ETV Bharat / bharat

১৪ বছৰত নৱেম্বৰ মাহৰ আজিৰ পুৱা আটাইতকৈ বেছি ঠাণ্ডা অনুভূত হ'ল দিল্লীত

author img

By

Published : Nov 20, 2020, 2:25 PM IST

ৰাজধানী দিল্লীত প্ৰচণ্ড শীত। বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি, দিল্লীত শুক্ৰবাৰে পুৱা নূন্যতম তাপমাত্ৰা ৭.৫ ডিগ্ৰী চেলছিয়াছ । বিগত ১৪ বছৰৰ ভিতৰত নৱেম্বৰ মাহত তাপমাত্ৰা আজিৰ দিনটোতে আটাইতকৈ বেছি নিম্মগামী হৈছে । যোৱা বছৰ তাপমাত্ৰা আছিল ১১.৫ ডিগ্ৰী চেলছিয়াছ আৰু ২০১৮ চনত ১০.৫ ডিগ্ৰী চেলছিয়াছ তাপমাত্ৰা আছিল ।

দিল্লীত প্ৰচণ্ড শীত
দিল্লীত প্ৰচণ্ড শীত

নেশ্যনেল ডেস্ক, ২০ নৱেম্বৰ: ঠেৰেঙা লগা জাৰে কঁপাইছে দিল্লী। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰা তথ্য মতে, শুক্ৰবাৰে ৰাষ্ট্ৰীয় ৰাজধানীৰ তাপমাত্ৰা ৭.৫ ডিগ্ৰী চেলছিয়াছ। ব্যক্তিগত পূৰ্বানুমান এজেঞ্চি, স্কাইমেট ৱেদাৰৰ বিশেষজ্ঞ মহেশ পালাৱটে প্ৰকাশ কৰিছে যে, নূন্যতম তাপমাত্ৰা ১০ ডিগ্ৰী চেলছিয়াছত কৈ কম হোৱাৰ বাবে দিল্লীত শীতৰ প্ৰকোপ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে । সমতল ভূমিৰ বাবে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে নূন্যতম ১০ ডিগ্ৰী চেলছিয়াছ তাপমাত্ৰা ঘোষণা কৰিছে। বিগত ১৪ বছৰৰ ভিতৰত নৱেম্বৰ মাহত আটাইতকৈ বেছি ঠাণ্ডা পৰিছে আৰু তাপমাত্ৰা ৭.৪ ডিগ্ৰী চেলছিয়াছ হৈছেগৈ ।

২০১৯ চনত দিল্লীৰ নূন্যতম তাপমাত্ৰা আছিল ১১.৫ ডিগ্ৰী চেলছিয়াছ আৰু ২০১৮ চনত ১০.৫ ডিগ্ৰী চেলছিয়াছ। নৱেম্বৰ মাহত তাপমাত্ৰা আটাইতকৈ বেছি নিম্নগামী হৈছিল ১৯৩৮ চনৰ ২৮ নৱেম্বৰত । বিশেষজ্ঞ মহেশ পালাৱটে কয় যে, হিমালয়ৰ পশ্চিম দিশৰ পৰা বলি থকা বতাহৰ বাবে শীতৰ প্ৰকোপ বাঢ়িছে আৰু শনিবাৰ পৰ্যন্ত এই পৰিস্থিতি অব্যাহত থাকিব। লগতে কয় যে, চলিত মাহৰ ১৬ নৱেম্বৰলৈকে নূন্যতম তাপমাত্ৰা সামান্যৰ পৰা ২-৩ ডিগ্ৰী চেলছিয়াছতকৈ কম আছিল। বৃহস্পতিবাৰে দিল্লীৰ তাপমাত্ৰা ৯.৪ ডিগ্ৰী চেলছিয়াছ পঞ্জীয়ন কৰা হৈছিল ।

লগতে পঢ়ক:দেশত ক'ভিড আক্ৰান্তৰ সংখ্যাই অতিক্ৰম কৰিলে 90 লাখৰ ঘৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.