ETV Bharat / bharat

কৰ'ণাৰ দ্বিতীয় ঢৌৰ গ্ৰাসত দিল্লী

author img

By

Published : Apr 19, 2021, 1:21 PM IST

ক'ভিড ৰোগীৰ বাবে ঠাইৰ অভাৱ হোৱাও দেখা গৈছে বহু হাস্পতালত ৷ সম্প্ৰতি ৰাজধানী দিল্লীত ক'ভিড ৰোগীৰ বাবে হাস্পতালত পৰ্যাপ্ত পৰিমাণৰ বিচনাৰ অভাৱ হোৱা পৰিলক্ষিত হৈছে । অধিকাংশ চৰকাৰী হাস্পতালত পাঁচ হাজাৰতকৈও কম বিচনা খালী আছে ।

কৰ'ণাৰ দ্বিতীয় ঢৌৰ গ্ৰাসত দিল্লী
কৰ'ণাৰ দ্বিতীয় ঢৌৰ গ্ৰাসত দিল্লী

নেশ্যনেল ডেস্ক, ১৯ এপ্ৰিল : সমগ্ৰ দেশতে পুনৰ সংহাৰী ধাৰণ কৰিছে মহামাৰী ক'ৰণাই ৷ দেশৰ কেইবাখনো ৰাজ্যৰ লগতে ৰাজধানী দিল্লীতো ক্ৰমাৎ ভয়ংকৰ ৰূপ ধাৰণ কৰিছে মহামাৰী ক'ৰণাই ৷ বিগত বৰ্ষত চীনৰ বুহান চহৰত উদ্ভৱ হোৱা এই অতিমাৰীয়ে বিশ্বজুৰি আতংক বৰ্তমানেও অব্যাহত ৰাখিছে । বিগত বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ পৰা অতিমাৰী ক'ভিড-১৯ ৰ গ্ৰাসত পৰিছে ভাৰত । শেহতীয়াকৈ পুনৰ কালৰূপ ধাৰণ কৰিছে অতিমাৰী ক'ৰণাই ৷ ক'ৰণাক প্ৰতিহত কৰিবলৈ যোৱা নৱেম্বৰ মাহত ভাৰতে প্ৰতিষেধক প্ৰস্তুত কৰি উলিয়াইছিল । তৎস্বত্বেও মহামাৰীৰ কবলৰ পৰা ৰক্ষা পোৱা নাই দেশবাসী ।

চলিত বৰ্ষৰ এপ্ৰিল মাহত বিশেষকৈ দিল্লীত ক'ৰণাই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । যাৰফলস্বৰূপে অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন চৰকাৰখনৰ সাপ্তাহিক কাৰ্ফিউ জাৰি কৰাৰ বাহিৰে অন্য কোনো বিকল্প নাছিল । দিল্লী চৰকাৰে সাপ্তাহিক কাৰ্ফিউ জাৰি কৰাৰ প্ৰথম দিনটোত দিল্লীৰ বিভিন্ন অঞ্চলত আৰক্ষীৰ লোকসকলে তেওঁলোকৰ কৰ্তব্য নিষ্ঠাৰে পালন কৰা দেখা গৈছে । কিন্তু এতিয়াও একাংশ লোকে সাৱধানতা অৱলম্বন কৰা পৰিলক্ষিত হোৱা নাই । সকলোকে ক'ভিড প্ৰটকল মানি চলি সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে । যদিহে পৰিস্থিতি একেই থাকে তেন্তে পৰৱৰ্তী কেইদিনমানলৈ ইয়াৰ সংক্ৰমণ বৃদ্ধিৰ আশংকা কৰা হৈছে । যাৰফলত বন্ধ হৈ পৰিব সমগ্ৰ দিল্লী । মুখ্যমন্ত্ৰী কেজৰিৱালে এক সংবাদমেলত ইয়াৰ সূক্ষ্ম ইংগিত বহন কৰে ।

