেণী, অ'বিচি আৰু ই.ডব্লিউ.এছ শিক্ষাৰ্থীৰ বাবে আবেদন মাচুল 750 টকা নিৰ্ধাৰণ কৰা হৈছে । আনহাতে,অনুসূচীত জাতি (SC) আৰু অনুসূচীত জনজাতি (ST)ৰ লগতে Benchmark Disability (PwBD)সকলে স্নাতকোত্তৰ পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে মাত্ৰ 300 টকা পৰিশোধ কৰিব লাগিব ।

উল্লেখ্য় যে দেশৰ আগশাৰীৰ শিক্ষানুষ্ঠানখনত শিক্ষাৰ্থীসকলে প্ৰৱেশ পৰীক্ষাৰ আধাৰত নামভৰ্তি কৰাৰ সুযোগ লাভ কৰিব পাৰিব ।

লগতে পঢ়ক:দিল্লীত বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী: বিভিন্ন প্ৰান্তত ধাৰাষাৰ বৰষুণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.