ETV Bharat / bharat

দীপাৱলীৰ পাছত আৰু অধিক প্ৰদূষিত হৈছে দিল্লীৰ বায়ুমণ্ডল

দিল্লীৰ বায়ুমণ্ডলৰ পৰিস্থিতি অতি বেয়াৰ দিশে আগবাঢ়িছে । দীপাৱলীৰ পাছতে পূৰ্বৰ তুলনাত আৰু বেছি প্ৰদূষিত হ'বলৈ আৰম্ভ কৰিছে দিল্লীৰ বায়ুমণ্ডল । অহা ৭ নৱেম্বৰৰ সন্ধিয়াৰ পৰাহে সকাহ পোৱাৰ সম্ভাৱনা আছে ।

author img

By

Published : Nov 5, 2021, 11:58 AM IST

NCR air quality
দীপাৱলীৰ পাছত আৰু অধিক প্ৰদূষিত হৈছে দিল্লীৰ বায়ুমণ্ডল

নেশ্যনেল ডেস্ক, ৫ নৱেম্বৰ : অধিক প্ৰদূষিত হৈছে দেশৰ ৰাজধানী চহৰ দিল্লীৰ বায়ুমণ্ডল । শুকুৰবাৰে পুৱা বায়ুৰ গুণগত মানদণ্ড 'গুৰুতৰ' শ্ৰেণীত প্ৰৱেশ কৰিছে । SAFAR (System of Air Quality and Weather Forecasting And Research)ৰ মতে দীপাৱলীৰ পাছতে নয়দাৰ বায়ুমণ্ডলৰ মানদণ্ড সূচক (AQI) 'গুৰুতৰ' শ্ৰেণীত প্ৰৱেশ কৰিছে আৰু প্ৰদূষণ মিটাৰ PM-১০ৰ ঘনত্ব হৈছে ৪৪৮ । ইফালে পুৱা মথুৰা ৰোডত PM-১০ৰ ঘনত্ব আছিল ৪৩০ ।

যিহেতু ডাঠ কুৱলীয়ে দিল্লীক আৱৰি ধৰিছে, অঞ্চলটোৰ বহু লোকে ডিঙিৰ খজুৱতি আৰু চকুৰ পানী ওলাই থকা আদি সমস্যাত ভূগিছে । ইফালে গুৰুগ্ৰামত এই পৰিমাণ ৩৮৯ আছিল আৰু AQI 'অতি বেয়া' বুলি কোৱা হৈছে । SAFAR (System of Air Quality and Weather Forecasting And Research )ৰ মতে অহা দেওবাৰৰ সন্ধিয়ালৈকে বায়ুৰ মানদণ্ড উন্নত নহ'ব । SAFARএ আশংকা কৰা মতে নিশাৰ ভিতৰত AQI 'অতি বেয়া'ৰ পৰা 'গুৰুতৰ'লৈ যাব পাৰে ।

লগতে কোৱা হৈছে যে যদি যোৱা বছৰৰ তুলনাত ৫০ শতাংশও আতচবাজী জ্বলোৱা হয় তেন্তে PM-২.৫ মাজনিশাৰ ভিতৰত 'গুৰুতৰ' শ্ৰেণীত প্ৰৱেশ কৰিব আৰু পুৱালৈ ই দ্ৰুতগতিত বৃদ্ধি পাব আৰু AQI আনকি ৫০০ অতিক্ৰম কৰিব । দিল্লীত বতাহৰ গতিবেগ কম লগতে ২৫ শতাংশ জুই জ্বলোৱাৰ বাবে প্ৰদূষণ বৃদ্ধি হৈছে বুলি ধাৰণা কৰা হৈছে । কেৱল ৭ নৱেম্বৰৰ সন্ধিয়াৰ পৰাহে সকাহ পোৱাৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক :দিল্লীত বায়ুৰ গুণগত মানদণ্ডৰ উদ্বেগজনক অৱনতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.