ETV Bharat / bharat

চাইল্ড পৰ্ণ বিক্ৰীৰ অপৰাধত দিল্লীত 5 জনক গ্ৰেপ্তাৰ - মাচুম অভিযান

দিল্লী আৰক্ষীৰ বিশেষ শাখাই ‘মাচুম’ অভিযানৰ অধীনত পৰ্ণ’গ্ৰাফী ভিডিঅ’ বিতৰণ আৰু বিক্ৰীৰ সৈতে জড়িত অসাধু লোকক আটক কৰাৰ বাবে যুটীয়া কমিটি গঠন কৰিছে ৷ এই অভিযানৰ অধীনতে পাঁচজনকৈ লোকক চাইল্ড পৰ্ণ’গ্ৰাফী চোৱা আৰু সমাজিক মাধ্যমত শ্বেয়াৰ কৰাৰ অপৰাধত আটক কৰিছে দিল্লী আৰক্ষীয়ে ৷

Delhi: Pizza delivery boy, student, IT professionals, Taxi drivers arrested for selling online porn content
চাইল্ড পৰ্ণ বিক্ৰীৰ অপৰাধত দিল্লীত 5 জনলৈ লোকক গ্ৰেপ্তাৰ
author img

By

Published : Jan 5, 2021, 9:46 AM IST

Updated : Jan 5, 2021, 10:30 AM IST

নেশ্যনেল ডেস্ক,5 জানুৱাৰী: চাইল্ড পৰ্ণ’গ্ৰাফী ভিডিঅ’ চোৱা আৰু সমাজিক মাধ্যমত শ্বেয়াৰ কৰাৰ অপৰাধত দিল্লী আৰক্ষীয়ে এজন পিজ্জা ডিলিভাৰী বয়, বাণিজ্যৰ স্নাতক ছাত্ৰ আৰু আই টি কৰ্মীকে ধৰি পাঁচজনকৈ লোকক আটক কৰিছে ৷ আটকাধীন লোককেইজন হ’ল- উমৰ আলম, সন্তোষ কুমাৰ, ৰামবাবু কুমাৰ, দেবেন্দ্ৰ আৰু আব্দুল ৰহমান ৷ অভিযুক্ত আটাইকেইগৰাকীয়ে চাইল্ড পৰ্ণ’গ্ৰাফী ভিডিঅ’ ডাউনলোড কৰি ৱেব আৰু সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছিল ৷

আৰক্ষী উপ-আয়ুক্ত অন্বেষ ৰয়ে জনায় যে, দিল্লী আৰক্ষীৰ বিশেষ শাখাই ‘মাচুম’ অভিযানৰ অধীনত পৰ্ণ’গ্ৰাফী ভিডিঅ’ বিতৰণ আৰু বিক্ৰীৰ সৈতে জড়িত লোকসকলক আটক কৰাৰ বাবে যুটীয়া কমিটি গঠন কৰিছে ৷ পৰৱৰ্তী সময়ত আটকাধীন যুৱককেইজনে বিভিন্ন পৰ্ণ’গ্ৰাফী ভিডিঅ’ সামাজিক মাধ্যম আৰু দিল্লীৰ আই টি কৰ্মীৰ দ্বাৰা লাভ কৰা বুলি জানিবলৈ দিয়ে ৷

উল্লেখ্য যে, 'Online Child Sexual Abuse and Exploitation Prevention/ Investigation (OCSAE)' নামৰ এটি বিশেষ শাখা অন্তৰ্ভূক্ত কৰা হৈছে চিবিআইত ৷ এই শাখাটোৱে অনলাইন শিশুৰ যৌন নিৰ্যাতন আৰু শোষণ সম্পৰ্কীয় বিষয়সমূহত নজৰ দিয়ে ৷

এই ক্ষেত্ৰত বিভিন্ন ধৰণৰ তথ্যৰ সন্ধান লাভ কৰাৰ বাহিৰেও এই শাখাই শিশুৰ অনলাইন যৌন নিৰ্যাতন আৰু শোষণ সন্দৰ্ভত অনুসন্ধান অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক-শ্বাহী ঈদগাহ মছজিদ স্থানান্তৰকৰণ গোচৰৰ শুনানিৰ দিন 15 জানুৱাৰীত ধাৰ্য

Last Updated : Jan 5, 2021, 10:30 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.