কৰ'ণাৰ দ্বিতীয় ঢৌৰ গ্ৰাসত দিল্লী
কৰ'ণাৰ দ্বিতীয় ঢৌৰ গ্ৰাসত দিল্লী

ইফালে, ক'ভিড ৰোগীৰ বাবে ঠাইৰ অভাৱ হোৱাও দেখা গৈছে বহু হাস্পতালত ৷ সম্প্ৰতি ৰাজধানী দিল্লীত ক'ভিড ৰোগীৰ বাবে হাস্পতালত পৰ্যাপ্ত পৰিমাণৰ বিচনাৰ অভাৱ হোৱা পৰিলক্ষিত হৈছে । অধিকাংশ চৰকাৰী হাস্পতালত পাঁচ হাজাৰতকৈও কম বিচনা খালী আছে । মন কৰিবলগীয়া যে, বিগত কেইদিনে দিল্লীত প্ৰতিদিনে ১৫,০০০ জন লোক ক'ৰণাত আক্ৰান্ত হৈ আছে । ইফালে, প্ৰতিদিনে দিল্লীত ১০০ ৰ পৰা ১৫০ জন লোকে ক'ৰণাত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱাইছে । সম্প্ৰতি পৰিস্থিতি এনে পৰ্যায় পাইছেগৈ যে বেংকুৱেট হল, ক্ৰীড়া কমপ্লেক্স আৰু বিদ্যালয়সমূহত ৮৭৫ খন বিচনা স্থাপন কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিবলগীয়া হৈছে দিল্লী চৰকাৰে । ৰাধা স্বামী সৎসংগ কমপ্লেক্সত ২,৫০০ খন বিচনা স্থাপন কৰাৰ প্ৰচেষ্টা অব্যাহত আছে বুলি সংবাদমেলত মুখ্যমন্ত্ৰী কেজৰিৱালে কয় । আগন্তুক দুদিনৰ পৰা চাৰি দিনৰ ভিতৰত দিল্লী চৰকাৰে প্ৰায় ৬,০০০ তকৈ অধিক বিচনা স্থাপন কৰিব বুলি আশা কৰা হৈছে । এই সকলোবোৰ বিচনা চিকিৎসালয়সমূহৰ চিকিৎসক আৰু পেৰামেডিকেল কৰ্মচাৰীৰ দ্বাৰা নিৰীক্ষণ কৰা হ'ব ।

লক্ষ্যণীয় বিষয় যে, বিগত বৰ্ষৰ নৱেম্বৰত কেন্দ্ৰ চৰকাৰে দিল্লীত ৪১০০ খন বিচনা দিছিল কিন্তু এইবাৰ ক'ৰণাৰ ভয়ংকৰ ৰূপ অধিক দ্ৰুতগতিত বৃদ্ধি পাইছে যদিও দিল্লী চৰকাৰক মাত্ৰ ১৮০০ খন বিচনা উপলব্ধ কৰি দিছে । কেন্দ্ৰৰ পৰা দিল্লী চৰকাৰে অতি কমেও ৫,০০০ খন বিচনা বিচাৰিছে ।

ক্ৰমাৎ ভয়ংকৰ ৰূপ ধাৰণ কৰিছে মহামাৰী পৰিস্থিতিয়ে ৷ তাৰ ভিতৰত গুজৰাট, মহাৰাষ্ট্ৰ, দিল্লী, মধ্যপ্ৰদেশ শীৰ্ষত আছে । আনহাতে, কৰ'ণা ভাইৰাছৰ ঘটনা বৃদ্ধি হোৱাৰ লগে লগে সষ্টম হৈছে দেশৰ প্ৰতিখন ৰাজ্য । কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে একাংশ ৰাজ্যৰ স্বাস্থ্য বিভাগ তথা প্ৰশাসনে । ইফালে কোনো ঠাইত সান্ধ্য আইন জাৰি কৰা হৈছে । ইয়াৰ ফলত চৰম প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে একাংশ শ্ৰমিক । দিল্লীৰ একাংশ শ্ৰমিকে লক ডাউনৰ আশংকাত ইতিমধ্যে ঘৰমুৱা হৈছে । লক ডাউনৰ বাবে চৰম প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা শ্ৰমিকসকলে ভয়ত কপিছে পুনৰ লক ডাউন সৃষ্ট পৰিৱেশৰ আশংকাত । মুঠতে কৰ'ণাৰ দ্বিতীয় ঢৌৱে বিভিন্ন ক্ষেত্ৰত প্ৰভাৱ পেলোৱাৰ লগতে বিশেষকৈ শ্ৰমিকসকলৰ জীৱনত যথেষ্ট প্ৰভাৱ পেলাবলৈ আৰম্ভ কৰিছে ।

লগতে পঢ়ক: ৰেমডেচিবিৰ ক'লা বেহাৰ অভিযোগত ইন্দোৰত গ্ৰেপ্তাৰ ৩ জনক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.